• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অনাথ আশ্ৰমতে যৌন নিৰ্যাতন খোদ পৰিচালকৰ, শিৱসাগৰত আত্মহত্যাৰ চেষ্টা কিশোৰীৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 19, 2018 9:11 pm
862
VIEWS
Share on FacebookShare on Twitter

তিনিমাহৰ পূৰ্বেই অনাথ আশ্ৰমত একেৰাহে ৪০ দিন যৌন আতিশয্যৰ বলি হৈ ন্যায় লাভ নকৰাত মানসিকভাৱে হতাশগ্ৰস্ত হৈ নিজৰ হাতত মোক ন্যায় লাগে বুলি লিখি আত্মহত্যাৰ চেষ্টা চলায়। সম্প্ৰতি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে কিশোৰী গৰাকী।

উল্লেখযোগ্য যে শিৱসাগৰ জয়সাগৰস্থিত স্বপ্নালয় নামৰ অনাথ আশ্ৰমখনৰ পৰিচালক পৰাগ গোস্বামীয়ে আশ্ৰমখনৰে এগৰাকী কিশোৰীক নেমুপানীৰ লগত নিচাযুক্ত দ্ৰব্য খুৱাই একেৰাহে ৪০ দিন যৌন আতিশয্য চলাইছিল। এই অভিযোগ উত্থাপন কৰে আশ্ৰমখনৰ কিশোৰী গৰাকীয়ে।

আনহাতে তিনিমাহৰ পূৰ্বেই পোহৰলৈ অহা এই ঘটনাৰ সন্দৰ্ভত ঐক্য সেনা অসম শিৱসাগৰ জিলা সমিতিয়ে স্বপ্নালয়ৰ পৰিচালক পৰাগ গোস্বামীৰ বিৰুদ্ধে  ২ ছেপ্তেম্বৰত শিৱসাদৰ থানাত এজাহাৰ দাখিল কৰিছিল। ফলত পৰিচালকজনৰ বিৰুদ্ধে ৮৯৭/১৮ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৩৫৪/৩৪ আৰু লগতে পক্স’ আইনৰ অধীনত ধাৰা ১০ ত জামিন বিহীন গোচৰ ৰুজু হৈছিল।

মন কৰিব লগীয়া যে পৰাগ গোস্বামীৰ কবলৰ  পৰা পলাই আহি ৰংঘৰ চাৰিআলিস্থিত কৌমুদালয় শিশু আশ্ৰয় গৃহত থকা কিশোৰী গৰাকীৰ অভিযোগৰ ভিত্তিত  শিৱসাগৰ জিলা উপায়ুক্তই নিজেই ঘটনাৰ সন্দৰ্ভত ভাষ্য গ্ৰহণ কৰিছিল আৰু ভুক্তভোগী কিশোৰী গৰাকীক ন্যায় প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰিছিল। ঠিক সেই দৰেই শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক এগৰাকীয়েও গৈ কিশোৰী গৰাকীৰ পৰা ভাষ্য গ্ৰহণ কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিব বুলি কৈছিল।

কিন্তু আজি পৰ্য্যন্ত কিশোৰী গৰাকীয়ে ন্যায় নোপোৱাত মানসিকভাৱে হতাশগ্ৰস্ত হৈ নিজৰ হাতত মোক ন্যায় লাগে বুলি লিখি আজি আত্মহত্যাৰ চেষ্টা চলায়।

ইফালে আজিৰ ঘটনাৰ পিছতেই উত্তপ্ত হৈ পৰিছে শিৱসাগৰ অসামৰিক চিকিৎসালয়। ঐক্য সেনা আৰু বীৰ লাচিত সেনাৰ শতাধিক সদস্যই স্বপ্নালয়ৰ পৰিচালকৰ গ্ৰেপ্তাৰৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু ২৪ ঘন্টাৰ ভিতৰত পৰাগ গোস্বামীক গ্ৰেপ্তাৰ কৰিবলৈ প্ৰশাসনক সময়সীমা বান্ধি দিয়ে। অন্যথা যি কোনো পৰিস্থিতিৰ বাবে জিলা প্ৰশাসন দায়ী হব বুলি হুংকাৰ দিয়ে সংগঠন দুটাই।

Recent News

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd