• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী পদ এৰিলেও দিল্লী নহয়! কংগ্ৰেছ হাইকমাণ্ডৰ ৰাজ্যসভাৰ প্ৰস্তাৱ নাকচ কৰিলে সিদ্দাৰামাইয়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2026 6:22 pm
227
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদ এৰাৰ কেইঘণ্টাৰ ভিতৰতে সিদ্দাৰামাইয়াই নিজৰ ভৱিষ্যতৰ ৰাজনৈতিক স্থিতি স্পষ্ট কৰি দিলে। ৰাষ্ট্ৰীয় ৰাজনীতি অৰ্থাৎ দিল্লীলৈ যোৱাৰ কোনো উদ্দেশ্য নাই বুলি তেওঁ কয়। লগতে তেওঁক ৰাজ্যসভালৈ পঠোৱাৰ প্ৰস্তাৱ নাকচ কৰে। বৰঞ্চ কৰ্ণাটকৰ ৰাজনীতিত সক্ৰিয় হৈ থাকিব বিচৰাৰ কথা স্পষ্টকৈ উল্লেখ কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে সিদ্দাৰামাইয়াই। কংগ্ৰেছ নেতৃত্বই তেওঁৰ ঠাইত উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰক অনাৰ সিদ্ধান্ত লয়। পুৱা কেবিনেট সদস্যৰ সৈতে হোৱা বৈঠকত সিদ্দাৰামাইয়াই এই সিদ্ধান্তৰ কথা ঘোষণা কৰে। সেই সভাত ডি কে শিৱকুমাৰো উপস্থিত আছিল।

Apply Now

তাত সিদ্দাৰমাইয়াই কয় যে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ডি কে শিৱকুমাৰক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আৰু তেওঁ সেই সিদ্ধান্ত মানি লৈছে। অৱশ্যে ৰাজ্যসভা সন্দৰ্ভত তেওঁৰ মন্তব্যক কেন্দ্ৰ কৰিয়েই আটাইতকৈ ডাঙৰ ৰাজনৈতিক বাৰ্তা আহিছে। সাংবাদিকৰ সন্মুখত সিদ্দাৰামাইয়াই স্পষ্টভাৱে কয় যে, “দলে মোক ৰাজ্যসভালৈ যাবলৈ কৈছিল। কিন্তু মই ক’লোঁ যে নাই। মোৰ ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰতি কোনো আগ্ৰহ নাই। মই ৰাজ্যৰ ৰাজনীতিত সক্ৰিয় হৈ থাকিম।”

ৰাজনৈতিক মহলৰ মতে এই স্থিতিয়ে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বক অলপ অস্বস্তিত পেলাব পাৰে। কাৰণ দলীয় সূত্ৰৰ পৰা খবৰ আহিছিল যে নেতৃত্বৰ পৰিৱৰ্তনৰ বিনিময়ত সিদ্দাৰামায়াক কেন্দ্ৰীয় পৰ্যায়ত গুৰুত্বপূৰ্ণ দায়িত্ব আৰু ৰাজ্যসভাৰ আসনৰ প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু শেষত তেওঁ ৰাজ্যৰ ৰাজনীতিত থাকিবলৈ সিদ্ধান্ত লয়।

বিগত এবছৰ ধৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদক লৈ কংগ্ৰেছৰ ভিতৰত উত্তেজনা সৃষ্টি হৈছে। যদিও ডি কে শিৱকুমাৰৰ অনুগামীসকলে বাৰে বাৰে নেতৃত্বৰ পৰিৱৰ্তনৰ দাবী উত্থাপন কৰিছিল, তথাপিও সিদ্দাৰামাইয়াই নিজৰ স্থিতিত অটল আছিল।

ৰাজনৈতিক পৰ্যবেক্ষকৰ মতে, তামিলনাডু নিৰ্বাচনক মনত ৰাখি সেই সময়ত কংগ্ৰেছ নেতৃত্বই ৰিস্ক ল’ব বিচৰা নাছিল। কিয়নো দক্ষিণ ভাৰতৰ বৃহত্তৰ ৰাজনৈতিক সমীকৰণত কৰ্ণাটকৰ সিদ্দাৰামাইয়াৰ আহিন্দা ভোটবেংকটো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছিল।

অৱশ্যে এতিয়া পৰিস্থিতি সলনি হৈছে। কংগ্ৰেছৰ মতে তামিলনাডু আৰু কেৰালাৰ ৰাজনৈতিক সমীকৰণ এতিয়া ইয়াৰ পক্ষত আছে। ফলত কৰ্ণাটকৰ নেতৃত্ব সলনিৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ দিশত আগবাঢ়িছে দলটোৱে। দলীয় সূত্ৰই দাবী কৰিছে যে মঙলবাৰে দিল্লীত ৰাহুল গান্ধীৰ সৈতে প্ৰায় ৩৫ মিনিটৰ বাবে এক ব্যক্তিগত বৈঠকত সিদ্দাৰামাইয়ালৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰা হৈছিল। তেওঁক কৰ্ণাটকৰ সীমাৰ বাহিৰত বৃহত্তৰ ৰাজনৈতিক ভূমিকা সম্পৰ্কে চিন্তা কৰিবলৈ কোৱা হৈছিল। একে সময়তে তেওঁক আগন্তুক ৰাজ্যসভা নিৰ্বাচনত কৰ্ণাটকৰ তিনিখন আসনৰ ভিতৰত এখন আসনত পঠিয়াবলৈও প্ৰস্তাৱ দিয়া হৈছিল।

সূত্ৰ অনুসৰি ৰাহুল গান্ধীয়ে সিদ্দাৰামাইয়াক জনাইছিল যে এতিয়াৰ পৰা ২০২৮ চনৰ কৰ্ণাটক বিধানসভা নিৰ্বাচন আৰু ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ কথা মনত ৰাখি সকলো সিদ্ধান্ত ল’ব লাগিব। কিন্তু শেষত কংগ্ৰেছৰ প্ৰবীণ নেতাগৰাকীয়ে ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰৱেশৰ পথ বাছি লোৱা নাই।

এতিয়া কৰ্ণাটকৰ নতুন ৰাজনৈতিক সমীকৰণৰ ওপৰত লক্ষ্য ৰখা হৈছে। ডি কে শিৱকুমাৰৰ নেতৃত্বত চৰকাৰখন কেনেদৰে আগবাঢ়ে আৰু ৰাজ্যৰ ৰাজনীতিত সিদ্দাৰমাইয়াই কি ভূমিকা পালন কৰিব সেই সন্দৰ্ভত ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd