• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শ্বেখ হাছিনাৰ সংবাদমেলক লৈ ঢাকাৰ তীব্ৰ আপত্তি: ভাৰত-বাংলাদেশৰ সম্পৰ্কত পুনৰ তিক্ততা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 26, 2026 5:46 pm
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত নিৰ্বাসিত হৈ থকা বাংলাদেশৰ ক্ষমতাচ্যুত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ২৩ জানুৱাৰী, শুকুৰবাৰে দিল্লীত আয়োজন কৰা সংবাদমেলক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বাংলাদেশে। ঢাকাই অভিযোগ কৰিছে যে ভাৰত চৰকাৰে হাছিনাক বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰ অপসাৰণৰ বাবে ৰাজহুৱাভাৱে আবেদন জনোৱাৰ অনুমতি প্ৰদান কৰাত তেওঁলোকে গভীৰ অসন্তুষ্টি লাভ কৰিছে।

বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে ২৫ জানুৱাৰী, দেওবাৰে এক বিবৃতি যোগে জনায় যে শ্বেখ হাছিনাৰ এই কাৰ্যই কেৱল কূটনৈতিক নীতি-নিয়মেই উলংঘা কৰা নাই, বৰঞ্চ ই “বাংলাদেশৰ জনসাধাৰণ আৰু চৰকাৰৰ প্ৰতি এক মুকলি অপমান”। মন্ত্ৰালয়ৰ মতে, ভাৰতৰ মাটিত বহি দিয়া এনে ভাষণে বাংলাদেশৰ গণতান্ত্ৰিক পৰিৱৰ্তনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে, যাৰ প্ৰভাৱ ভৱিষ্যতে দুই দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত পৰিব পাৰে।

Apply Now

উল্লেখ্য যে ২০২৪ চনৰ আগষ্ট মাহত ছাত্ৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত ক্ষমতা হেৰুৱাই ভাৰতত আশ্ৰয় লোৱাৰ পিছত শুকুৰবাৰে শ্বেখ হাছিনাই প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে সংবাদমেল সম্বোধন কৰে। দিল্লীৰ ‘ফৰেইন ক’ৰেচপনডেন্টছ ক্লাব’ত (Foreign Correspondents’ Club) অনুষ্ঠিত এই সংবাদমেলত তেওঁ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ড° মহম্মদ ইউনুছক “ধন সৰবৰাহকাৰী” আৰু “লুটপাতকাৰী” বুলি তীব্ৰ সমালোচনা কৰে। লগতে তেওঁৰ দলে ১২ ফেব্ৰুৱাৰীত হ’বলগীয়া নিৰ্বাচন সম্পূৰ্ণ বৰ্জন কৰিব বুলিও ঘোষণা কৰে।

ইফালে বাংলাদেশে অভিযোগ কৰিছে যে শ্বেখ হাছিনাই নিজৰ সমৰ্থকসকলক নিৰ্বাচনৰ সময়ত হিংসাত্মক কাৰ্য সংঘটিত কৰিবলৈ উচটনি দিছে। উল্লেখ্য যে, জুলাই-আগষ্ট মাহৰ আন্দোলনৰ সময়ত সংঘটিত হত্যাকাণ্ডৰ বাবে ঢাকাস্থিত আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে হাছিনাক ইতিমধ্যে (অনুপস্থিতিত) মৃত্যুদণ্ড বিহিছে। মহম্মদ ইউনুছৰ চৰকাৰে হাছিনাক ভাৰতৰ পৰা প্ৰত্যাৰ্পণ কৰিবলৈ দাবী জনাই আহিছে যদিও নতুন দিল্লীয়ে এতিয়াও এই আবেদনৰ ওপৰত কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই।

ভাৰত আৰু বাংলাদেশৰ সম্পৰ্ক বৰ্তমান অধিক জটিল হৈ পৰিছে কাৰণ, বাংলাদেশেত হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ ওপৰত চলা হিংসাৰ ঘটনাক ভাৰতে ধাৰাবাহিকভাৱে সমালোচনা কৰি আহিছে। আইপিএলৰ পৰা মুস্তাফিজুৰ ৰহমানক অপসাৰণ কৰা আৰু নিৰাপত্তাজনিত উদ্বেগৰ বাবে বাংলাদেশে ভাৰতত অনুষ্ঠিত হ’বলগীয়া পুৰুষৰ টি-২০ বিশ্বকাপৰ পৰা আঁতৰি আহিছে। তদুপৰি, ফেব্ৰুৱাৰীত হ’বলগীয়া নিৰ্বাচনত বাংলাদেশ জাতীয়তাবাদী দল (BNP) আৰু জামাত-ই-ইছলামীৰ মিত্ৰজোঁটক নিৰ্বাচনী দৌৰত আগশাৰীৰ বুলি ধাৰণা কৰা হৈছে।

বাংলাদেশ চৰকাৰে স্পষ্ট কৰি দিছে যে চুবুৰীয়া দেশ হিচাপে ভাৰতে সাৰ্বভৌমত্বৰ প্ৰতি সন্মান জনাই হাছিনাক এনে উত্তেজক মন্তব্য দিয়াৰ পৰা বিৰত ৰখা উচিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

July 24, 2026 7:00 am
চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

July 24, 2026 7:00 am
চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd