ল’কডাউনৰ সময়ত আৱদ্ধ শ্ৰমিক সকলক নিজ নিজ ৰাজ্যলৈ উভতি যোৱাৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ৰ হাত আগবঢ়োৱা বলিউদৰ অভিনেতা চনু চুডক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে শিৱসেনাই।
ল’কডাউনৰ সময়ত প্ৰব্ৰজিত শ্ৰমিক সকলক সহায়ৰ হাত আগবঢ়োৱা চনুক কটাক্ষ কৰিছে মহাৰাষ্ট্ৰৰ শিৱসেনাৰ নেতা সঞ্জয় ৰাউটে।
‘‘বিগত কিছুদিন ধৰি চনু চুড নামৰ এজন নতুন মহাত্মাৰ আবিৰ্ভাৱ হৈছে,’’ চনুক কটাক্ষ কৰি সঞ্জয় ৰাউটে কয়।
‘‘নতুন মহাত্মা গৰাকীয়ে অতিশীঘ্ৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব আৰু মুম্বাইৰ চেলিব্ৰেটি মেনেজাৰ হৈ পৰিব,’’ সঞ্জয় ৰাউটে লগতে কয়।
উল্লেখযোগ্য যে, অভিনেতা চনু চুডে ল’কডাউনৰ সময়ত আৱদ্ধ হৈ পৰা প্ৰব্ৰজিত শ্ৰমিক সকলক নিজ নিজ ঘৰলৈ উভতি যোৱাৰ বাবে সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত বাছৰ ব্যৱস্থা কৰিছিল।
অভিনেতা গৰাকীয়ে শ্ৰমিক সকলৰ উপৰিও ছাত্ৰ-ছাত্ৰী সকলৰ বাবেও বিমানৰ ব্যৱস্থা কৰি দিছিল।
ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত চুড়ান্তভাৱে ব্যৰ্থ হোৱা মহাৰাষ্ট্ৰৰ শিৱসেনা নেতৃত্বাধীন মিত্ৰজোট চৰকাৰে বলিউদ অভিনেতা গৰাকীক কৰা সমালোচনাই চনুৰ অনুৰাগী সকলৰ লগতে বহু লোকক ক্ষুণ্ণ কৰি তুলিছে।