• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুবিন গাৰ্গক বিষ দিয়া হৈছিল? বাদ্যযন্ত্ৰী শেখৰে দিলে ষড়যন্ত্ৰৰ ইংগিত! ৰহস্য ঘণীভূত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 4, 2025 8:42 am
80
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত এক চাঞ্চল্যকৰ ঘটনাৰ দিশ উঠি আহিছে।  কিয়নো ছিংগাপুৰত য়ট ভ্ৰমণৰ সময়ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই শিল্পীগৰাকীক বিষাক্ত দ্ৰব্য খুৱাই তেওঁৰ মৃত্যুক পানীত ডুবি ঘটা দুৰ্ঘটনাজনক মৃত্যু  বুলি প্ৰদৰ্শন কৰাৰ অভিযোগত সিদ্ধাৰ্থ শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ভাৰতীয় নগৰিক সুৰক্ষা সংহিতাৰ ১৭৫ নং ধাৰাত লিপিবদ্ধ কৰা এক ভায্যত বাদ্যয়ন্ত্ৰী শেখৰ জ্যোতি গোস্বামীয়ে অভিযোগ কৰিছে যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই ভুক্তভোগীক বিষাক্ত দ্ৰব্য খুৱাইছিল আৰু নিজৰ ষড়যন্ত্ৰ লুকুৱাবলৈ ইচ্ছাকৃতভাৱে বিদেশৰ স্থান বাছি লৈছিল।

Apply Now

এই বিস্ফোৰক সাক্ষ্যই অপৰাধমূলক ষড়যন্ত্ৰ, হত্যা, আৰু অপৰাধমূলক হত্যাৰ অভিযোগত সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ বাট মুকলি কৰে। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ডাঃ ৰ’জী কলিতাৰ স্বাক্ষৰিত গ্ৰেপ্তাৰৰ কাৰণত সেইকথা বিতংভাৱে উল্লেখ কৰা হৈছে।

ছিংগাপুৰৰ পান পেচিফিক হোটেলৰ ৩০১০ নং কোঠাত সিদ্ধাৰ্থ শৰ্মাৰ সৈতে থকা শেখৰ গোস্বামীয়ে দাবী কৰে যে জুবিনৰ মৃত্যুৰ পূৰ্বেই তেওঁৰ মৃত্যুক দুৰ্ঘটনা বুলি দেখুৱাবলৈ এক ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। ঘটনাৰ আগৰ কেইদিনত সন্দেহজনক আচৰণ প্ৰত্যক্ষ কৰাৰো তেওঁ অভিযোগ আনিছে।

সাক্ষীৰ বক্তব্যই য়টখনত ঘটা ঘটনাৰ এক ৰহস্যজনক ছবি সন্মুখলৈ আনিছে। তথ্য অনুসৰি সিদ্ধাৰ্থ শৰ্মাই জাহাজখনৰ নাৱিকৰ পৰা বলপূৰ্বকভাৱে নিয়ন্ত্ৰণ জব্দ কৰাৰ ফলত জাহাজখনে মাজ সাগৰত বিপদজনকভাৱে দোলা দি সকলো যাত্ৰীকে বিপদৰ মাজলৈ ঠেলি দিছিল।

জুবিন গাৰ্গে উশাহ ল’বলৈ হাঁহাকাৰ কৰি প্ৰায় ডুব যোৱা আতুৰ মুহূৰ্তবোৰত সিদ্ধাৰ্থ শৰ্মাই “যাব দে, যাব দে” বুলি চিঞৰা শুনা গৈছিল বুলি অভিযোগ উঠিছে।

শেখৰ গোস্বামীৰ আটাইতকৈ প্ৰত্যয়জনক দাবীটো হৈছে জুবিন গাৰ্গৰ সাঁতোৰ ক্ষমতাক কেন্দ্ৰ কৰি। সাক্ষীগৰাকীয়ে জোৰ দি কয় যে গাৰ্গ এজন বিশেষজ্ঞ সাঁতোৰবিদ যিয়ে তেওঁক আৰু অভিযুক্ত দুয়োকে প্ৰশিক্ষণ দিছিল, আৰু সেয়েহে পানীত ডুবি মৃত্যুবৰণ কৰিব নোৱাৰে।

জুবিনৰ যেতিয়া মুখ আৰু নাকত ফেন ওলাবলৈ ধৰিলে, তেতিয়া সিদ্ধাৰ্থই প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তে ইয়াক এচিড ৰিফ্লাক্স বুলি উলাই কৰি আনসকলক আশ্বস্ত কৰিছিল যে  চিন্তাৰ কোনো কাৰণ নাই। আৰক্ষীৰ অভিযোগ যে এই নিষ্ক্ৰিয়তাই জুবিন গাৰ্গৰ অকাল মৃত্যু মাতি আনিছিল।

গ্ৰেপ্তাৰৰ কাৰণত সিদ্ধাৰ্থই ছিংগাপুৰৰ আছাম এছোচিয়েছনৰ প্ৰবাসী ভাৰতীয় সদস্য তন্ময় ফুকনক অকলেই পানীয় যোগান ধৰিব বুলি দাবী কৰি পানীয়ৰ ব্যৱস্থা নকৰিবলৈ নিৰ্দেশ দিয়া বুলিও উল্লেখ আছে।

তদন্তকাৰীৰ মতে প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰি সিদ্ধাৰ্থই শেখৰক য়টৰ ভিডিঅ’ কাৰো লগত শ্বেয়াৰ নকৰিবলৈ নিৰ্দেশ দিছিল বুলি অভিযোগ উঠিছে।

আৰক্ষীয়ে কয় যে তেওঁলোকৰ গোচৰটো তদন্তৰ সময়ত সংগ্ৰহ কৰা বস্তুগত প্ৰমাণৰ ওপৰত নিৰ্মিত, য’ত আছে নথিপত্ৰৰ ৰেকৰ্ড, বিত্তীয় লেনদেন, আৰু সাক্ষীৰ বক্তব্য যিয়ে সিদ্ধাৰ্থ শৰ্মাৰ অপৰাধক তুলি ধৰে।

নথিত ​​উল্লেখ কৰা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ আগৰ ঘটনা সন্দৰ্ভত সিদ্ধাৰ্থ শৰ্মাই কোনো সন্তোষজনক ব্যাখ্যা আগবঢ়োৱাত ব্যৰ্থ হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am
এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am
এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd