• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , January 17, 2021 7:00 pm

2 min read

Image_1610887061085~2
229
VIEWS
Share on FacebookShare on Twitter

আশীৰ উৰ্দ্ধৰ এগৰাকী শিল্পী৷ নাম ভলৌ হাজৰিকা৷ বোকাখাত মহকুমাৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত মৰিয়াহোলা যোগনীয়া গাঁৱৰ নিৱাসী ভলৌ হাজৰিকা৷

এগৰাকী বায়ন হিচাপে পৰিচিত ভলৌ হাজৰিকা সৰুৰে পৰাই খোল বাদ্যৰ সৈতে জড়িত৷ সেই সূত্ৰে ৰাজ্য চৰকাৰে ভলৌ হাজৰিকাক ২০২০ বৰ্ষৰ ১৫ আগষ্টত শিল্পী পেঞ্চন প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল৷

ভলৌ হাজৰিকাই ১৫ আগষ্টৰ পৰাই কাৰ্যকৰি হোৱাকৈ শিল্পী পেঞ্চন লাভ কৰিব বুলি ঘোষণা কৰিছিল যদিও ২০২১ বৰ্ষৰ শিল্পী দিৱসৰ দিনটোলৈকে শিল্পীগৰাকীয়ে শিল্পী পেঞ্চনৰ নামত ফুটাকড়ি এটাও লাভ নকৰিলে৷

চৰ্ম কৰ্কট ৰোগত ভোগী থকা অতি দৰিদ্ৰ ভলৌ হাজৰিকাই শিল্পী পেঞ্চন লাভৰ আশাত বিভিন্ন ব্যক্তিৰ পৰা ধন ধাৰে লৈ গুৱাহাটীত ৰোগ চিকিৎসা কৰাইছিল৷

কিন্তু শিল্পী পেঞ্চন লাভ নকৰা ভলৌ হাজৰিকাই এতিয়া ঋণ পৰিশোধ কৰাক লৈ সমস্যাত পৰিছে৷ আৰ্থিক নাটনিত হাবু ডুবু খাইছে৷ ইফালে চৰকাৰে শিল্পী পেঞ্চনৰ নামত শিল্পীগৰাকীৰ পৰা নতুন নতুন তথ্যহে বিচাৰিছে৷ যাৰ বাবে নিৰক্ষৰ ভলৌ হাজৰিকা এতিয়া আন এক বিপদতহে পৰিছে৷

আজি বোকাখাত নাট্য মন্দিৰে আয়োজন কৰা শিল্পী দিৱসত সম্বৰ্ধনা জনোৱা হয় শিল্পী গৰাকীক।

সম্বৰ্ধনা গ্ৰহণৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত শিল্পী ভলৌ হাজৰিকাই এই বিষয়ে কৈ হতাশা প্ৰকাশ কৰে।

বোকাখাত নাট্য মন্দিৰৰ উদ্যোগত আজি স্থানীয় নাট্য মন্দিৰত আজি দিনজোৰা কাৰ্সুচীৰে শিল্পী দিৱস উদাসন কৰা হয়৷

সভাপতি দিলীপ শইকীয়াই স্মৃতি তৰ্পণেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰমৰ লগতে এচিএচ লাভ কৰা বোকাখাতৰ যুৱক বেদব্ৰত পেগুকো সম্বৰ্ধনা জনায়।

আলেখ্য, সমবেত সংগীত, জ্যোতি সংগীতেৰে উদযাপিত অনুষ্ঠানৰ আঁত ধৰে সম্পাদক জিতু শৰ্মা ৰাজখোৱাই।

Recent News

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

index.jpgb

১৫ বছৰীয়া কিশোৰীক ড্ৰাগছ সেৱন কৰোৱাই ৮ দিন ধৰি গণধৰ্ষণ কৰিলে দুই নাবালকসহ ৯ জন লোকে

a chanuu

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd