• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পহিলা জানুৱাৰীৰ দিনটোতে ভাল খবৰ: শিলঘাটস্থিত অসম সমবায় মৰাপাট কলত পুনৰ উৎপাদন আৰম্ভ

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
January 1, 2021 3:55 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২১ বৰ্ষৰ পহিলা জানুৱাৰীৰ দিনটোতে  ৰাজ্যবাসীলৈ আহিছে এক ভাল খবৰ। ক্ৰমাৎ ধ্বংসৰ  গৰাহলৈ গতি কৰা কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলে পালে এক নতুন জীৱন।

সম্পূৰ্ণ দুমাহৰ বিৰতিৰ অন্তত পহিলা জানুৱাৰীৰ পুৱাতে উৎপাদনক্ষম হৈ উঠিছে শিলঘাটস্থিত অসম সমবায় মৰাপাট কলে।

Apply Now

কলৰ শ্ৰমিক, বিষয়া-কৰ্মাচাৰী, মৰাপাট ব‍্যৱসায়ী, অংশীদাৰ তথা কলিয়াবৰীয়া ৰাইজৰ মুখত হাঁহি বিৰিঙাই আজি পুনৰ চকা ঘূৰিল মৰাপাট কলৰ।

২০২১ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা পুনৰ উৎপাদন কাৰ্য‍্য আৰম্ভ কৰা হ’ব বুলি যোৱা ১৮ ডিচেম্বৰত আনুষ্ঠানিক ঘোষণা হোৱাৰ  পাছত সকলো জল্পনা-কল্পনা দূৰ কৰি আজি কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ উৎপাদন কাৰ্য‍্য পুনৰ আৰম্ভ হ’ল।

আজি উৎপাদন কাৰ্য‍্যৰ শুভাৰম্ভণি কৰে ৰাজ‍্যৰ জল সম্পদ মন্ত্ৰী তথা অসম সমবায় মৰাপাট কলৰ পৰিচালক মণ্ডলীৰ সভাপতি কেশৱ মহন্তই।

২০২০ বৰ্ষৰ ২ নৱেম্বৰ তাৰিখে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ ফলত বন্ধ হৈ পৰিছিল কলটোৰ উৎপাদন কাৰ্য‍্য।
উল্লেখযোগ্য যে, উৎপাদন বৃদ্ধিৰ বাবে উদ্যোগটোত ১৬ খন শাল, এটা স্পিনিং মেচিন, এটা কপ মেচিন আৰু বিদ্যুৎ শক্তি ব্যাহত নহ’বৰ বাবে এটা উচ্চ ক্ষমতাসম্পন্ন জেনেৰেটৰ নতুনকৈ সংস্থাপন কৰা হৈছিল যদিও দুৰ্ভাগ্যজনকভাৱে ২ নৱেম্বৰৰ পৰা উৎপাদন বন্ধ হৈ পৰিছিল।

অৱশেষত আজি ২০২১ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা পুনৰ উৎপাদন কাৰ্য‍্য আৰম্ভ হোৱাত অসম সমবায় মৰাপাট কলৰ শ্ৰমিক, বিষয়া-কৰ্মাচাৰী, মৰাপাট ব‍্যৱসায়ী, অংশীদাৰ তথা কলিয়াবৰীয়া ৰাইজৰ মুখত হাঁহি বিৰিঙিল ।

শেহতীয়া কিছুদিনৰ পৰা উদ্যোগটোৱে যথেষ্ঠ ধাৰৰ বোজা ল’বলগীয়া হৈছে। কেচামালৰ বাবে এই কলটোৱে ৯ কোটি টকা ধাৰ পৰিশোধ কৰিবলগীয়া হৈছে। এই বাকী আনাদায়ৰ বাবে বন্ধ হৈ গৈছিল কেচামালৰ যোগান। অৱশেষত অসম চৰকাৰৰ ১০ কোটি টকাৰ অনুদানেৰে মৰাপাট কলটো পুনৰুজ্জীৱিত কৰি তোলা হয়।

ভাৰতৰ সমবায় খণ্ডৰ একমাত্ৰ মৰাপাট কল শিলঘাটৰ অসম সমবায় মৰাপাট কল বন্ধ হৈ পৰাত ইয়াৰ লগত জড়িত প্ৰতিজন লোকক চিন্তিত কৰি তুলিছিল।

জাগীৰোড আৰু কাচাৰৰ কাগজ কলৰ দৰে একেই অৱস্থা হ’ব নেকি তাক লৈ বহুলোকে শংকা প্ৰকাশ কৰিছিল।

এতিয়া কলটোৰ কামকাজ পুনৰ আৰম্ভ হোৱাত শংকা দূৰ হৈছে সেইসকল লোকৰ। বছৰৰ প্ৰথমটো দিনতেই সেয়া অসমৰ বাবে এক ভাল খবৰ বুলি বিবেচিত হৈছে।

ৰিদিপ শৰ্মা

ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd