• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তর্ভুক্ত হ’ল হাঁহচৰাৰ যুৱতী মুনমী বুঢ়াগোহাঁইৰ নাম

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , June 13, 2019 10:31 pm

2 min read

IMG-20190613-WA0002

মুনমী বুঢ়াগোঁহাই। ফটো : নৰ্থইষ্ট নাও

1.7k
VIEWS
Share on FacebookShare on Twitter

নিজৰ প্ৰতিভা আৰু কৰ্মস্পৃহাৰ জড়িয়তে পুনৰ এগৰাকী অসম কন্যাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিল। শিৱসাগৰ জিলাৰ হাঁহচৰা লংকাক গোহাঁই গাঁৱৰ মুনমী বুঢ়াগোহাঁই নামৰ যুৱতী গৰাকীয়ে পেলনীয়া বস্তুৰে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি ‘ক্ৰিয়েটিভ য়ুটিলাইজেশ্যন অৱ ৱেষ্ট মেনেজমেন্ট’ বিষয়ত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তর্ভুক্ত কৰি অসম তথা শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

মুনমীয়ে বহু বছৰ পৰা পেলনীয়া বস্তুৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি আহিছে। বৰ্তমানলৈকে ৫৫ বিধৰো অধিক এনে সামগ্ৰী প্ৰস্তুত কৰি উলিওৱা মুনমীয়ে নিজৰ এই কৰ্মৰ জড়িয়তে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। এই স্বীকৃতি পত্ৰ গ্ৰহণ কৰিবলৈ মুনমীক হাৰিয়ানালৈ নিমন্ত্ৰণ কৰা হৈছিল যদিও ব্যস্ততাৰ বাবে যাব নোৱাৰাত কুৰিয়াৰৰ জৰিয়তে মুনমীলৈ এই স্বীকৃতি পত্ৰ প্ৰেৰণ কৰে আয়োজক সমিতিয়ে।

হাঁহচৰাৰ লংকাক গোহাঁই গাঁৱৰ নিবাসী বাবুল বুঢ়াগোহাঁই আৰু মঞ্জু বুঢ়াগোহাঁইৰ কন্যা মুনমী বুঢ়াগোহাঁই এগৰাকী ব্যতিক্ৰমী যুৱতী। বৰ্তমানৰ ছ’চিয়েল মিডিয়াৰ যুগত নিজকে ফেচবুক, ৱাটচআপ, টুইটাৰ আদিৰ পৰা আঁতৰি থাকি নিজৰ বহুমূলীয়া সময় অতিবাহিত কৰিছে এজাক কনমাণি শিশুৰ সৈতে।

নিজৰ গাঁৱতেই ‘মন এটি আশা’ নামৰ এটা দল গঠন কৰি সম্পূৰ্ণ বিনামূলীয়াকৈ শিশু সকলে বিচৰা কাম বিলাক প্ৰশিক্ষণৰ দ্বাৰা শিকাই গৈছে। ছবি অঁকা, নাটক, কবিতা আদি সম্পূৰ্ণ প্ৰশিক্ষণৰ জড়িয়তে শিকোৱাৰ লগতে শিশুসকলক শিকাইছে মানুহ গঢ়াৰ কৌশল।

সমগ্ৰ অসমত তেওঁ নিজেই প্ৰতিনিধিত্ব কৰি ছবি, কবিতা আৰু অন্যান্য বিভাগত সুখ্যতি লাভ কৰিছে। মুনমীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

আনহাতে,  শিল্পগুৰু ৰেৱকান্ত বঁটা প্ৰাপক ৰেৱকান্ত মহন্তৰ ওচৰত প্ৰশিক্ষণ লৈ নিজ গৃহতেই সাজি উলিয়াইছে বহুটো মূখা। তদুপৰি শিশুসকলক লৈ মুনমীয়ে ‘মন এটি আশা’ নামৰ এখন শিশু আলোচনী প্ৰকাশ কৰি উলিয়াইছে।

মুনমীয়ে লংকাক গোহাঁই গাওঁ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত আৰু স্নাতকোত্তৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়।

এনে এগৰাকী বহু প্ৰতিভা সম্পন্ন আৰু কৰ্মমুখী যুৱতীৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী।

Recent News

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিৰ কৰুণ মৃত্যু

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিৰ কৰুণ মৃত্যু

WhatsApp Image 2021-01-21 at 4.10.00 PM

ছেৰাম ইনষ্টিটিউটত অগ্নিকাণ্ড; কোভিশ্বিল্ডৰ সুৰক্ষাক লৈ সৃষ্টি হৈছে উদ্বিগ্নতা

সংকটজনক অৱস্থাত জি এম চি এইচত চিকিৎসাধীন বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱা

সংকটজনক অৱস্থাত জি এম চি এইচত চিকিৎসাধীন বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd