NORTHEAST NOW (Assamese)

কিয় মেঘালয়ৰ সৈতে চামিল হ’ব খুজিছে অসমৰ সাতখন গাঁৱৰ বাসিন্দাই?

September 22, 2020 10:28 am · এন ই নাও নিউজ

কামৰূপ গ্ৰাম্য জিলাৰ পলাশবাৰী অঞ্চলৰ সাতখন পাছপৰা তথা ভিতৰুৱা গাঁৱৰ বাসিন্দাসকলে অঞ্চলটোত বিজেপি চৰকাৰে কোনো উন্নয়নমূলক কাম নকৰাৰ অভিযোগ তুলি চুবুৰীয়া মেঘালয়ৰ সৈতে চামিল হোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছে।

গৰুবন্ধা, বেছিমাৰি, দেৱানবিল, বৰগৰাং, বেংগেলীলা, কট্ৰাবাৰী আৰু শান্তিবিলৰ বাসিন্দাসকলে তেওঁলোকৰ অঞ্চলসমূহ মেঘালয়ৰ পশ্চিম খাচী পাহাৰ জিলাৰ সৈতে চামিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বাসিন্দাসকলে কয় যে স্বাধীনতাৰ পাছৰে পৰা তেওঁলোকৰ অঞ্চলসমূহত কোনো উন্নয়নৰ কাম পৰিলক্ষিত নহ’ল।

শনিবাৰে অঞ্চলটোৰ বাসিন্দাসকলে পথ যোগাযোগ, বিশুদ্ধ খোৱাপানী, বিদ্যুৎ যোগান,স্বাস্থ্যসেৱা তথা শিক্ষাৰ দৰে বুনিয়াদী সা-সুবিধাসমূহৰ প্ৰতি চৰকাৰৰ অৱহেলাৰ অভিযোগ তুলি প্ৰতিবাদ সাৱ্যস্ত কৰে।

তেওঁলোকে লগতে তেওঁলোকৰ এই দুৰাৱস্থাৰ বাবে পলাশবাৰীৰ বিধায়ক প্ৰনব কলিতাৰ বিৰুদ্ধেও ক্ষোভ উজাৰে আৰু তেওঁলোকৰ এনে অৱস্থা দূৰ কৰাৰ ক্ষেত্ৰত কেতিয়াও চেষ্টা নকৰাৰ অভিযোগ তোলে।

Related News