নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰুদ্ধে অসমত বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাৱ্যস্ত কৰি থকাৰ মাজতে কাইলৈ সংসদত উত্থাপন কৰিবলগীয়া বিধেয়কখনৰ বিৰোধিতা কৰাৰ কথা সদৰী কৰিছে শিৱ সেনাই।
দেওবাৰে দলটোৱে প্ৰকাশ কৰা এটা প্ৰেছ বিজ্ঞপ্তিত ৭ জানুৱাৰিত সংসদত যুটীয়া সংসদীয় সমিতিয়ে দাখিল কৰিবলগীয়া নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰাৰ কথা দোহাৰিছে।
অসম গণ পৰিষদ দলে বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ শিৱ সেনাক জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই দলটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
শিৱ সেনাৰ নেতা সঞ্জয় ৰাউটে স্বাক্ষৰ কৰা বিবৃতিটোত কোৱা হৈছে যে ‘’ আমি সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰোধিতা কৰিবলৈ বদ্ধপৰিকৰ। গোটেই অসমতে জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে বিধেয়কখনৰ বিৰোধিতা কৰিছে।‘’
দলটোৱে লগতে প্ৰকাশ কৰে যে প্ৰস্তাৱিত বিধেয়কখনে অসম চুক্তিৰ অধীনত অসমীয়া লোকৰ সাংস্কৃতিক, সামাজিক আৰু ভাষিক পৰিচয় তথা ঐতিহ্যক সুৰক্ষিত কৰাৰ বিষয়টোক নস্যাৎ কৰিব।
তদুপৰি, যদিহে বিধেয়কখন গৃহীত হয় তেতিয়াহ’লে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চলি থকা এনআৰচিৰ সমগ্ৰ প্ৰক্ৰিয়াটো অৰ্থহীন হৈ পৰিব বুলিও বিবৃতিটোত কোৱা হৈছে। এইদৰে শিৱ সেনাই অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ বাবে আগবাঢ়ি আহিছে।
শিৱ সেনাৰ বিবৃতিটো প্ৰকাশ পোৱাৰ পাছতে প্ৰাক্তন মুখ্য মন্ত্ৰী তথা অগপ নেতা প্ৰফুল্ল কুমাৰ মহন্তই টুইট যোগে প্ৰকাশ কৰিছে যে ‘’আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই শিৱ সেনাই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰোধিতা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ আন্দোলন আছিল অসমৰ বাবে, এতিয়াও অসমৰ বাবে আৰু অসমৰ বাবেই হ’ব।‘’
উল্লেখযোগ্য যে ইতিমধ্যে জনতা দল (সংযুক্ত) আৰু বিজু জনতা দলে সংসদত প্ৰস্তাৱিত বিধেয়কখনৰ বিৰোধিতা কৰাৰ প্ৰতিশ্ৰুতি দিছে।