• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কটন বিশ্ববিদ্যালয়ৰ ৭০০ টকীয়া হাজিৰাৰ শিক্ষক নিযুক্তি বিজ্ঞাপনে উন্মোচন কৰিলে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ দুখলগা অৱস্থা

শিক্ষা অধিকাৰ মঞ্চৰ আহ্বান - অসমৰ ৰাজহুৱা শিক্ষা ৰক্ষা কৰাৰ দাবীত সকলো ঐক্যৱদ্ধ হ'ব লাগিব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 4, 2023 4:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে শিক্ষা খণ্ডৰ উন্নয়নৰ যি ঢাক ঢোল বজাই আহিছে, তাৰ সম্পূর্ণ বিপৰীত ছবি এখন প্ৰকাশ পালে কটন বিশ্ববিদ্যালয়ৰ শেহতীয়া ৭০০ টকীয়া শিক্ষক নিযুক্তি সম্পৰ্কীয় বিজ্ঞাপনটোত। 

শিক্ষা বিভাগৰ দীনতা এয়ে যে নেট-শ্লেট প্ৰাপ্ত এজন উচ্চ শিক্ষিত যুৱকৰ অৰ্থনৈতিক প্রাপ্য এজন শ্ৰমিকৰ সৈতে একেই – এই অভিযোগ শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ, অসমৰ।ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানত মাহেকত মাত্ৰ ১৯৬০০ টকা মাননি দি অংশকালীন প্ৰৱক্তা (Guest Faculty) নিযুক্তি দিয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা অসমত সংঘটিত হ’বলৈ লৈছে ৷ 

Apply Now

যিসময়ত ইউ. জি. চি ৰ নিয়ম অনুসৰি অংশকালীন প্ৰবক্তাক প্ৰত্যেকটো শ্ৰেণীৰ বিনিময়ত ১৫০০ টকাৰ দিয়াৰ কথা কৈছে ( মাহত ৫০০০০) , সেই সময়ত অসম চৰকাৰ আৰু কটন প্ৰশাসনৰ এইটো কি সিদ্ধান্ত?

উল্লেখযোগ্য যে অসমৰ শ্ৰমিক সংগঠনসমূহে শ্ৰমিকসকলৰ ন্যূনতম ৰাজ্যিক পৰ্যায়ত ২১,০০০ টকা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ২৬,০০০০ টকা দাবী কৰাৰ সময়ত কটন বিশ্ববিদ্যালয়ত ৭০০ টকা হাজিৰাৰে ডক্টৰেট ডিগ্ৰীধাৰী যুৱক-যুৱতীক নিয়োগ কৰিব বিচাৰিছে।

এই প্ৰসংগত এক সংবাদ মেল সম্বোধন কৰি মঞ্চৰ তৰফৰ পৰা কয় যে- ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ প্ৰয়োগেৰে অসম চৰকাৰে তথাকথিত বিশ্বমানৰ শিক্ষাৰ কথা ক’বলৈ বিচাৰিছে আৰু আনফালে শ্ৰমিকৰ হাজিৰাতকৈও ন্যুনতম মাননিৰে নেট-শ্লেট উত্তীৰ্ণ একোজন উচ্চ শিক্ষিত যুৱকক নিয়োগ কৰিব বিচাৰিছে। এইয়া কেৱল আৰম্ভণিহে। অসম চৰকাৰে পৰিকল্পিতভাৱে শিক্ষাৰ নামত প্ৰত্যেক বছৰৰ বাজেট কৰ্তন কৰি ৰাজহুৱা শিক্ষা ধ্বংস কৰিব বিচাৰিছে ৷ বিজেপি চৰকাৰৰ দিনত এই কাম অতি ক্ষিপ্ৰতাৰে সম্পন্ন হৈছে ৷ এফালে মহাবিদ্যালয়সমূহ কোনো পৰিকল্পনা অবিহনে বিশ্ববিদ্যালয় কৰিছে, আনফালে যোৱাবছৰতকৈ এইবাৰ শিক্ষা বাজেটত অসম চৰকাৰে ৫০০ কৌটি টকা হ্ৰাস কৰিছে। ফলস্বৰূপে ৰাজহুৱা শিক্ষাখণ্ডৰ অনুষ্ঠান-প্ৰতিষ্ঠানবিলাকত ছাত্ৰ-ছাত্ৰীয়ে পৰ্যাপ্ত আন্তঃগাঁথনিৰ অবিহনে, পৰ্যাপ্ত শিক্ষক অবিহনে, পৰ্যাপ্ত সুবিধাৰ অবিহনে শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে ৷ পৰ্যাপ্ত আন্তঃগাঁথনি, শিক্ষক, অসমৰ মানুহৰ সামাজিক-অৰ্থনৈতিক অৱস্থাৰ অধ্যয়ন অবিহনে চাৰিবছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে জাপি দিব বিচাৰিছে ৷ 

অসমৰ অৰ্থনৈতিক প্ৰেক্ষাপটত তিনিবছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম সম্পূৰ্ণ কৰিবলৈ আৰ্থিকভাৱে ছাত্ৰ-ছাত্ৰীসকল বিমোৰত পৰে, তেনেস্থলত চাৰিবছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম কেনেকৈ সম্ভৱ ! ই নিশ্চিতভাৱে আধাতে ক’লেজ এৰা ( ড্ৰপ আউট ) ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিব। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ নামত স্কুলবোৰো বন্ধ কৰাৰ প্ৰতিযোগিতা চলিছে অসমত। 

আটাইতকৈ ভয়ংকৰ কথাটো হ’ল চৰকাৰী হেঁচাত মাত্ৰ এমাহ সময় লৈ বিশ্ববিদ্যালয়সমূহে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত পাঠ্যক্ৰম প্ৰস্তুত কৰিবলগা হৈছে ৷ চাৰিবছৰীয়া ডিগ্ৰী পাঠ্যক্ৰমৰ প্ৰস্তুতি মাত্ৰ এমাহত ! এয়া সম্ভৱ জানো ?

২০২১ চনৰ কেবিনেটৰ উত্তৰ অনুসৰি শিক্ষাবিভাগত ৫০, ৪৬৫ টা পদ খালী আছে ৷ বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়তেই ১০০ টাৰ বেছি পদ খালি আছে ৷ কটন বিশ্ববিদ্যালয়ত ১৯২ টা শিক্ষকৰ পদ খালি আছে ৷ ইমানবোৰ খালি পদেৰে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত প্ৰস্তুত কৰা বিয়াগোম পাঠ্যক্ৰমৰ শিক্ষা কেনেকৈ দিয়া হ’ব ? 

কেৱল জাপি দিব লাগে বুলিয়েই, কেন্দ্ৰীয় চৰকাৰক সন্তুষ্ট কৰিব লাগে বুলিয়েই , নাগপুৰক সন্তুষ্ট কৰিব লাগে বুলিয়েই অসমত ৰাষ্ট্ৰীয় শিক্ষানীতি জাপি দিয়া হ’ল ৷ যাৰ সম্পূৰ্ণ কু-পৰিণাম ভোগ কৰিব লাগিব মধ্যবিত্ত, নিম্ন মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ অসম চৰকাৰে ৰাতিপুৱা ৯:০০ বজাৰ পৰা সন্ধিয়া ৫:০০ বজালৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক শ্ৰেণীকোঠাত উপস্থিত থকাৰ নিৰ্দেশ দিছে ৷ অথচ অসমৰ বহু মহাবিদ্যালয়ত ব্যৱহাৰযোগ্য অনাময় ব্যৱস্থা নাই, কেন্টিনৰ ব্যৱস্থা নাই ৷ পৰ্যাপ্ত যাতায়ত ব্যৱস্থা, দূৰত্ব সংক্ৰান্তীয় অসুবিধাৰ কাৰণে বহু ছাত্ৰ-ছাত্ৰীয়েও শ্ৰেণীকোঠাত পুৱা ৯:০০ বজাত উপস্থিত হ’বলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব ৷ 

ইয়াৰ উপৰিও ভূতৰ ওপৰত দানহ পৰাদি হোষ্টেল আৰু পেয়িং গেষ্ট ব্যৱস্থাৰ ওপৰত ১২% জি এছ টি লগাবলৈ চৰকাৰে সিদ্ধান্ত লৈছে৷ এফালে ৰাতিপুৱা ৯ বজাত পাঠদান, আনফালে হোষ্টেলত জি এছ টি। সাধাৰণ ছাত্র ছাত্রীৰ কাৰণে যেন শত্রু হৈ পৰিছে এই চৰকাৰখন। সেয়েহে বিজেপি চৰকাৰৰ সাধাৰণ ছাত্র ছাত্রীৰ শৈক্ষিক জীৱনৰ বিৰোধী আটাইবোৰ কামক বিৰোধিতা কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষলৈ আহ্বান জনাইছে। 

আজিৰ এই সংবাদমেলত শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চৰ হৈ সুব্রত তালুকদাৰ, সংগীতা দাস, ৰিতুৰঞ্জন দাস, কৃষ্ণ গগৈ উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd