• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পহিলা জানুৱাৰীৰ দিনটোতে ভাল খবৰ: শিলঘাটস্থিত অসম সমবায় মৰাপাট কলত পুনৰ উৎপাদন আৰম্ভ

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
January 1, 2021 3:55 pm
194
VIEWS
Share on FacebookShare on Twitter

২০২১ বৰ্ষৰ পহিলা জানুৱাৰীৰ দিনটোতে  ৰাজ্যবাসীলৈ আহিছে এক ভাল খবৰ। ক্ৰমাৎ ধ্বংসৰ  গৰাহলৈ গতি কৰা কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলে পালে এক নতুন জীৱন।

সম্পূৰ্ণ দুমাহৰ বিৰতিৰ অন্তত পহিলা জানুৱাৰীৰ পুৱাতে উৎপাদনক্ষম হৈ উঠিছে শিলঘাটস্থিত অসম সমবায় মৰাপাট কলে।

কলৰ শ্ৰমিক, বিষয়া-কৰ্মাচাৰী, মৰাপাট ব‍্যৱসায়ী, অংশীদাৰ তথা কলিয়াবৰীয়া ৰাইজৰ মুখত হাঁহি বিৰিঙাই আজি পুনৰ চকা ঘূৰিল মৰাপাট কলৰ।

২০২১ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা পুনৰ উৎপাদন কাৰ্য‍্য আৰম্ভ কৰা হ’ব বুলি যোৱা ১৮ ডিচেম্বৰত আনুষ্ঠানিক ঘোষণা হোৱাৰ  পাছত সকলো জল্পনা-কল্পনা দূৰ কৰি আজি কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ উৎপাদন কাৰ্য‍্য পুনৰ আৰম্ভ হ’ল।

আজি উৎপাদন কাৰ্য‍্যৰ শুভাৰম্ভণি কৰে ৰাজ‍্যৰ জল সম্পদ মন্ত্ৰী তথা অসম সমবায় মৰাপাট কলৰ পৰিচালক মণ্ডলীৰ সভাপতি কেশৱ মহন্তই।

২০২০ বৰ্ষৰ ২ নৱেম্বৰ তাৰিখে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ ফলত বন্ধ হৈ পৰিছিল কলটোৰ উৎপাদন কাৰ্য‍্য।
উল্লেখযোগ্য যে, উৎপাদন বৃদ্ধিৰ বাবে উদ্যোগটোত ১৬ খন শাল, এটা স্পিনিং মেচিন, এটা কপ মেচিন আৰু বিদ্যুৎ শক্তি ব্যাহত নহ’বৰ বাবে এটা উচ্চ ক্ষমতাসম্পন্ন জেনেৰেটৰ নতুনকৈ সংস্থাপন কৰা হৈছিল যদিও দুৰ্ভাগ্যজনকভাৱে ২ নৱেম্বৰৰ পৰা উৎপাদন বন্ধ হৈ পৰিছিল।

অৱশেষত আজি ২০২১ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা পুনৰ উৎপাদন কাৰ্য‍্য আৰম্ভ হোৱাত অসম সমবায় মৰাপাট কলৰ শ্ৰমিক, বিষয়া-কৰ্মাচাৰী, মৰাপাট ব‍্যৱসায়ী, অংশীদাৰ তথা কলিয়াবৰীয়া ৰাইজৰ মুখত হাঁহি বিৰিঙিল ।

শেহতীয়া কিছুদিনৰ পৰা উদ্যোগটোৱে যথেষ্ঠ ধাৰৰ বোজা ল’বলগীয়া হৈছে। কেচামালৰ বাবে এই কলটোৱে ৯ কোটি টকা ধাৰ পৰিশোধ কৰিবলগীয়া হৈছে। এই বাকী আনাদায়ৰ বাবে বন্ধ হৈ গৈছিল কেচামালৰ যোগান। অৱশেষত অসম চৰকাৰৰ ১০ কোটি টকাৰ অনুদানেৰে মৰাপাট কলটো পুনৰুজ্জীৱিত কৰি তোলা হয়।

ভাৰতৰ সমবায় খণ্ডৰ একমাত্ৰ মৰাপাট কল শিলঘাটৰ অসম সমবায় মৰাপাট কল বন্ধ হৈ পৰাত ইয়াৰ লগত জড়িত প্ৰতিজন লোকক চিন্তিত কৰি তুলিছিল।

জাগীৰোড আৰু কাচাৰৰ কাগজ কলৰ দৰে একেই অৱস্থা হ’ব নেকি তাক লৈ বহুলোকে শংকা প্ৰকাশ কৰিছিল।

এতিয়া কলটোৰ কামকাজ পুনৰ আৰম্ভ হোৱাত শংকা দূৰ হৈছে সেইসকল লোকৰ। বছৰৰ প্ৰথমটো দিনতেই সেয়া অসমৰ বাবে এক ভাল খবৰ বুলি বিবেচিত হৈছে।

Recent News

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd