NORTHEAST NOW (Assamese)

খেল’ ইণ্ডিয়াত অথন্তৰ; অসম-মধ্য প্ৰদেশৰ খৈলুৱৈৰ মাজত হতাহতি

January 22, 2020 8:25 am · এন ই নাও নিউজ
খেলো ইণ্ডিয়া

গুৱাহাটীত চলি থকা তৃতীয় সংখ্যক খেল’ ইণ্ডিয়া য়ুথ গেইমছত মঙলবাৰে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। অসম আৰু মধ্য প্ৰদেশৰ খৈলুৱৈৰ মাজত লাগে মাৰপিটৰ ঘটনা।

উল্লেখযোগ্য যে কালি মহানগৰীৰ পল্টন বজাৰৰ ছাই ষ্টেডিয়ামত অসমৰ বক্সাৰ প্ৰান্তজ্যোতি আৰু মধ্য প্ৰদেশৰ হিমাংশু শ্ৰীৱাছৰ মাজত এখন বক্সিং মেচ আছিল।

মেচখনত মধ্য প্ৰদেশৰ বক্সাৰ গৰাকী বিজয়ী হয়। অভিযোগ মতে মধ্য প্ৰদেশৰ বক্সাৰ গৰাকীয়ে অসমৰ খেলুৱৈগৰাকীক পৰাস্ত কৰি অসমৰ আন খেলুৱৈসকলক অশ্লীল ইংগিত দিছিল, যাক লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰে।

মধ্য প্ৰদেশৰ বক্সাৰ গৰাকীৰ ওপৰত অসমৰ খেলুৱৈ আৰু দৰ্শকসকল জাঙুৰ খাই উঠাৰ লগতে খেলৰ মাজতে দুয়োটা ফৈদৰ মাজত ষ্টেডিয়ামৰ গেলাৰীত হতাহতি লাগে।

অৱশ্যে পিছত অসমৰ খেলুৱৈসকলক মধ্য প্ৰদেশৰ বক্সাৰ হিমাংশু শ্ৰীৱাছে ক্ষমা খোজাত পৰিস্থিতি শান্ত হয়।

Related News