লখিমপুৰৰ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ৫খন আসনৰ নিৰ্বাচনত সন্মিলিত গণশক্তিয়ে আটাইকেইখন আসনতেই জয়লাভ কৰিছে। সন্মিলিত গণশক্তিৰ অনিল পায়েঙে ১৮নং ভীমপাৰা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ আসনত ৫৩৩৩টা ভোট পাই বিজয়ী হৈছে, ১৯নং ঘুনাসুঁতি পূব তেলাহী মিচিং স্বায়ত্ব শাসিত পৰিষদৰ আসনত বিজু পায়েঙে ৯৯৯৫টা ভোট পাই, ২৩নং লোহিত পশ্চিম মিচিং স্বায়ত্ব শাসিত পৰিষদৰ আসনত মুকুল পেগুৱে ৫৮২৯টা ভোট পাই বিজয়ী হৈছে, ২৪নং ৰঙানদী আৰু ২৫ নং দিক্ৰং মিচিং স্বায়ত্ব শাসিত পৰিষদৰ আসনত ক্ৰমে দেবৰঞ্জন মৰাং আৰু দিলীপ পেগুৱে ক্ৰমে ৩৩৩৪টা আৰু ৫২৭৬টা ভোট পাই বিজয়ী হৈছে।
লখিমপুৰৰ সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ ২খন আসনৰ নিৰ্বাচনত বিজেপিয়ে দুয়োখন আসনতেই জয়লাভ কৰিছে। ২১নং তেলাহী আৰু ২২ নং বগীনদী সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ আসনত ক্ৰমে খনিন্দৰ সোণোৱাল আৰু প্ৰশান্ত সোণোৱাল বিজয়ী হৈছে।
অৱশ্যে, জিলাখনৰ ঢকুৱাখনা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া চেনীৰাম শইকীয়াৰ (৫৪) আকস্মিক বিয়োগৰ বাবে মহকুমাখনৰ ভোটগণনাত কিছু বিলম্ব হয়। আজি পুৱা হঠাতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হয়। যোৰহাট নিবাসী শইকীয়াই ঢকুৱাখনাত মহকুমা আৰক্ষী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। দেওবাৰে আবেলি বুকুত বিষ অনুভৱ কৰাত তেওঁক লৰালৰিকৈ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।