আফগানিস্তানত মহিলা আৰু ছোৱালীৰ অধিকাৰৰ ওপৰত তালিবান চৰকাৰে পুনৰ এক বৃহৎ আঘাত হানিছে। এইবাৰ দেশখনত চৰকাৰীভাৱে নাবালিকা বিবাহক আইনী স্বীকৃতি প্ৰদান কৰা হৈছে। তালিবানৰ শীৰ্ষ নেতা হিবাতুল্লাহ আখুন্দজাদাই অনুমোদন জনোৱা এখন নতুন পাৰিবাৰিক আইনত স্পষ্টকৈ কোৱা হৈছে যে, বয়সসন্ধিত উপনীত হোৱাৰ পিছত কোনো কুমাৰী ছোৱালীয়ে যদি বিয়াৰ প্ৰস্তাৱত নিমাত হৈ থাকে, তেন্তে সেই মৌনতাকেই তাইৰ সন্মতি বুলি ধৰি লোৱা হ’ব। তালিবানৰ এই নতুন ফৰমান পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ বিশ্বতে তীব্ৰ প্ৰতিক্ৰিয়া আৰু ক্ষোভৰ সৃষ্টি হৈছে। মানৱ অধিকাৰ কৰ্মীসকলৰ মতে, ইয়াৰ ফলত আফগান ছোৱালীসকলক জোৰকৈ আৰু বাল্য বিবাহৰ অন্ধকাৰলৈ ঠেলি দিয়াটো আইনীভাৱে অধিক সহজ হৈ পৰিল।
আফগানিস্তানৰ চৰকাৰী গেজেটত প্ৰকাশিত ৩১টা দফাৰ এই নতুন আইনখনৰ নাম দিয়া হৈছে স্বামী-স্ত্ৰীৰ পৃথকীকৰণৰ নীতি। আফগান সংবাদ মাধ্যম আমো টিভিৰ প্ৰতিবেদন অনুসৰি, এই আইনৰ এটা দফাত কোৱা হৈছে যে, কোনো ছোৱালী বয়সসন্ধিত উপনীত হোৱাৰ পিছত বিয়াৰ ক্ষেত্ৰত তাইৰ মতামত জানিব বিচৰা হ’লে যদি তাই মনে মনে থাকে, তেন্তে ধৰি লোৱা হ’ব যে তাই বিয়াত মান্তি হৈছে। ইয়াৰ লগতে, দেউতাক আৰু ককাকক নাবালিকা ছোৱালীৰ বিয়া দিয়াৰ ক্ষেত্ৰত প্ৰায় সীমাহীন ক্ষমতা প্ৰদান কৰা হৈছে। যদি কোনো নাবালিকাক অমতত বা জোৰকৈ বিয়া দিয়া হয়, তেন্তে নতুন আইন অনুসৰি সেই বিয়া বাতিলৰ বাবে আদালতত আবেদন কৰাৰ প্ৰক্ৰিয়া অত্যন্ত জটিল আৰু কঠিন কৰি তোলা হৈছে।
২০২১ চনত আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ পিছৰে পৰা ইটোৰ পিছত সিটো ফতোৱা জাৰি কৰি তালিবানে ছোৱালীৰ স্কুল, কলেজ, পাৰ্ক আৰু কৰ্মক্ষেত্ৰলৈ যোৱা নিষিদ্ধ কৰিছে। এইবাৰ এই পাৰিবাৰিক আইনৰ জৰিয়তে ছোৱালীৰ ব্যক্তিস্বাধীনতা আৰু ন্যূনতম মানৱ অধিকাৰখিনিও কাঢ়ি লোৱা হ’ল বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় মহল আৰু নাৰী অধিকাৰ ৰক্ষা সংগঠনসমূহে তালিবানৰ এই মধ্যযুগীয় আইনক তীব্ৰ গৰিহণা দিছে আৰু আফগান মহিলাসকলৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘকে ধৰি বিশ্বৰ নেতাসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।





