NORTHEAST NOW (Assamese)

বিয়ালৈ আহিব নোৱাৰিব অতিথি! দৰাৰ পিতৃয়ে ৭০০অতিথিলৈ হোম ডেলিভাৰি কৰিলে বিয়াৰ খানা

December 15, 2020 11:11 am · এন ই নাও নিউজ
ফটো: টুইটাৰৰ সৌজন্যত

বিয়া মানেই খোৱালোৱাৰ পয়োভৰ, আলহী-অতিথিৰ উলহ-মালহ। কিন্তু কৰ’না পৰিস্থিতিৰ মাজত বহুতেই বিয়া স্থগিত ৰাখিব লগীয়াও হৈছে।

আন কিছুমানে নিমন্ত্ৰিতৰ তালিকা কৰ্তন কৰিও মিলাব পৰা নাই। পিচে, পুত্ৰৰ বিয়াৰ বাবে ৭০০জন নিমন্ত্ৰিত অতিথিৰ ঘৰলৈ হোম ডেলিভাৰি কৰি বিয়াৰ খানা পঠিয়াই দিয়াৰ কথাটো সঁচাকৈয়ে বিশ্বাস কৰিবলৈ টান।

কিন্তু শুনবলৈ আচৰিত যেন লাগিলেও চেন্নাইৰ এগৰাকী ব্যক্তিয়ে এনেকুৱা এক কাণ্ডকেই কৰি দেখুৱালে।

কৰ’না পৰিস্থিতিত কৰ’না বিধি মানি বিয়া পাতিলে বহুতকেই মাতিবই পৰা নাযায়। কিয়নো বিয়াঘৰৰ পৰাও কৰ’না সংক্ৰমিত হোৱাৰ শংকা আছে। কিন্তু এপিনে ল’ৰাৰ বিয়া বুলিও এটা কথা।

বিয়াখন ধুমধামকৈ পতাৰ চখ অক্ষুন্ন ৰাখি চেন্নাইৰ এইগৰাকী ব্যক্তিয়ে বিচাৰি উলিয়ালে এক অভিনৱ পন্থা।

বিয়াৰ কাৰ্ডৰ সৈতে বিয়াৰ দিনা পৰিৱেশন কৰিবলগীয়া খাদ্যসম্ভাৰ ৭০০জন অতিথিৰ ঘৰলৈ পঠিয়াই দিয়া হয়।

বাতৰি অনুসৰি, আৰাছুভাই আৰাছু ক্যাটাৰাৰ নামৰ ক্যাটাৰিং সংস্থাটোৱে ১২বিধ সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰে। এই সকলো একোটা সুন্দৰ বেগৰ ভিতৰত টিফিন বক্সত ভৰাই পেক কৰা হয়। লগতে কলপাতো বান্ধি দিয়া হয়।

তাৰপাছত চিনাকি এটা লজিষ্টিক সংস্থা উনানু টেকন’লজিছৰ জৰিয়তে সেই খাদ্যসম্ভাৰসমূহ একোখনকৈ বিয়াৰ নিমন্ত্ৰণী পত্ৰৰ সৈতে ৭০০জন অতিথিৰ ঘৰলৈ পঠিয়াই দিয়া হয়।

বিয়াৰ নিমন্ত্ৰণী পত্ৰখনত নৱ দম্পতিক আশীৰ্বাদ কৰি সকলোকে খাদ্যসম্ভাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ কৰা হৈছে।

ছচিয়েল মিডিয়াত এই বাতৰিয়ে প্ৰশংসা বুটলিছে আৰু বহুতেই এনে অভিনৱ পন্থাক শলাগিছে। পিচে, ভোজ খাই পেট নভৰা এচামে অৱশ্যে সমালোচনা কৰিবলৈকো এৰা নাই।

Related News