দুৰ্গা পূজাৰ প্ৰাকক্ষণত মাৰ্ঘেৰিটাত শান্তি তথা আইন-শৃংখলা বৰ্তাই ৰখাৰ বাবে ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ ধাৰাৰ অধীনত মাৰ্ঘেৰিটা মহকুমাৰ দণ্ডাধীশে মহকুমাটোত এক নিষেধাজ্ঞা জাৰি কৰিছে।
এই নিষেধাজ্ঞা অনুসৰি দুচকীয়া বাহনত দুজন ব্যক্তি উঠাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অৱশ্যে এইক্ষেত্ৰত মহিলা, স্কুলীয়া ছাত্ৰ-ছাত্ৰী, কৰ্মৰত অৱস্থাত থকা সামৰিক বাহিনীৰ লোক, চৰকাৰী চাকৰিয়াল, অধিবক্তা, জ্যেষ্ঠ নাগৰিক, সাংবাদিক, স্বাস্থ্য বিষয়া আৰু শাৰীৰিক ভাৱে অক্ষম ব্যক্তিক ৰেহাই দিয়া হৈছে।
তদুপৰি হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন পৰিভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে ডি জে চালিত যান-বাহন পৰিভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে শব্দ প্ৰদূষণ নোহোৱাকৈ পূজা মণ্ডপ সমূহে পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ ১০ ডি.বি.ৰ তলত অনুভাষ যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰিব।
পৰৱৰ্তী ৬০ দিনৰ বাবে বাহাল থাকিব লগা এই নিৰ্দ্দেশ অমান্য কৰা লোকক ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত দণ্ডিত কৰা হ’ব বুলিও নিৰ্দ্দেশনাটোত মাৰ্ঘেৰিটা মহকুমা জনসংযোগ বিষয়া ঝৰ্ণা পাটগিৰিয়ে উল্লেখ কৰে।