অসমৰ জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যই শেহতীয়াকৈ ফেচবুকত লিখিছে-
‘তন্ময় ফুকন আৰু সঞ্জীৱ নাৰায়ণ; দুয়োজন ব্যক্তিকে তেওঁলোকৰ হাতত থকা সম্পূৰ্ণ অসম্পাদিত ভিডিঅ’, ৰেকৰ্ড কৰোঁতাৰ নাম, ম’বাইল আৰু কেমেৰাসমূহ অসম আৰক্ষীক প্ৰদান কৰক।

লগতে সমস্ত অসম্পাদিত আৰু মূল ভিডিঅ’ সামাজিক মাধ্যম আৰু দায়িত্বশীল মিডিয়াৰ হাতত অৰ্পণ কৰক।
অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকনকে ধৰি সেই অসমীয়াসকল, যি ছিংগাপুৰত আছিল, আপোনালোকৰ ওপৰতো আমাৰ সন্দেহ হ’বলৈ আৰম্ভ কৰিছে।
দুখন দেশৰ মাজত থকা আইনী জটিলতাৰ বাবে অসম আৰক্ষী তালৈ গৈ তদন্ত কৰাত অসুবিধা আছে। কিন্তু আপোনালোকে অন্ততঃ ভিডিঅ’ ৰেকৰ্ড কৰা ম’বাইল ফোন আৰু ভিডিঅ’সমূহ পঠিয়াই দিয়ক।
অথবা পৰৱৰ্তী সময়ত অসমলৈ আহি কথাখিনি আৰক্ষীৰ আগত কৈ সত্য উদঘাটন আৰু সন্দেহ নিৰসনৰ ব্যৱস্থা কৰক।
নহ’লে কাললৈ আপোনালোকৰ নামো তালিকাত থাকি যাব। উপযাচি আহি তদন্তত সহযোগ কৰক। ফুকনক ভিডিঅ’সমূহ চিআইডিক দিবলৈ অনুৰোধ জনালোঁ। তেওঁলোকৰ বন্ধু, মিত্ৰ, কুটুম্ব আদিয়েও এই আহ্বান জনাওক। ’




