আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতীয় বেটাৰে প্ৰজন্ম অনুসাৰে লাভ কৰি আহিছে এক সুকীয়া স্থান। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ভাৰতে লাভ কৰিছে আন্তৰ্জাতিক ক্ৰিকেটত নিজৰ বেটিং বিক্ৰমেৰে কিংবদন্তিৰ শাৰীলৈ উত্তীৰ্ণ হোৱা মহাতাৰকা বেটাৰ।
প্ৰথমে গাভাস্কাৰ, তাৰ পিছত শচীন, আৰু সম্প্ৰতি কোহলীয়ে অব্যাহত ৰাখিছে এই ধাৰা। সাফল্যৰ এই ধাৰাটোৰে নতুন প্ৰতিনিধি হিচাপে এতিয়া আটাইতকৈ চৰ্চিত হৈ আছে উদীয়মান তাৰকা শুভমন গিল।
জাতীয় দলৰ হৈ অভিষেকৰ পিছৰে পৰা ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি গিলে দাঙি ধৰিছে চমকপ্ৰদ প্ৰদৰ্শন। এই প্ৰদৰ্শনৰ সুবাদতে সাম্প্ৰতিক ক্ৰিকেটৰ শ্ৰেষ্ঠ খেলুৱৈ ‘কিং কোহলী’ৰ যোগ্য উত্তৰসূৰী হিচাপে লাভ কৰিছে ‘প্ৰিন্স’ অভিধা।
এই অভিধা সঠিক প্ৰমাণিত কৰাত যেন কোনো কৃপণালী কৰা নাই গিলে। প্ৰতিখন মেচতে দিছে ইয়াৰ উচিত উদাহৰণ। ধাৰাবাহিকতাৰ এই দৌৰৰ জৰিয়তেই গিলে আজি নিউজিলেণ্ডৰ বিপক্ষে বিশ্বকাপৰ লীগ মেচত ৰচিছে এক ন অভিলেখ।
আজিৰ মেচখনতে গিলে আন্ত:ৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত অতিক্ৰম কৰে দুই হাজাৰ ৰাণৰ মাইলষ্ট’ন। কেৰিয়াৰৰ ৩৮ সংখ্যক ইনিংছত যুৱ তাৰকাগৰাকীয়ে এই কৃতিত্ব অৰ্জন কৰে। লগে লগে এদিনীয়া ফৰ্মেটত দ্ৰুততম ২০০০ ৰাণ সংগ্ৰহ কৰা বেটাৰ ৰূপে পৰিগণিত হয় গিল।
এই ক্ষেত্ৰত গিলে অতিক্ৰম কৰে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ হাছিম আমলাক। প্ৰাক্তন প্ৰটিয়াছ তাৰকাগৰাকীয়ে ৪০ ইনিংছত দুই হাজাৰ ৰাণ সম্পূৰ্ণ কৰি দীৰ্ঘদিনে এই অভিলেখ নিজৰ নামত সন্নিৱিষ্ট কৰি ৰাখিছিল।
গিলে এইদৰে ভাৰতৰ আন এগৰাকী তাৰকা ক্ৰিকেটাৰ শিখৰ ধাৱানৰ অভিলেখ ভংগ কৰি নতুন ভাৰতীয় অভিলেখো গঢ়ে। ধাৱানে ৪৮ সংখ্যক ইনিংছত এই কৃতিত্ব অৰ্জন কৰি ভাৰতীয় অভিলেখ গঢ়িছিল।
আজিৰ মেচখনৰ পূৰ্বে গিলৰ নামত আছিল এদিনীয়াত ৩৭ টা ইনিংছত ১,৯৮৬ ৰাণ। অৰ্থাৎ দুই হাজাৰৰ মাইলষ্ট’ন স্পৰ্শৰ বাবে তেওঁক প্ৰয়োজন হৈছিল মাত্ৰ ১৪ ৰাণৰ।
আজি নিউজিলেণ্ডৰ পেচাৰ টেণ্ট ব’ল্টৰ বলত এক দৰ্শনীয় কভাৰ ড্ৰাইভেৰে বাউণ্ডেৰী কোবাই এই কৃতিত্ব সম্পূৰ্ণ কৰে গিলে। ২৬ ৰাণৰ ব্যক্তিগত ইনিংছত বিদায় লোৱা গিলে এই পৰ্যন্ত ৩৮ খন মেচত ৬২.৮৮ গড়ে সংগ্ৰহ কৰিছে ২,০১২ ৰাণ।





