• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন কাৰিকৰী বিভাগৰ অভিযন্তাসকলে কৰা সমালোচনা সমীচীন নহয় : সিদ্ধাৰ্থ ভট্টাচাৰ্য্য

এন ই নাও নিউজ by এন ই নাও নিউজ
September 20, 2018 9:18 pm
সিদ্ধার্থ ভট্টাচাৰ্য
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’প্ৰাক্তন কাৰিকৰী বিভাগৰ ইঞ্জিনিয়াৰসকলে কৰা সমালোচনা সমিচীন নহয়।‘‘ বৃহস্পতিবাৰে জিএমচিএইচত পানীৰ এটিএম আৰু বায়’ টয়লেটৰ উন্মোচন কৰি গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই প্ৰাক্তন কাৰিকৰী অভিযন্তাসকলক উদ্দেশ্যি এইদৰে কয়।

উল্লেখ্য যে প্ৰাক্তন কাৰিকৰী অভিযন্তাসকলে বুধবাৰে সংবাদ মাধ্যমত পানীৰ এটিএমৰ বিষয়টো সমালোচনা কৰি বহু মন্তৱ্য কৰিছিল আৰু তাৰ পাছতেই এনেদৰে প্ৰাক্তন কাৰিকৰী অভিযন্তাসকলৰ বিৰুদ্ধে জাঙুৰ খাই উঠে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই।

Apply Now

আনহাতে, উদ্দেশ্যপ্ৰণোদিতভাৱে বিকৃত কৰি ৰাইজৰ আগত বাতৰি যোগান ধৰাটো সমিচীন নহয় তথা ৰাইজৰ হিতৰ বাবে নহয় বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত কয়।

মন্ত্ৰীগৰাকীৰ মতে ‘’তেখেতসকল এতিয়া চিন্তিত হৈছে নেকি যে ৰাইজে বটলৰ পানী নোখোৱা হ’ব। তেওঁলোকতো এসময়ত অভিযন্তা আছিল। জনস্বাস্থ্য কাৰিকৰী বিভাগত যেতিয়া কাম কৰিছিল, তেতিয়া কিমান প্ৰকল্প তেওঁলোকে ধ্বংস কৰিছে, কিমান প্ৰকল্প তেওঁলোকে নিৰ্মাণ কৰিছে। ‘’

তাৎপয্যপূৰ্ণভাৱে মন্ত্ৰীগৰাকীয়ে প্ৰাক্তন অভিযন্তাসকলক তেওঁলোকে প্ৰকাশ কৰা কথাবোৰ প্ৰমাণ কৰি দেখুৱাবৰ বাবে প্ৰত্যাহ্বান জনায় লগতে সকীয়াই দিয়ে এইদৰে ‘যদি নোৱাৰে তেন্তে জনসাধাৰণক বিপথে পৰিচালনা কৰিব পৰা বাতৰি যাতে তেওঁলোকে প্ৰকাশ নকৰে।‘

তেওঁ লগতে কয় যে মানুহক সমালোচনা কৰিব লাগে বুলিয়ে সমালোচনা কৰাটো সঠিক নহয়। ইয়াৰোপৰি মানুহে যদি ভাল পানী পায়, তেন্তে সমালোচকসকলৰ অসুবিধা কি? এইদৰে প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে।

আনহাতে, সাধাৰণ পানী বটলৰ পানী পৰিশোধন কৰাটো যি পদ্ধতি, এই এটিএমৰো একেই পদ্ধতি বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পাৰ্থক্য ইয়াতেই  মাত্ৰ সাধাৰণ পানী বটলৰ মূল্য ২০ টকা, এইবোৰৰ ৪ টকা।

ইয়াৰোপৰি সমালোচনা মূৰ পাতি ল’ব নোখোজা মন্ত্ৰীগৰাকীয়ে অভিযন্তাসকলক উদ্দেশ্যি কয়, ‘’তেওঁলোকৰ পানী বটল নিৰ্মিত কাৰখানাৰ সৈতে বুজাপৰা আছে নেকি, সেইকাৰণে তেওঁলোকে চৰকাৰৰ এই ব্যৱস্থাটোক সমালোচনা কৰিছে।‘’

আনহাতে, গুৱাহাটী উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক বীৰেন শৰ্মাই মন্ত্ৰীগৰাকীয়ে এইদৰে কোৱাটো উচিত নহয় বুলি নৰ্থ ইষ্ট নাওৰ আগত মন্তব্য কৰে।

তেওঁ নৰ্থ ইষ্ট নাওৰ আগত কয়, ‘’মন্ত্ৰীগৰাকীৰ কথা-বাৰ্তাত স্বৈৰাচাৰী মনোভাৱ ফুটি উঠিছে। পানী এটিএমৰ সিদ্ধান্তটো জনসাধাৰণৰ বিৰুদ্ধে লোৱা সিদ্ধান্ত।‘’

তদুপৰি ব্যৱসায়িক স্বাৰ্থৰ বাবে গুৱাহাটী উন্নয়ন বিভাগে উক্ত পানী এটিএমৰ সিদ্ধান্ত লোৱা বুলি তেওঁ আমাৰ আগত মন্তব্য কৰে। তেওঁ লগতে কয়, ‘’চৰকাৰে পানী ব্যৱসায়ীকৰণ কৰিছে।‘’

তেওঁৰ মতে ‘’চৰকাৰে ভাল পানী খাব কৈছে, কিন্তু জনসাধাৰণে চৰকাৰক ধন দিব লাগে। যদি বিশুদ্ধ পানী যোগান ধৰিব ইচ্ছা আছে, বিনামূলীয়াভাৱে যোগান ধৰিব নোৱাৰে নেকি?’’

উল্লেখ্য যে, পানী এটিএমৰ সেৱাটো বন্ধ কৰিবৰ বাবে তেওঁ গুৱাহাটী উন্নয়ন বিভাগক দাবী জনোৱাৰ লগতে কয়, ‘’চলিত যি পানী যোগান আঁচনি আছে, সেই পানী যোগান আঁচনিৰ চোৱা-চিতা কৰাৰ ধনেৰে জনসাধাৰণক পানী যোগান ধৰিব লাগে।‘’

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd