আজি অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ বিষয়ৰ প্ৰশ্নকাকত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বেই কালি নিশা ফাদিল হোৱাৰ ফলশ্ৰুতিত পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হোৱাৰ পিছত বিষয়টোৰ পুনৰ পৰীক্ষাৰ বাবে দিন ধাৰ্য কৰিছে ছেবাই।
আজি এক জাননী যোগে ছেবাই বাতিল হোৱা সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা নতুন সময়সূচী অনুসৰি অহা ৩০ মাৰ্চত অনুষ্ঠিত কৰা হ’ব বুলি সদৰী কৰিছে। এক টুইট যোগে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱেও এই বিষয়ে জানিবলৈ দিছে।
শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে কয় যে কাছাৰৰ এটা পৰীক্ষা কেন্দ্ৰত বাতিল হোৱা মেট্ৰিক বা দশম শ্ৰেণীৰ ইংৰাজী কাগজ অহা ২৮ মাৰ্চত অনুষ্ঠিত হ’ব।
টুইটযোগে তেওঁ কয়, “আজি নিৰ্ধাৰিত সাধাৰণ বিজ্ঞানৰ বাতিল হোৱা পৰীক্ষা এতিয়া ৩০ মাৰ্চ ২০২৩ তাৰিখে অনুষ্ঠিত হ’ব। আনহাতে গণিৰগ্ৰামৰ জে আৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বাতিল কৰা ইংৰাজী পৰীক্ষা অহা ২৮ মাৰ্চত অনুষ্ঠিত হ’ব। ছেবাই এই সন্দৰ্ভত জাননী জাৰি কৰিছে।”
The cancelled examination of General Science scheduled today(13/3/23) will now be held on 30 March 2023. On the other hand, the cancelled English examination in JR Higher Secondary School, Ganirgram will be held on 28th March. SEBA has issued notice. @himantabiswa #HSLC pic.twitter.com/4YM2JGmDIL
— Ranoj Pegu (@ranojpeguassam) March 13, 2023
উল্লেখ্য যে, পূৰ্বে ঘোষিত সূচী অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা আজি অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি বাতৰি প্ৰকাশ পাইছিল। লগতে সামাজিক মাধ্যমতো এই প্ৰশ্নকাকত বিয়পি পৰা বুলি জানিব পৰা গৈছিল।
ইয়াৰ পিছতে কালি নিশাই শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এক টুইট যোগে আজিৰ পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰিছিল। প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে বুলি আৰু বিষয়টোৰ তদন্তৰ বাবে চি আই ডিক নিৰ্দেশ দিয়া হৈছে বুলি মন্ত্ৰী পেগুৱে লগতে উল্লেখ কৰিছিল।
ইফালে এই সন্দৰ্ভত তিনিগৰাকী বিষয়াক চি আই ডি- এ সোধা-পোছা কৰিছে বুলি শেহতীয়াকৈ জানিব পৰা গৈছে।