• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিয়ালৈ আহিব নোৱাৰিব অতিথি! দৰাৰ পিতৃয়ে ৭০০অতিথিলৈ হোম ডেলিভাৰি কৰিলে বিয়াৰ খানা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 15, 2020 11:11 am

2 min read

Food delivery in marriage

ফটো: টুইটাৰৰ সৌজন্যত

424
VIEWS
Share on FacebookShare on Twitter

বিয়া মানেই খোৱালোৱাৰ পয়োভৰ, আলহী-অতিথিৰ উলহ-মালহ। কিন্তু কৰ’না পৰিস্থিতিৰ মাজত বহুতেই বিয়া স্থগিত ৰাখিব লগীয়াও হৈছে।

আন কিছুমানে নিমন্ত্ৰিতৰ তালিকা কৰ্তন কৰিও মিলাব পৰা নাই। পিচে, পুত্ৰৰ বিয়াৰ বাবে ৭০০জন নিমন্ত্ৰিত অতিথিৰ ঘৰলৈ হোম ডেলিভাৰি কৰি বিয়াৰ খানা পঠিয়াই দিয়াৰ কথাটো সঁচাকৈয়ে বিশ্বাস কৰিবলৈ টান।

কিন্তু শুনবলৈ আচৰিত যেন লাগিলেও চেন্নাইৰ এগৰাকী ব্যক্তিয়ে এনেকুৱা এক কাণ্ডকেই কৰি দেখুৱালে।

কৰ’না পৰিস্থিতিত কৰ’না বিধি মানি বিয়া পাতিলে বহুতকেই মাতিবই পৰা নাযায়। কিয়নো বিয়াঘৰৰ পৰাও কৰ’না সংক্ৰমিত হোৱাৰ শংকা আছে। কিন্তু এপিনে ল’ৰাৰ বিয়া বুলিও এটা কথা।

বিয়াখন ধুমধামকৈ পতাৰ চখ অক্ষুন্ন ৰাখি চেন্নাইৰ এইগৰাকী ব্যক্তিয়ে বিচাৰি উলিয়ালে এক অভিনৱ পন্থা।

বিয়াৰ কাৰ্ডৰ সৈতে বিয়াৰ দিনা পৰিৱেশন কৰিবলগীয়া খাদ্যসম্ভাৰ ৭০০জন অতিথিৰ ঘৰলৈ পঠিয়াই দিয়া হয়।

বাতৰি অনুসৰি, আৰাছুভাই আৰাছু ক্যাটাৰাৰ নামৰ ক্যাটাৰিং সংস্থাটোৱে ১২বিধ সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰে। এই সকলো একোটা সুন্দৰ বেগৰ ভিতৰত টিফিন বক্সত ভৰাই পেক কৰা হয়। লগতে কলপাতো বান্ধি দিয়া হয়।

New trend of marriage invitation. Marriage food will be delivered at your doorstep. pic.twitter.com/ooEz1qbsvP

— Shivani (@Astro_Healer_Sh) December 10, 2020

তাৰপাছত চিনাকি এটা লজিষ্টিক সংস্থা উনানু টেকন’লজিছৰ জৰিয়তে সেই খাদ্যসম্ভাৰসমূহ একোখনকৈ বিয়াৰ নিমন্ত্ৰণী পত্ৰৰ সৈতে ৭০০জন অতিথিৰ ঘৰলৈ পঠিয়াই দিয়া হয়।

বিয়াৰ নিমন্ত্ৰণী পত্ৰখনত নৱ দম্পতিক আশীৰ্বাদ কৰি সকলোকে খাদ্যসম্ভাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ কৰা হৈছে।

ছচিয়েল মিডিয়াত এই বাতৰিয়ে প্ৰশংসা বুটলিছে আৰু বহুতেই এনে অভিনৱ পন্থাক শলাগিছে। পিচে, ভোজ খাই পেট নভৰা এচামে অৱশ্যে সমালোচনা কৰিবলৈকো এৰা নাই।

Recent News

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

BTR

এনডিএফবিৰ নেতা ধীৰেণ বড়োক ওভতি ধৰিলে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে

India Republic Day

কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ হিংসা : ‘ভাৰতে লাল কিল্লাত ৰাষ্ট্রীয় পতাকাক কৰা অপমান সহ্য নকৰে’; কঠোৰ হ’ব কেন্দ্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd