কি কথা! আৰু মাত্ৰ ২০ বছৰ পাছত নিশাৰ আকাশত দেখা নাযাব হেনো তৰা; কি কয় বিজ্ঞানীয়ে?

নিশাৰ আকাশ মানেই ৰহস্য আৰু ৰোমাঞ্চৰ উৎস। সেই তাহানিৰ পৰাই মানুহে নিশাৰ আকাশখনক লৈয়েই কল্পনাৰ জগত এখন সৃষ্টি কৰি আহিছে। কেৱল কল্পনাই নহয়, আকাশৰ তৰা বা তৰাবোৰে নাৱিকসকলক পথ প্ৰদৰ্শনো কৰিছিল। কিন্তু আৰু মাত্ৰ ২০ বছৰৰ পাছত নিশাৰ আকাশৰ পৰা সকলো তৰা-নক্ষত্ৰ অন্তৰ্ধান হৈ যাব। নিশাৰ আকাশত আৰু একোৱে দেখা নাযাব।

পিচে,কাহিনী নহয়, বিজ্ঞানীসকলে এনে আশংকাৰ কথা কৈছে। নিশাৰ আকাশখন প্ৰদূষণেৰে আৱৰি ধৰিব আৰু তৰাবোৰ দেখাৰ ক্ষমতাই নিঃশেষ হৈ যাব। তৰাবোৰ প্ৰদূষণৰ সিপাৰত থাকিব আৰু আমি ইয়াত থাকিম। যাৰ অৰ্থ হ’ল ভৱিষ্যত প্ৰজন্মই আৰু তৰাৰ পৰা খহি পৰা উল্কাপিণ্ড দেখাৰ দৰে আনন্দ নাপাব।

লগতে পঢ়ক: পুটিনৰ সৈতে বৈঠকৰ সময়তে বিষক্ৰিয়া? সংকটজনক অৱস্থাত হাস্পাতালত বেলাৰুছৰ ৰাষ্ট্ৰপতি

এগৰাকী ব্ৰিটিছ জ্যোতিৰ্বিজ্ঞানীয়ে শেহতীয়া এক সাক্ষাৎকাৰত জনাইছে যে কিছু বছৰ ধৰি পোহৰ প্ৰদূষণৰ অৱস্থা অধিক বেয়া হৈ আহিছে। ২০১৬ চনত বিজ্ঞানীসকলে জানিবলৈ দিছিল যে পৃথিৱীৰ এক তৃতীয়াংশ লোকে আৰু আকাশীগংগা বা মিল্কিওৱে দেখা নাপাব।

তেওঁ লগতে কৈছে যে পোহৰ নিৰ্গত কৰা লাইট এমিটিং ডাইঅ’ড বা এল ই ডি আৰু অন্যান্য ধৰণৰ পোহৰৰ ব্যৱহাৰ বৃদ্ধিয়ে নাটকীয়ভাৱে নিশাৰ আকাশৰ নিজস্ব উজ্জ্বলতা কাঢ়ি লৈ ​​গৈছে। বিপৰীতে নকল পোহৰেৰে নিশাৰ আকাশখন ভৰাই তুলিছে।

বিজ্ঞানীগৰাকীয়ে লগতে কয়, ‘নিশাৰ আকাশ আমাৰ পৰিবেশৰ অংশ। আমাৰ পৰৱৰ্তী প্ৰজন্মই যদি নিশাৰ আকাশখন দেখা নাপায়, তেতিয়াহ’লে তেওঁলোকৰ বাবে এক বৃহৎ বঞ্চনা হ’ব। এইটো ঠিক তেনেকুৱা ঘটনাই হ’ব যিটো আজিৰ যিসকল যুৱক-যুৱতীয়ে কেতিয়াও চৰাইৰ বাহ দেখা নাই।’ তেওঁ লগতে এই বিষয়টোত এতিয়াৰ পৰা সতৰ্ক হোৱাৰ প্ৰয়োজন বুলি উনুকিয়াই দিছে।

লগতে পঢ়ক: পুনৰ তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰদোগান! ভাৰতৰ বাবে সলনি হ’বনে সুৰ? কি স্থিতি ভাৰতৰ?

জাৰ্মান চেণ্টাৰ ফৰ জিঅ’ছায়েন্সেছৰ ক্রিষ্টোফাৰ কিবাৰ মতে, এটি শিশুৱে এতিয়া পৃথিৱীত জন্ম লোৱা যিকোনো ঠাইৰ পৰা নিশাৰ আকাশত ২৫০ টা তৰা দেখা পাব পাৰে। কিন্তু সেই শিশুটিৰ বয়স যেতিয়া ১৮ বছৰ হ’ব, তেতিয়া তেওঁৰ চকুৰ পৰা ১৫০ টা তৰা নোহোৱা হৈ যাব। অৰ্থাৎ তেওঁৰ মাত্ৰ ১০০ টা তৰাহে দৃষ্টিগোচৰ হ’ব। কিবাই লগতে কৈছে যে কেইবছৰমান আগলৈকে মানুহে প্ৰায়ে মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব পাৰিছিল। কিন্তু এতিয়া ই এক বিৰল ঘটনাত পৰিণত হৈছে।

কিন্তু জাৰ্মান বিজ্ঞানীগৰাকীয়ে নিশাৰ আকাশখন যাতে হেৰাই নাযায় তাৰ বাবে কিছু পৰামৰ্শও দিছে। তেওঁ পোহৰৰ মুখখন সদায় তললৈ কৰি ৰাখিবলৈ কৈছে। পোহৰৰ উজ্জ্বলতা হ্ৰাস কৰিবলৈও কৈছে। পাতল ৰং বিশেষকৈ বগা ৰঙৰ পোহৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে। তেওঁ কয় যে যদি এই পদক্ষেপসমূহ গ্ৰহণ কৰা হয় তেন্তে তৰাবোৰ হেৰাই নাযাব।

আনহাতে, লণ্ডনৰ ইউনিভাৰ্চিটিৰ অধ্যাপক ৰবাৰ্ট ফছবেৰীয়ে দাবী কৰে যে এই ক্ষতি এল ই ডি পোহৰৰ ফলত হয়, LED পোহৰৰ লগত অভ্যস্ত হৈ পৰাটো অতি ক্ষতিকাৰক। তেওঁ কয় যে এল ই ডিৰ নীলা পোহৰে আমাৰ শৰীৰৰ ক্ষতিও কৰে। তেওঁৰ মতে ইয়াৰ নীলা পোহৰে তেজৰ চেনিৰ মাত্ৰাত ব্যাঘাত জন্মায়। মেলোটনিন উৎপাদন বৃদ্ধি কৰে।

লগতে পঢ়ক: মৰ্মান্তিক! জালুকবাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭জন ছাত্ৰ নিহত

গৱেষকসকলে লগতে লক্ষ্য কৰিছে যে পোহৰ প্ৰদূষণে চন্দ্ৰৰ পোহৰৰ দ্বাৰা পৰিচালিত সাগৰীয় কচ্ছপ আৰু পৰিভ্ৰমী চৰাইক বিভ্ৰান্ত কৰে। তদুপৰি, তেওঁলোকে কয় যে আন্ধাৰ নিশাটোৱে মানুহৰ বাবে অপৰাধ আৰু অন্যান্য বিপদজনক পৰিস্থিতিৰ বাবেও আৱৰণ প্ৰদান কৰে।