বেংগালুৰুত সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত ৭ জন লোকৰ মৃত্যু ঘটিছে। শুকুৰবাৰে পুৱা বেংগালুৰুৰ হোছাকোটে-দেবাস্পেট ঘাইপথত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি এখন এছ ইউ ভি নিয়ন্ত্ৰণ হেৰুৱাই সন্মুখত এখন মটৰবাইকত খুন্দা মাৰে। তাৰ পাছতে গাড়ীখনে এখন ট্ৰাকতো খুন্দা মাৰে। এই দুৰ্ঘটনাত গাড়ীখনত থকা ৬ জনকে ধৰি মুঠ ৭ জন লোকৰ মৃত্যু হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি শুকুৰবাৰে পুৱা বেংগালুৰুৰ এম সত্যবাড়ী গাঁৱৰ সমীপৰ হোছাকোটে-দেবাস্পেট ঘাইপথত এখন এছ ইউ ভি নিয়ন্ত্ৰণ হেৰুৱায়। গাড়ীৰ চালকে পিছফালৰ পৰা সন্মুখৰ বাইক এখনত খুন্দা মাৰে। তাৰপিছতে গাড়ীখন অলপ আগুৱাই গৈ মাল ভৰ্তি ট্ৰাক এখনত খুন্দা মাৰে।
জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গাড়ীখনত মুঠ ৬ জন লোক আছিল। আটাইকেইজনৰে মৃত্যু ঘটিছে। তদুপৰি বাইক চালকজনৰো মৃত্যু হয়। লগতে ট্ৰাকখনৰ ক্ষতিসাধন হয়। স্থানীয় ৰাইজৰ পৰা তথ্য লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। দুৰ্ঘটনাটোৰ কাৰণ সম্পৰ্কে তদন্ত অব্যাহত আছে।
এজন আৰক্ষী বিষয়াই জনোৱা মতে, মৃত লোককেইজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। নিহত আটাইকেইজন কোথানুৰৰ বাসিন্দা বুলি ধাৰণা কৰা হৈছে। তেওঁলোক দাৱনহল্লী অঞ্চলৰ দিশে গৈ আছিল। SUV ৰ অত্যধিক গতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। বেংগালুৰু গ্ৰাম্য আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।





