প্ৰতিশ্ৰুতিৰ বিপৰীতে গৈ লাখ লাখ যুৱ-ছাত্ৰৰ লগতে ৰাজ্যবাসীক চৰম প্ৰতাৰণা কৰা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে অহা ২৮ ফেব্ৰুৱাৰীত ধিক্কাৰ দিৱসৰ আয়োজন কৰিছে এছ এফ আই আৰু ডি ৱাই এফ আইয়ে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পাছ বছৰ আৰু বিজেপি চৰকাৰে দহ বছৰ পূৰ্ণ কৰাৰ প্ৰাকক্ষণত নতুন পদ সৃষ্টিৰ পৰিৱৰ্তে লাখ লাখ পদ বিলুপ্তিৰ পথ সুগম কৰাৰ উপৰি শিক্ষা, স্বাস্থ্য, কৃষি, নাগৰিকৰ সুৰক্ষা আদি ক্ষেত্ৰত বিধ্বস্ত অৱস্থালৈ ঠেলি দিছে। “স্বচ্ছ আৰু নিকা” নিযুক্তি আৰু “দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি” ঘোষণা কৰা এইখন চৰকাৰ দিনত দুৰ্নীতিয়ে চৰম সীমা পাইছে।
ছাত্ৰ-যুৱ সংগঠন দুটাই সেইদিনা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ঠগ-প্ৰবঞ্চনাৰ আৰু প্ৰতাৰণাৰ স্বৰূপ উদঙাই এক অভিযোগ পত্ৰও প্ৰকাশ কৰিব আৰু প্ৰতাৰক চৰকাৰখনক আগন্তুক নিৰ্বাচনত পৰাস্ত কৰাৰ বাবে ৰাজনৈতিক যুদ্ধ ঘোষণা কৰিব।
ছাত্ৰ-যুৱ সংগঠন দুটাৰ স্পষ্ট অভিযোগক এপিএছচিৰ নিযুক্তি প্ৰক্ৰিয়াৰ দুৰ্নীতি উদঙাই বিপ্লৱ কুমাৰ শৰ্মা আয়োগে প্ৰতিবেদন দাখিল কৰাৰ পাছতো আজিলৈ সঠিক ব্যৱস্থা গ্ৰহণ নকৰিলে। ডেৰ লক্ষাধিক যুৱক-যুৱতীক নিযুক্তি দিয়া বুলি দাবী কৰা চৰকাৰখনে মানুহক বিভ্ৰান্ত কৰিবলৈ আৰু সহানুভূতি আদায় কৰিবলৈ এই তথ্য প্ৰচাৰ কৰিছে। প্ৰকৃততে এই নিযুক্তি প্ৰক্ৰিয়া যথেষ্ট অস্পষ্ট আৰু গুৰুতৰ খেলিমেলি যুক্ত। দাবী কৰি অহাৰ পাছতো আজিলৈ চৰকাৰে এই সম্পৰ্কত শ্বেতপত্ৰ প্ৰকাশ নকৰিলে। যথেষ্ট অভাৰলেপিং হোৱা, শুৱালকুছিৰ ৫৬/৫৭ বছৰীয়া ব্যক্তিয়ে চাকৰি পোৱা, জালুকবাৰী সমষ্টিৰ বেছিসংখ্য প্ৰাৰ্থীয়ে নিযুক্তি পাবলৈ সক্ষম হোৱা আদি স্পষ্ট অভিযোগ হোৱাৰ পাছতো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কোনো ব্যৱস্থা নল’লে। গিগ কৰ্মচাৰীৰ, ঠিকাভিত্তিক কৰ্মচাৰী, আঁচনিভূক্ত কৰ্মচাৰীৰ চাকৰি আৰু কৰ্মৰ নিৰাপত্তা দিয়াৰ সলনি চৰকাৰে কেৱল হিতাধিকাৰী সৃষ্টিৰে ভোট সংগ্ৰহৰ ৰাষ্টা লৈছে। কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱা লাখ লাখ যুৱক-যুৱতীক সুৰক্ষা আৰু পঞ্জীয়ন কৰাৰ ক্ষেত্ৰতো এই চৰকাৰে কোনো উদ্যোগ গ্ৰহণ কৰা নাই।
হাজাৰ হাজাৰ স্কুল বন্ধ কৰি মদৰ দোকান খোলাৰ আজব সিদ্ধান্ত লোৱা এইখন চৰকাৰে দুই লক্ষাধিক টকাৰ ঋণ লৈ ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা ভয়াৱহ অৱস্থালৈ ঠেলি দিছে। এটাৰ পিছত এটাকৈ উদ্যোগ বন্ধ কৰা এইখন চৰকাৰে সাধাৰণ কৃষক আৰু জনজাতীয় লোকৰ ডেৰ লক্ষাধিক বিঘা মাটি আদানি-আম্বানি আৰু ৰামদেৱৰ হাতত তুলি দিছে। পাছখন উন্নত ৰাজ্যৰ স্তৰলৈ উত্তৰণ প্ৰতিশ্ৰুতি দিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যখনক শিক্ষা-স্বাস্থ্য-নাৰী সুৰক্ষা আদি সকলো ক্ষেত্ৰতে তলৰ স্তৰলৈ অধঃপতিত কৰিছে। ৰাজ্যৰ মৌলিক সমস্যা সমাধান কৰিব নোৱাৰা এই চৰকাৰখনে কেৱল হিন্দু-মুছলমানৰ নামত সাম্প্ৰদায়িক ৰাজনীতি কৰিছে আৰু বিৰোধী দল-সংগঠনৰ বিৰুদ্ধে স্বৈৰাচাৰী মনোভাৱ লৈ ৰাজ্যৰ গণতান্ত্ৰিক পৰিৱেশ বিনষ্ট কৰিছে।এই প্ৰেক্ষাপটতে এছ এফ আই আৰু ডি ৱাই এফ আইয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আচল ছবি উদঙাই দিবলৈ ধিক্কাৰ দিৱসৰ আয়োজন কৰিছে। এই কাৰ্যসূচী সফল কৰি তুলিবলৈ ৰাজ্যৰ যুৱ-ছাত্ৰ সমাজ আৰু সাধাৰণ ৰাইজলৈ আহ্বান জনাইছে।




