• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নতুন দিল্লীত শ্বেখ হাছিনাৰ সংবাদমেলক লৈ বাংলাদেশৰ তীব্ৰ ক্ষোভ; প্ৰত্যৰ্পণৰ দাবীত অটল ঢাকা

ভাৰতৰ ৰাজধানী নতুন দিল্লীত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই সম্বোধন কৰা এখন ভাৰ্চুৱেল সংবাদমেলক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বাংলাদেশ চৰকাৰে। বুধবাৰে বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি যোগে ভাৰত চৰকাৰৰ এই কাৰ্যত গভীৰ আক্ষেপ প্ৰকাশ কৰাৰ লগতে ই দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কত বিৰূপ প্ৰভাৱ পেলাব পাৰে বুলি সকীয়াই দিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2026 9:43 am
426
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ৰাজধানী নতুন দিল্লীত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই সম্বোধন কৰা এখন ভাৰ্চুৱেল সংবাদমেলক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বাংলাদেশ চৰকাৰে। বুধবাৰে বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি যোগে ভাৰত চৰকাৰৰ এই কাৰ্যত গভীৰ আক্ষেপ প্ৰকাশ কৰাৰ লগতে ই দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কত বিৰূপ প্ৰভাৱ পেলাব পাৰে বুলি সকীয়াই দিছে। বাংলাদেশে বাৰে বাৰে শ্বেখ হাছিনাক প্ৰত্যৰ্পণ কৰিবলৈ অনুৰোধ জনোৱাৰ পিছতো ভাৰতৰ পৰা কোনো সঁহাৰি লাভ নকৰা বুলিও ক্ষোভ প্ৰকাশ কৰিছে।

 

Apply Now

২০২৪ চনৰ ৫ আগষ্টত ছাত্ৰ-জনতাৰ বৃহৎ আন্দোলনৰ ফলত দেশ এৰি ভাৰতত আশ্ৰয় লোৱাৰ পাছত এইখনেই আছিল নতুন দিল্লীৰ পৰা শ্বেখ হাছিনাই আয়োজন কৰা তেওঁৰ প্ৰথমখন ভাৰ্চুৱেল সংবাদ মেল, য’ত তেওঁ সংবাদ মাধ্যমৰ সৈতে পোনপটীয়াকৈ বৰ্তালাপ কৰে। এই ভাৰ্চুৱেল অনুষ্ঠানটো কেৱল শ্ৰাব্য আছিল আৰু উপস্থিত লোকসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক দেখাৰ পৰিৱৰ্তে কেৱল তেওঁৰ মাতহে শুনিবলৈ পাইছিল। সংবাদমেলতেই তেওঁ দেশখনক পুনৰ সঠিক দিশলৈ ঘূৰাই আনিবলৈ চলিত বৰ্ষৰ ডিচেম্বৰ মাহত বাংলাদেশলৈ উভতি যোৱাৰ সংকল্প ব্যক্ত কৰি কয় যে যিকোনো পৰিণতি, গ্ৰেপ্তাৰ বা জীৱনৰ প্ৰতি ভাবুকি আহিলেও তেওঁ তাক সন্মুখীন হ’বলৈ সাজু। ইপিনে, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই অনুষ্ঠানটো এক ব্যক্তিগত সংবাদ মাধ্যমে আয়োজন কৰা বুলি স্পষ্ট কৰি দি ইয়াত ভাৰত চৰকাৰৰ কোনো ভূমিকা নাই বুলি প্ৰকাশ কৰিছে।

 

বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে, এই সংবাদমেলৰ ফলত উদ্ভৱ হ’ব পৰা পৰিস্থিতি আৰু দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ বিষয়ে ভাৰত চৰকাৰক পূৰ্বেই অৱগত কৰা হৈছিল। ইয়াৰ পিছতো অনুষ্ঠানটো অনুষ্ঠিত হ’বলৈ দিয়া কাৰ্যই বাংলাদেশৰ জনসাধাৰণৰ আৱেগত আঘাত সনাৰ লগতে চুবুৰীয়া দেশখনৰ সৈতে গঢ়ি উঠা সুসম্পৰ্কৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি মন্ত্ৰালয়ে অভিযোগ কৰিছে। জুলাই বিপ্লৱৰ দ্বিতীয় বাৰ্ষিকী পালন কৰা দিনটোৰেই এই ঘটনা ঘটাত ইয়াক বাংলাদেশৰ সাৰ্বভৌমত্বৰ প্ৰতি আঘাত আৰু বিপ্লৱৰ ছহিদসকলৰ প্ৰতি চৰম অপমান বুলি মন্ত্ৰালয়ে অভিহিত কৰিছে। লগতে বিবৃতিটোত কোৱা হৈছে যে বাংলাদেশে সাৰ্বভৌম সমতা, পাৰস্পৰিক সন্মান আৰু ইখনে সিখনৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰাৰ নীতিৰ ভিত্তিত ভাৰতৰ সৈতে এক গঠনমূলক আৰু পাৰস্পৰিক লাভালাভৰ সম্পৰ্ক বজাই ৰাখিব বিচাৰে।

 

২০১৩ চনত স্বাক্ষৰিত ভাৰত-বাংলাদেশ প্ৰত্যৰ্পণ চুক্তিৰ অধীনত শ্বেখ হাছিনাক বাংলাদেশলৈ ঘূৰাই পঠিওৱাৰ বাবে ঢাকাই জনোৱা অনুৰোধৰ ভাৰতে এতিয়ালৈকে কোনো সঁহাৰি নিদিয়াত বৈদেশিক মন্ত্ৰালয়ে গভীৰ নিৰাশা ব্যক্ত কৰিছে। উল্লেখযোগ্য যে, ২০২৪ চনৰ আন্দোলনৰ সময়ত চৰকাৰৰ বৰ্বৰ নিৰ্যাতন আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগত যোৱা নৱেম্বৰ মাহত ঢাকাৰ এখন বিশেষ ন্যায়াধীকৰণে হাছিনাক অনুপস্থিতিতে মৃত্যুদণ্ডৰ নিৰ্দেশ দিছিল। তাৰ পিছৰে পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক আইনী প্ৰক্ৰিয়াৰ সন্মুখীন কৰোৱাৰ বাবে বাংলাদেশে ভাৰতক অহৰহ দাবী জনাই আহিছে।

 

ভাৰতৰ পৰা শ্বেখ হাছিনাই কৰা এনে মন্তব্যক বাংলাদেশৰ সাৰ্বভৌমত্বৰ প্ৰতি অপমান আৰু জুলাই বিপ্লৱত প্ৰাণ আহুতি দিয়া ছহিদসকলৰ প্ৰতি চৰম তাচ্ছিল্য বুলি অভিহিত কৰি ঢাকা বৰ্তমানো হাছিনাৰ প্ৰত্যৰ্পণৰ দাবীত অটল আছে, যাৰ ফলত বৰ্তমান দুয়োখন দেশৰ কূটনৈতিক স্থিতি যথেষ্ট স্পৰ্শকাতৰ হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd