ইৰাণৰ ৰাজনৈতিক আকাশত এতিয়া চৰম অনিশ্চয়তাৰ ডাৱৰ। দেশখনৰ ৰাষ্ট্ৰীয় সংবাদ সংস্থা ইছনাই প্ৰকাশ কৰা এক চাঞ্চল্যকৰ খবৰ অনুসৰি, তেহৰাণত আমেৰিকা আৰু ইজৰাইলৰ এক যুটীয়া বিমান আক্ৰমণত দেশখনৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই নিহত হৈছে। দীৰ্ঘদিন ধৰি ইৰাণৰ শাসনৰ বাঘজৰী ধৰি থকা ৮৬ বছৰীয়া খামেনেইৰ মৃত্যুৰ লগে লগে দেশখনত এক বৃহৎ নেতৃত্বৰ সংকটৰ সৃষ্টি হৈছে। ১৯৮৯ চনৰ পৰা ইৰাণৰ সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী হৈ থকা খামেনেইৰ মৃত্যুৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ট্ৰাম্পে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টত ইয়াক বিশ্বৰ বাবে এক ন্যায়ৰ জয় বুলি অভিহিত কৰিছে।
এই ভয়াৱহ পৰিস্থিতিৰ মাজতে ইৰাণ চৰকাৰে নিজৰ সংবিধানৰ ১১১ নং অনুচ্ছেদ সক্ৰিয় কৰি দেশৰ জৰুৰীকালীন নেতৃত্বৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই নিয়ম অনুসৰি এতিয়া এজন স্থায়ী উত্তৰাধিকাৰী নিৰ্বাচিত নোহোৱালৈকে এজনৰ সলনি তিনিজনীয়া এক পৰিষদে দেশৰ সৰ্বোচ্চ ক্ষমতা চম্ভালিব। এই তিনিজনীয়া পৰিষদত জ্যেষ্ঠ ধৰ্মগুৰু আয়াতুল্লাহ আলিৰেজা আৰাফীক অন্তৱৰ্তীকালীন উচ্চতম নেতা হিচাপে নিযুক্তি দিয়া হৈছে। আৰাফীৰ লগতে এই পৰিষদত বৰ্তমানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান আৰু মুখ্য ন্যায়াধীশ গোলাম-হোছেইন মহছেনী-এজে’ইও থাকিব। যদিও তিনিজন লোকে একেলগে ক্ষমতা চলায়, ধৰ্মীয় দৃষ্টিকোণৰ পৰা আৰাফীক এই গোটটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে গণ্য কৰা হৈছে।
১৯৫৯ চনত জন্মগ্ৰহণ কৰা ৬৭ বছৰীয়া আয়াতুল্লাহ আলিৰেজা আৰাফী ইৰাণৰ ধৰ্মীয় আৰু প্ৰশাসনিক মহলত এজন অতি প্ৰভাৱশালী ব্যক্তি। এই নতুন দায়িত্ব লোৱাৰ পূৰ্বে তেওঁ ইৰাণৰ ইছলামিক চেমিনাৰীসমূহৰ ৰাষ্ট্ৰীয় মুৰব্বী হোৱাৰ লগতে গাৰ্ডিয়ান কাউন্সিল আৰু বিশেষজ্ঞৰ বিধানসভাৰ গুৰুত্বপূৰ্ণ সদস্য হিচাপে কাম কৰি আহিছে। তেওঁৰ সুদীর্ঘ অভিজ্ঞতাই দেশখনক এই কঠিন সময়ত দিশ নিৰ্দেশনা দিব বুলি আশা কৰা হৈছে।
কেৱল ধৰ্মীয় নেতৃত্বই নহয়, ইৰাণৰ সামৰিক বাহিনীতো এক বৃহৎ পৰিৱৰ্তন দেখা গৈছে। আমেৰিকা-ইজৰাইলৰ সেই বিশেষ আক্ৰমণত ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছ চমুকৈ আই আৰ জি চিৰ মুখ্য সেনাধ্যক্ষ জেনেৰেল মহম্মদ পাকপুৰৰো মৃত্যু ঘটে। ইয়াৰ লগে লগে আহমদ ৱাহিদীক আই আৰ জি চিৰ নতুন মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে। আই আৰ জি চি হৈছে ইৰাণৰ আটাইতকৈ শক্তিশালী সামৰিক আৰু অৰ্থনৈতিক প্ৰতিষ্ঠান, যিয়ে দেশৰ সাধাৰণ সেনাৰ পৰা সম্পূৰ্ণ পৃথকে কাম কৰে।
ইৰাণ চৰকাৰে প্ৰথম অৱস্থাত খামেনেইৰ মৃত্যুৰ খবৰ অস্বীকাৰ কৰিছিল যদিও পিছলৈ তেওঁলোকে আনুষ্ঠানিকভাৱে এই কথা নিশ্চিত কৰে। ইয়াৰ লগে লগে সমগ্ৰ দেশতে এক চেপা উত্তেজনাৰ সৃষ্টি হৈছে। আমেৰিকা আৰু ইজৰাইলৰ এই বৃহৎ সামৰিক অভিযানে ইৰাণৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী ভৱন আৰু সামৰিক ঘাটি ধ্বংস কৰিছে। এতিয়া নতুন অন্তৱৰ্তীকালীন নেতৃত্বই বাহ্যিক আক্ৰমণৰ প্ৰত্যাহ্বান নেওচি দেশখনক কেনেকৈ আগুৱাই লৈ যায়, সেইয়া হ’ব সমগ্ৰ বিশ্বৰ বাবে এক লক্ষ্যণীয় বিষয়।





