• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজীৱ গান্ধীয়ে ৰাজনীতিলৈ অনা জ্যেষ্ঠ কংগ্ৰেছ নেতা মণি শংকৰ আয়াৰে ৰাহুল গান্ধীৰ নেতৃত্বৰ ওপৰত কৰিলে প্ৰশ্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 12:31 pm
78
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মণি শংকৰ আয়াৰে দেশৰ বৰ্তমানৰ ৰাজনৈতিক আৰু সামাজিক দিশক লৈ গভীৰ চিন্তা আৰু হতাশা প্ৰকাশ কৰিছে। প্ৰ প্রাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ পুণ্যতিথি উপলক্ষে দিল্লীৰ বীৰ ভূমিত থকা তেওঁৰ স্মাৰকস্থলীত উপস্থিত হৈ আয়াৰে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজীৱ গান্ধীয়ে যি আধুনিক আৰু ধৰ্মনিৰপেক্ষ ভাৰতৰ সপোন দেখিছিল, তেনে এক ভাৰত বৰ্তমান গঢ়ি উঠা দেখা পোৱা নাই। এই অনুষ্ঠানতে তেওঁ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বক লৈও এক বিশেষ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

স্মাৰকস্থলীত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত জ্যেতিষ্মান নেতাগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰি কয় যে বহু মানুহ কেৱল শ্লোগান দিবলৈহে ইয়ালৈ আহে, কিন্তু ৰাজীৱ গান্ধীৰ জীৱন, আদৰ্শ আৰু সাফল্যৰ কথাবোৰ বুজিবলৈ চেষ্টা নকৰে। স্মাৰকস্থলীত লিখা থকা তেওঁৰ চিন্তা আৰু সাফল্যসমূহো মানুহে পঢ়ি নোচোৱাটো অতি দুখৰ বিষয় বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে পণ্ডিত জৱাহৰলাল নেহৰুৰ উত্তৰাধিকাৰক আধুনিক ৰূপত আগুৱাই নিবলৈ যদি কোনোবাই সঁচা অৰ্থত চেষ্টা কৰিছিল, তেন্তে তেওঁ আছিল ৰাজীৱ গান্ধী। কিন্তু আজি তেওঁ সপোন দেখা ভাৰতখন গঢ়ি উঠা নাই।

Apply Now

এই কথা-বতৰাৰ মাজতে সংবাদ মাধ্যমে মণি শংকৰ আয়াৰক বৰ্তমান লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ নেতৃত্ব আৰু কৰ্মশৈলীক ৰাজীৱ গান্ধীৰ সৈতে তুলনা কৰি প্ৰশ্ন সোধে। ইয়াৰ উত্তৰত আয়াৰে কয় যে তেওঁ ৰাহুল গান্ধীক অতি ওচৰৰ পৰা নাজানে। অৱশ্যে তেওঁ স্পষ্ট কৰি দিয়ে যে ৰাহুল গান্ধীও সেই একেই পৰিয়াল, উত্তৰাধিকাৰ আৰু আদৰ্শৰ অংশ, যাক ৰাজীৱ গান্ধীয়ে আগুৱাই লৈ যাব বিচাৰিছিল।

প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু মণি শংকৰ আয়াৰৰ মাজত অতি গভীৰ ৰাজনৈতিক আৰু ব্যক্তিগত সম্পৰ্ক আছিল। আয়াৰ পূৰ্বে ভাৰতীয় বৈদেশিক সেৱাৰ এজন বিষয়া আছিল। কিন্তু ১৯৮০ ৰ দশকত তেওঁ চাকৰি এৰি ৰাজীৱ গান্ধীৰ হাত ধৰি সক্ৰিয় ৰাজনীতিত ভৰি দিছিল আৰু তেওঁ ৰাজীৱ গান্ধীৰ এজন অতি বিশ্বাসী সতীৰ্থ হৈ পৰিছিল। ১৯৮৪ চনত ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ পিছত ৰাজীৱ গান্ধীয়ে কংগ্ৰেছৰ দায়িত্ব লৈছিল আৰু মাত্ৰ ৪০ বছৰ বয়সতে দেশৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হৈছিল। পৰৱৰ্তী সময়ত ১৯৯১ চনৰ ২১ মে’ত তামিলনাডুত এটা নিৰ্বাচনী প্ৰচাৰৰ সময়ত এক আত্মঘাতী বোমা বিস্ফোৰণত তেওঁ কৰুণভাৱে প্ৰাণ হেৰুৱাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

August 31, 2026 11:03 am
Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am
আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

August 31, 2026 10:31 am
নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

August 31, 2026 10:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

August 31, 2026 11:03 am
Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd