NORTHEAST NOW (Assamese)

নিজৰ পছন্দৰ কইনাৰে বিয়া পাতি সুখী শ্বাহিদ কাপুৰ

January 26, 2025 2:44 pm · এন ই নাও নিউজ, গুৱাহাটী

২০০৬ চনত মুক্তি লাভ কৰিছিল শ্বাহিদ কাপুৰ আৰু অমৃতা ৰাও অভিনীত ‘বিবাহ’ চিনেমাখন। শ্বাহিদ আৰু অমৃতাৰ অন স্ক্ৰীণ সম্পৰ্কৰ কেমিষ্ট্ৰিয়ে বিভিন্ন প্ৰজন্মৰ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। জীৱনৰ সংকটৰ সময়ত যদি কোনো সংগী আপোনাৰ কাষত থাকে, তেন্তে হয়তো মৃত্যুকো আকোৱালি লব পাৰি। সেই বাৰ্তা এই ছবিখনে দিছিল।

অৱশ্যে কেৱল দৰ্শকেই নহয়, ছবিখনৰ নায়ক শ্বাহিদেও বিচাৰিছিল জীৱনৰ এনে এজন নিৰ্ভৰযোগ্য, বিশ্বাসযোগ্য সংগী। শেহতীয়াকৈ শ্বাহিদে কয় যে ভগৱানে তেওঁৰ ইচ্ছা পূৰণ কৰিলে। সেইবাবেই তেওঁ মীৰাক নিজৰ জীৱনলৈ পঠিয়াই দিলে।

তেওঁ কয়, “চিনেমাখনৰ কাহিনী যিয়েই নহওক কিয়, বাস্তৱত মই মাত্ৰ কেইদিনমানৰ প্ৰেমৰ সম্পৰ্কৰ পিছত কাৰোবাক মোৰ জীৱন সংগী হিচাপে বাছি লোৱাটো কল্পনাও কৰিব নোৱাৰিলোঁহেঁতেন। কিন্তু মীৰা মোৰ সকলো ধাৰণা সলনি কৰি দিলে। এতিয়া মই ভাবো যে আমি বিবাহ জীৱনত ইমান সুখী কাৰণ আমি বিয়া হবলৈ বাছি লৈছিলো।

শ্বাহিদৰ প্ৰেম জীৱনকো নেটিজেনৰ মাজত বহু চৰ্চা আৰু সমালোচনাৰ বিষয় হৈ পৰিছে। কৰীনা কাপুৰৰ পৰা আৰম্ভ কৰি প্ৰিয়ংকা চোপ্ৰালৈকে বহু লোকৰ সৈতে শ্বাহিদৰ সম্পৰ্ক আছে যদিও তেওঁলোকৰ কোনো সম্পৰ্কই সম্পূৰ্ণ হোৱা নাই।

ইফালে ২০১৫ চনত মীৰা ৰাজপুতৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল শ্বাহিদে। বহুতে মানি লব পৰা নাছিল যে শ্বাহিদে পৰিয়ালৰ মতত বিয়া কৰাইছে।

Related News