• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যৌন নিৰ্য্যাতনৰ গোচৰ : অজুহাতত হাজিৰ নহ’ল মন্ত্ৰী ৰাজেন গোহাঁই; পুনৰ নিৰ্দেশ আদালতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2019 1:03 pm
Rajen-Gohain-768x489-750x375

কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই। ফাইল ফটো

428
VIEWS
Share on FacebookShare on Twitter

এগৰাকী বিবাহিতা মহিলাক যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী তথা নগাওঁ সমষ্টিৰ বিজেপি সাংসদ ৰাজেন গোহাঁইক ৮ জানুৱাৰিত সোঁশৰীৰে হাজিৰ হ’বলৈ নগাঁও আদালতে চমন জাৰি কৰিছিল যদিও অজুহাত দেখুৱাই হাজিল নহ’ল মন্ত্ৰীজন। জানিব পৰামতে, সংসদৰ অধিৱেশনৰ বাবে দিল্লীত থকা বাবে মন্ত্ৰীজন উপস্থিত হ’ব পৰা নাই বুলি তেওঁৰ অধিবক্তাই জনায় আদালতক।

আদালতে মন্ত্ৰীজনক অহা ১৪ ফেব্ৰুৱাৰিত সোঁশৰীৰে উপস্থিত থকাৰ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে বিজেপিৰ সাংসদ তথা মন্ত্ৰীজনে নগাঁও জিলাৰ দেউৰী গাঁৱৰ বিজেপিৰ যুৱ মৰ্চাৰ এজন সদস্যৰ পত্নীক দীৰ্ঘদিন ধৰি যৌন নিৰ্য্যাতন চলাই আহিছিল বুলি যোৱা ২ আগষ্টত যুৱ মৰ্চাৰ সদস্যজনৰ পত্নয়ে নগাওঁ সদৰ থানাত এজাহাৰ দিছিল।

উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে প্ৰথমে গোচৰ ৰুজু কৰা নাছিল যদিও পিছত সেয়া কৰিবলৈ বাধ্য হয়।

আনহাতে গোচৰটোত মন্ত্ৰী ৰাজেন গোহাঁইক নগাঁৱৰ আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলোৱা বুলিও অভিযোগ উঠিছিল। কিন্তু এই লৈ সংবাদ মাধ্যম সজাগ হোৱাত আৰক্ষীয়ে গোচৰটো আদালতলৈ পঠাবলৈ বাধ্য হয়।

আনহাতে ৰাজেন গোহাঁয়ে গোচৰটোত বুজাবুজি কৰিবলৈ ভুক্তভোগী মহিলাগৰাকী আৰু তেওঁৰ স্বামী তথা বিজেপিৰ যুৱ মৰ্চাৰ সদস্যজনক টকাৰে মেনেজ কৰিব খুজিছিল বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল ভুক্তভোগী মহিলাগৰাকী আৰু তেওঁৰ স্বামীজনে।

ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈ ভুক্তভোগী মহিলাগৰাকীৰ স্বামীজনে প্ৰথম অৱস্থাত গোচৰটো উঠাই লোৱাৰ কথা ভাবিছিল যদিও পিছত সেই সিদ্ধান্ত বাদ দি গোচৰটো চলাই নিয়াৰ সংকল্প লোৱা বুলি আদালতক জনায়। তাৰ পিছতে নগাঁও আদালতে গোহাঁইৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষীয়ে আদালতত দাখিল কৰা চূড়ান্ত প্ৰতিবেদনখন অগ্ৰাহ্য কৰি গোচৰটো চলোৱাৰ সিদ্ধান্ত লৈছিল।

নগাঁও আদালতৰ মুখ্য ন্যায়িক দণ্ডাধীশ সংগীতা গগৈৰ আদালতে ৰাজেন গোহাঁইৰ গোচৰটো সন্দৰ্ভত যোৱা ২০ নৱেম্বৰত এটা নিৰ্দেশনা জাৰি কৰিছিল, য’ত ৰাজেন গোহাঁইক ৮ জানুৱাৰিত সোঁশৰীৰে আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল।

মন কৰিব লগীয়া যে ৰাজেন গোহাঁয়ে উক্ত মহিলাগৰাকীৰ উপৰি তেওঁৰ এগৰাকী ননদকো চাকৰিৰ প্ৰলোভনেৰে যৌন শোষণ কৰি আহিছিল বুলি অভিযোগ আনিছিল বিজেপি যুৱ মৰ্চাৰ সদস্যজনে।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd