• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৬ নং দফা সন্দৰ্ভত দাঙি ধৰা যুক্তি ভিত্তিহীন: উপমন্যু হাজৰিকা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 6, 2021 10:10 am
Upamainyu Hazarika on CM Himanta
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই “৬ নং দফা সমিতিৰ প্ৰতিবেদন আদালতত নিটিকে” বুলি দিয়া মন্তব্য দূৰ্ভাগ্যজনক আৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। তেওঁৰ এই‌ মন্তব্য কেৱল ৬ নং দফা কাৰ্যকৰি নকৰিবলৈ দিয়া এটা ভিত্তিহীন যুক্তি।‘’

এই মন্তব্য জ্যেষ্ঠ অধিবক্তা তথা অসমত খিলঞ্জীয়াৰ স্বাৰ্থত মাত মাতি ৰাজনৈতিক সচেতনতা বৃদ্ধিৰ প্ৰচেষ্টা চলাই অহা উপমন্যু হাজৰিকাৰ।

Apply Now

হাজৰিকাই শনিবাৰে এই সন্দৰ্ভত এক বিবৃতি জাৰি কৰি তেওঁৰ মতামত ব্যক্ত কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰা এনে যুক্তি ভিত্তিহীন বুলি উল্লেখ কৰি তেওঁ ইয়াৰ দুটা কাৰণ দাঙি ধৰিছে।

প্ৰথমতে, সংৰক্ষণৰ ৫০% সীমা উচ্চতম ন্যায়ালয়ে ধাৰ্য্য কৰিছে কেবল চাকৰি আৰু শিক্ষাৰ ক্ষেত্ৰতহে। কিন্তু ব্যতিক্ৰমীভাবে, উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যত খিলঞ্জীয়াৰ বাবে থকা ৮০-৯০% সংৰক্ষণকো উচ্চতম ন্যায়ালয়ে বৈধ বুলি স্বীকৃতি দিছে।

উচ্চতম ন্যায়ালয়ে দিয়া তিনিটা ৰায়দান ক্ৰমে সৰ্বানন্দ ১, সৰ্বানন্দ ২, আৰু সন্মিলিত মহাসংঘত ,স্পষ্টভাবে স্বীকৃতি দিছে যে অসমত খিলঞ্জীয়া সংখ্যালঘু হোৱাৰ পথত আৰু সেয়েহে খিলঞ্জীয়াৰ অধিকাৰ আৰু নিৰাপত্তা সুৰক্ষিত কৰাটো অনিবাৰ্য। কেৱল অসমে চুক্তি কৰি ভাৰত বৰ্ষৰ আন ৰাজ্যৰ তুলনাত ২৩ বছৰৰ অতিৰিক্ত বিদেশীৰ বোজা ল’লে যাৰ ক্ষতিপূৰণৰ ৰূপত অসমৰ ১১৫ টা জাতি- জনগোষ্ঠীৰ বাবে ৰক্ষা কৱচৰ প্ৰতিশ্ৰুতি অসম চুক্তিত লিপিবদ্ধ আছে।

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰাৰ দৰে, প্ৰতিবেদনৰ প্ৰস্তাৱ কেৱল চাকৰি সংৰক্ষণৰ ক্ষেত্ৰতে সীমাবদ্ধ নহয়, ভূমি,ব্যৱসায়, ইত্যাদি ক্ষেত্ৰতো প্ৰস্তাৱ আছে।

ইতিমধ্যে বিজেপি শাসনাধীষ্ঠ হিমাচল, উত্তৰাখণ্ডৰ উপৰিও উত্তৰ পূবৰ আন ৰাজ্যতো খিলঞ্জীয়া লোকৰ বাবে ভূমি সংৰক্ষিত আছে।

২১ ডিচেম্বৰ ২০১৯ ত তেওঁ স্বয়ং কেবিনেটৰ প্ৰতিশ্ৰুতি ৰাজহুৱা কৰিছিলে যে ভূমি সংৰক্ষণৰ আইন পৰৱৰ্তী বিধানসভা অধিবেশনত প্ৰণয়ন কৰা হব। যি এতিয়া এটা মিথ্যাচাৰ প্ৰমাণিত হ’ল।

অধিবক্তা হাজৰিকাৰ প্ৰশ্ন, ‘’যদি প্ৰতিবেদনত কিবা খুঁ‌ত আছে বুলি তেওঁ জানিছিলেই, তেন্তে কমিটিত থকা বিশিষ্ট আইনজ্ঞ সকলৰ পৰা পুনৰ স্পষ্টীকৰণ বিচাৰি এটা সমাধানৰ পথ নিবিচাৰিলে কিয়??’’

দ্বিতীয়তে, হাজৰিকাই অভিযোগ কৰি কয় যে মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ ৰাজনৈতিক জীৱনৰ অধিকাংশ সময় কংগ্ৰেছত থাকি খিলঞ্জীয়াক বিৰোধ কৰি বাংলাদেশীক তুষ্টি কৰিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিছিলে, সেয়া উচ্চতম ন্যায়ালয়ে নাকচ কৰিছিল।

ইয়াৰ কেইটামান উদাহৰণ দাঙি ধৰি উপমন্যু হাজৰিকাই লিখিছে:

২০০১ চনৰ  মে’ মাহত গঠন হোৱা কংগ্ৰেছ চৰকাৰে এমাহৰ ভিতৰতে উচ্চতম ন্যায়ালয়ত IMDT আইন সমৰ্থন কৰি শপত নামা দিছিল। কিন্তু এই শপত নামা উচ্চতম ন্যায়ালয়ে নাকচ কৰি IMDT আইন বাতিল কৰে।

তাৰ পিছত ২০০৬ চনত উচ্চতম ন্যায়ালয়ত IMDT পুনৰ স্থাপন কৰিবলৈ অধিনিয়ম ঘোষণা কৰিলে, উচ্চতম ন্যায়ালয়ে ইয়াক পুনৰ বাতিল কৰিলে।

তৰুণ গগৈ চৰকাৰৰ অসম চুক্তি ৰূপায়ন মন্ত্ৰী হিচাপে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, বৰপেটা  উপায়ুক্তৰ কাৰ্যলয় জ্বলাই দি NRC স্থগিত কৰা সকলক ক্ষতিপূৰণ দি পুৰস্কৃত কৰিলে,যাৰ মাজত ৯০ জন মান ব্যক্তি বিদেশী প্ৰমাণিত হ’ল।

NRC পুনৰ আৰম্ভ কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন কৰা আসাম পাব্লিক ৱৰ্কচৰ গোচৰক বিৰোধ কৰি অসম চৰকাৰৰ দিয়া শপতনামা ন্যায়ালয়ে নাকচ কৰিলেই লগতে NRC সম্পূৰ্ণ হোৱাৰ সময় তালিকা ধাৰ্য্য কৰিলে।

হাজৰিকাই দাবী কৰি কয়, ‘’মুঠৰ ওপৰত কংগ্ৰেছত থাকোতে বাংলাদেশীৰ পক্ষত হিমন্ত বিশ্ব শৰ্মাই যি তৎপৰতা  দেখুৱাইছিলে, সেই একে তৎপৰতা কিন্তু যোৱা ৫ বছৰে খিলঞ্জীয়াৰ পক্ষত থাকি দেখুওৱা নাই।‘’

অধিবক্তা উপমন্যু হাজৰিকাৰ স্পষ্ট অভিযোগ, ‘’আৰু এতিয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত ডঃ শৰ্মাৰ এনেধৰণৰ মন্তব্যই খিলঞ্জীয়াক সংকেত দিলে যে ৰক্ষা কবচৰ কোনো আইনী ভিত্তি নাই আৰু ইয়াৰ ফলত অসম আন্দোলন আৰু যোৱা ৪০ বছৰ ধৰি  খিলঞ্জীয়াক সুৰক্ষিত কৰিবলৈ চলা সংগ্ৰামখনো নস্যাৎ কৰাৰ প্ৰয়াস কৰিছে।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm
৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd