• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বৰ দ্বিতীয়খন হস্তী-বান্ধৱ চাহ বাগান হিচাপে পৰিগণিত দাৰ্জিলিঙৰ নক্সালবাৰী চাহ বাগান

এন ই নাও নিউজ by এন ই নাও নিউজ
August 15, 2018 3:42 pm
elephant-pic-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওদালগুৰিত থকা টেনজিং বডোছাৰ চাহ বাগিচাখন বিশ্বৰ প্ৰথমখন হস্তী বান্ধৱ চাহ বাগান হিচাপে পৰিগণিত হোৱাৰ পাছত এইবাৰ দাৰ্জিলিঙৰ এখন চাহ বাগান এই প্ৰমাণপত্ৰ লাভ কৰা দ্বিতীয়খন চাহ বাগান হিচাপে পৰিগণিত হৈছে।

‘দ্য টেলিগ্ৰাফ’ কাকতত প্ৰকাশিত এটা প্ৰতিৱেদন অনুসৰি, প্ৰমাণপত্ৰিত হস্তী-বান্ধৱ চাহ বাগানসমূহত হাতীৰ আবাসিক এলেকা আৰু জল সম্পদৰ ৰক্ষণাৱেক্ষণ কৰা, হাতী-মানৱ সংঘাত হ্ৰাস কৰা,  হাতী আৱাসিক এলেকাৰ মাজত থকা বাধা হ্ৰাস কৰা, ফেঞ্চিং আৰু বিদ্যুৎ পৰিবাহী তাঁৰৰ পৰা হাতী বিদ্যুৎস্পৃষ্ট হোৱাতো ৰোধ কৰা আৰু জমা হোৱা জল নিস্কাষণ নৰ্দমাৰ সমস্যা হ্ৰাস কৰা।

Apply Now

প্ৰতিৱেদনটোত পুনৰ কোৱা হৈছে যে এই উদ্যোগটো হৈছে ৱাইল্ড লাইফ ফ্ৰেইণ্ডলি নেটৱৰ্ক আৰু আমেৰিকাৰ য়ুনিভাৰ্ছিটি অব মণ্টানাৰ সযোগিতামূলক প্ৰয়াসৰ ফল। মঙলবাৰে নুকসালবাৰী চাহ বাগানৰ সঞ্চালক ছোনিয়া জব্বৰে কৈছে, ‘’আমি টেনজিঙে আৰম্ভ কৰাৰ ৬ বছৰ পূৰ্বে আমাৰ কাম-কাজ আৰম্ভ কৰিছিলোঁ। মাত্ৰ আমাৰ স্বীকৃতিত বিলম্ব হৈছে। আমাক স্বীকৃতি দিয়ক বা নিদিয়ক আমি আমাৰ কাম কৰি গলোঁহেতেন।

উল্লেখ্য যে বেংগলৰ দাৰ্জিলিং জিলাৰ নক্সালবাৰী চাহ বাগান হৈছে ১,২০০ একৰ বিস্তৃত সম্পূৰ্ণভাৱে মহিলাৰ মালিকানাধীন আৰু পৰিচালিত এখন চাহ বাগান। ছোনিয়াই কৈছে, ‘’হাতী হৈছে জীৱন্ত বোধিসত্ব। আমি মানুহে সিহঁতৰ পৰা বহু কথা শিকিব পাৰোঁ। শক্তিশালী আৰু আকাৰত বৃহৎ হোৱা সত্তেও আৰু আমি সিহঁতৰ জংগল আমি কাঢ়ি অনা সত্তেও, সিহঁতক জোকোৱা, হাৰাশাস্তি কৰা আনকি হত্য কৰা সত্তেও সিহঁতে শান্ত হৈ থাকিবলৈ বিচাৰে। আমাৰ কৰ্তব্য হৈছে এইখন সুন্দৰ পৃথিৱীত এই দৈত্যকায় ভদ্ৰলোকৰ সৈতে শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰিবলৈ শিকাটো।

হাতী –মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে ৰাজ্যখনৰ নিৰাপত্তাৰক্ষীসকলক হাতী নিৰ্বিঘ্নে পাৰ হৈ যোৱাৰ বাবে ৪০০ মিটাৰৰ কৰিড’ৰৰ ব্যৱস্থা কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছে। হাতীয়ে নষ্ট কৰা শস্যৰ বাবে বীমা কৰণৰ পদক্ষেপো ভৱিষ্যতে গ্ৰহণ কৰা হ’ব।

হৈছে ৱাইল্ড লাইফ ফ্ৰেইণ্ডলি নেটৱৰ্কৰ কাৰ্যবাহী সঞ্চালক তথা সহ নিৰ্মাতা জুলী ষ্টাইনে (Julie Stein) কৈছে, ‘’হস্তী-বান্ধৱ চাহ প্ৰমাণপত্ৰই ক্ৰেতাসকলে চাহ উৎপাদনকাৰীসকলক পুৰস্কৃত কৰাৰ এটা সুবিধা প্ৰদান কৰে।  লগতে হাতীৰ জনসংখ্যাৰ ওপৰত পৰা নেতিবাচক প্ৰভাৱ পৰা আচৰণ ত্যাগ কৰি কেনেদৰে হাতী-মানুহৰ সহাৱস্থান কৰা সম্ভৱ হৈছে তাৰ কাহিনী কোম্পানীসমূহে ক্ৰেতাক জনোৱাৰ সুযোগ লাভ কৰে।‘’

য়ুনিভাৰছিটি অব মণ্টানাৰ লিছা মিলছে কৈছে, আমি জানিব পাৰিছোঁ যে একে গুণমানগত চাহৰ ক্ষেত্ৰত  যদিহে ক্ৰেতাৰ মাজত হস্তী বান্ধৱ চাহ বাগান আৰু সাধাৰণ চাহ বাগানৰ চাহৰ এটা বাচনি ৰখা হয়, তেন্তে ক্ৰেতাই হস্তী বান্ধৱ চাহ বাগানৰ চাহে পচণ্ড কৰিব কাৰণ তেওঁলোকে জানে যে তেওঁলোকৰ ধন হাতীৰ বাবে এটা পৰিৱৰ্তনকাৰী কাম কৰা চাহ বাগানলৈ যাব।.

বডোছাই কৈছে, ‘’চাহ বাগানসমূহে হাতীৰ আৱাসভমি ৰক্ষণাৱেক্ষণ কৰিবলৈ আগবাঢ়ি অহাটো শুভ লক্ষণ। হস্তী-বান্ধৱ চাহপাত ক্ৰয় কৰি ক্ৰেতাসকলে হাতীৰ জনসংখ্যা বহৰ্তাই ৰখাত আৰু সিহঁতৰ ভৱিষ্যত সুৰক্ষিত কৰি ৰখাত সহায় কৰিছে।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd