ৰাইজৰ দলৰ মুৰব্বী তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ স্বাস্থ্যৰ অৱনতি ঘটাত সোমবাৰে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয়।
বাতৰি অনুসৰি, শনিবাৰে কোভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছত সোমবাৰে এইদৰে স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয়।
অখিল গগৈৰ পত্নী আৰু পুত্ৰৰ দেহতো ধৰা পৰিছে কোভিড-১৯ পজিটিভ।
লগতে পঢ়ক: Covid-19 Update: দেশত সামান্য নিম্নগামী কৰ’নাৰ দৈনিক সংক্ৰমণ; পজিটিভিটিৰ হাৰ প্ৰায় ২০ শতাংশ
বিধায়ক অখিল গগৈৰ শৰীৰত অক্সিজনৰ স্তৰ হ্ৰাস পোৱাৰ বাবে তেওঁক হাস্পাতালত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে।