শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগশাৰীৰ সংবাদ পত্ৰ ৱাল ষ্ট্ৰীট জাৰ্নেলৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰই গোপনে ৰাছিয়াৰ সৈতে ইউক্ৰেইনৰ বিষয়টোকলৈ আলোচনা কৰিছে।ক্ৰেমলিনে উক্ত বিষয়ে কথা ক’ব বিচৰা নাই যদিও আমেৰিকা যুক্তৰাষ্ট্ৰই এই তথ্য স্বীকাৰ কৰিছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানে ৰাছিয়াৰ সৈতে হোৱা আলোচনাৰ তথ্য স্বীকাৰ কৰি কয় যে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ আৰু চলিত যুদ্ধত বিৰোধী স্থিতি থকা স্বত্বেও মস্কো আৰু ৱাশ্বিংটনৰ মাজত যোগাযোগৰ মাধ্যম সমূহ মুকলি থাকিব।
লগতে পঢ়ক: আকাশত ৰঙা চন্দ্ৰ! আজি বছৰটোৰ অন্তিম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ক’ত, কেতিয়া দেখা পোৱা যাব এই বিৰল গ্ৰহণ?
আমেৰিকা যুক্তৰাষ্ট্ৰৰ জ্যেষ্ঠ বিষয়াসকলে জানিবলৈ দিছে যে ইউক্ৰেইন যুদ্ধত পাৰমাণৱিক উত্তেজনা কেনেদৰে নিৰসন কৰিব পাৰি সেই বিষয়ে তেওঁলোকৰ বিষয়াসকলে ৰাছিয়াৰ বিষয়াসকলৰ সৈতে আলোচনা কৰিছিল।
অৱশ্যে তেওঁলোকে ইউক্ৰেইনৰ যুদ্ধৰ সমাপ্তিৰ বিষয়ে কোনো আলোচনাত অংশগ্ৰহণ কৰা নাছিল।
ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ এই পৰিস্থিতিত আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পশ্চিমীয়া দেশসমূহে অৰ্থনৈতিক পৰিস্থিতিৰ লগতে বাণিজ্যিক দিশত যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।
লগতে পঢ়ক: ডেমকেয়াৰ কিম! আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ লক্ষ্যত আক্ৰমণৰ অনুশীলন চলালে উত্তৰ কোৰিয়াই
তদুপৰি, যুদ্ধৰ আৰম্ভণিতে ইউক্ৰেইনৰ পক্ষলৈ ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিলেও পৰৱৰ্তী পৰ্যায়ত ইন্ধনৰ নাটনিকে ধৰি বিভিন্ন সমস্যাৰ বাবে পাশ্চাত্যৰ দেশসমূহ ক্ষতিগ্ৰস্ত হৈছে।