ক্ষীপ্ৰ গতিত চলিছে পুৰণিগুদামৰ মিনাৰ স্থানান্তৰৰ কাম; উদ্ধাৰ পৌৰাণিক সম্পদ

যোৱা প্ৰায় এমাহ ধৰি ক্ষীপ্ৰ গতিত চলি আছে ১ঌo৯ চনত স্থাপিত নগাঁও জিলাৰ পুৰণিগুদামৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত বৰমছজিদৰ দুমহলীয়া মিনাৰটোৰ স্থানান্তৰ কৰাৰ কাম। উল্লেখযোগ্য যে ঘাইপথ প্ৰাধীকৰণে ৰাষ্ট্ৰীয় ঘাইপথ চোৱাক চাৰিলেনযুক্ত পথলৈ সম্প্ৰসাৰণ কৰাৰ কাম হাতত লোৱাত ঐতিহাসিক মিনাৰটোৰ প্ৰতি ভাবুকি নামি আহিছিল।

চিমেন্টৰ পৰিৱৰ্তে চূণ, ধূণা, হাঁহ কণী, মাটিমাহ আদি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা ঐতিহাসিক মিনাৰটো সংৰক্ষণৰ বাবে স্থানীয় ৰাইজ উঠি-পৰি লাগিছিল যদিও নিৰাশ হ’বলগীয়া হৈছিল। চৰকাৰী পক্ষৰ নিৰ্লিপ্ততাৰ ফলত মিনাৰটো নিঃশেষ হোৱাৰ উপক্ৰম হৈছিল।

এনে সময়তে ২০১৬ চনৰ ১৪জুনত স্থানীয় চিত্ৰৰঞ্জন বৰা আৰু পত্নী মেঘালী গায়নে ফেচবুকত মিনাৰটোৰ সংৰক্ষণৰ সন্দৰ্ভত কৰা এটা প’ষ্টৰ প্ৰতি সহাঁৰি জনাই সংৰক্ষণৰ বাবে আগবাঢ়ি আহিল যোৰহাটৰ ৱাকিল আহমেদ নামৰ এজন উদীয়মান যুৱক।

লগতে পঢ়ক নভঙাকৈ স্থানান্তৰিত হ’ব পুৰণিগুদামৰ ১১২ বছৰীয়া সু-উচ্চ ঐতিহাসিক মছজিদৰ মিনাৰ

যুৱকজনে ইয়াৰ বাবে হাৰিয়ানাৰ এটা কোম্পানীৰ সৈতে যোগাযোগ কৰে। পিছত পুৰণিগুদামৰ আঞ্জুমান-ই-ইছলামিয়া নামৰ সংগঠনটোৱে হাৰিয়ানাৰ ‘আৰ আৰ এণ্ড চনচ” নামৰ কোম্পানীটোৰ লগত যোগাযোগ কৰি উক্ত মিনাৰটো ৬০ফুট দুৰত্বলৈ স্থানান্তৰৰ কাম আৰম্ভ কৰে।

বিগত এমাহ ধৰি দিনে-নিশাই চলোৱা প্ৰচেষ্টাৰ অন্তত মিনাৰটোৰ তলত ৰেলৰ চিৰি সদৃশ প্লেট বহুৱাই বিয়েৰিং আৰু জেকৰ জৰিয়তে প্ৰায় ঌফুট মিনাৰটো পূৰ্বৰ স্থানৰ পৰা স্থানান্তৰ কৰা হয়। অহা ১৫দিনৰ ভিতৰত মিনাৰ স্থানান্তৰৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি জানিব পৰা গৈছে।

আনহাতে মিনাৰটো স্থানান্তৰ কৰাৰ সময়তে ইয়াৰ তলত মাটিত পোত খাই দুটা কেৰাহী সদৃশ যতন অক্ষত অৱস্থাত উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা সামগ্ৰী কেইপদ চাবলৈ সেই স্থানত যথেষ্ট লোকৰ সমাগম হয়। স্থানীয় ৰাইজে কেৰাহী সদৃশ সম্পদ দুটা মিনাৰটোৰ নিৰ্মানৰ কামত ব্যৱহাৰ কৰা হৈছিল বুলি অনুমান কৰাৰ লগতে ইয়াৰ উচিত সংৰক্ষণৰ শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে পুৰাতত্ব বিভাগক আহ্বান জনায়।