কেৱল নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে নহয়, নৱম শ্ৰেণীৰ পূৰ্বেই বিদ্যালয়ৰ পাঠ্যক্ৰমত যৌনশিক্ষা অন্তৰ্ভুক্ত কৰিব লাগে। এই পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ।
নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত কাৰাগাৰত বন্দী হৈ থকা ১৫ বছৰীয়া এজন ছাত্ৰৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এই পৰ্যবেক্ষণ কৰে।
ন্যায়ালয়ে কয় যে যৌৱনকালত মানুহে বিভিন্ন কাৰণত অজানিতে বিভিন্ন অপৰাধ সংঘটিত কৰে। ইয়াৰ প্ৰতিৰোধৰ বাবে আগতীয়াকৈ যৌন শিক্ষাৰ প্ৰৱৰ্তন কৰাটো অতি প্ৰয়োজনীয়।
ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ আলোক আৰাধেৰ বিচাৰপীঠে শুনানিৰ সময়ত কয় যে এই বয়সত বিভিন্ন শাৰীৰিক-মানসিক পৰিৱৰ্তন ঘটে। এই সমস্যা সমাধানৰ বাবে যৌন শিক্ষা অতি প্ৰয়োজনীয়। যিমান সোনকালে যৌন শিক্ষা দিব পাৰি সিমানেই ভাল।





