• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

 ১৯৭২ চনত স্বাক্ষৰিত ঐতিহাসিক চুক্তিৰ দ্বিপাক্ষিক সমাধানৰ চৰ্ত আওকাণ কৰি পাকিস্তানে সন্ত্ৰাসবাদ আৰু ভুৱা বাতৰিক আশ্ৰয় দিয়াৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2026 12:01 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
Apply Now

১৯৭২ চনৰ ২ জুলাইত  ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত ঐতিহাসিক শিমলা চুক্তিৰ শান্তি প্ৰতিষ্ঠাৰ মূল উদ্দেশ্য পাকিস্তানৰ ক্ৰমাগত সীমান্তৱৰ্তী সন্ত্ৰাসবাদ আৰু অপপ্ৰচাৰৰ ফলত তীব্ৰ ভাবুকিৰ সন্মুখীন হৈছে। বিগত পাঁচটা দশকত চুক্তিত নিৰ্ধাৰিত চৰ্তসমূহ মানি চলিবলৈ পাকিস্তানে অস্বীকাৰ কৰাৰ লগতে শেহতীয়াকৈ ২০২৫ চনৰ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে চলোৱা ‘অপাৰেচন সিন্দুৰ’ৰ পাছত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক অৱনতি ঘটিছে। এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰা পৰ্যন্ত ভাৰতে সিন্ধু জল চুক্তিৰ কাৰ্যকৰীকৰণ স্থগিত ৰাখিবলৈ বাধ্য হৈছে।

১৯৭১ চনৰ যুদ্ধৰ পাছত দুয়োখন দেশৰ মাজত সু-সম্পৰ্ক স্থাপনৰ লক্ষ্যৰে ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি জুলফিকাৰ আলী ভুট্টোৱে এই চুক্তিত স্বাক্ষৰ কৰিছিল। এই চুক্তিয়ে জম্মু-কাশ্মীৰ আৰু লাডাখৰ নিয়ন্ত্ৰণ ৰেখাক স্বীকৃতি প্ৰদান কৰিছিল। ভাৰতৰ মতে, এই চুক্তিয়ে দুয়োখন দেশৰ মাজৰ সকলো বিবাদ কেৱল দ্বিপাক্ষিকভাৱে সমাধান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কিন্তু পাকিস্তানে ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱসমূহৰ ভিত্তিত কাশ্মীৰ বিবাদ সমাধানৰ দাবী উত্থাপন কৰি আহিছে। নিজৰ ভূখণ্ডত শান্তি বিঘ্নিত কৰিব পৰা যিকোনো কাৰ্যকলাপৰ পৰা বিৰত থকা আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ বাবে দুয়োখন দেশে সন্মতি প্ৰকাশ কৰিছিল যদিও পাকিস্তানৰ পৰৱৰ্তী কাৰ্যকলাপ চুক্তিখনৰ চৰ্তসমূহৰ সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰিছে।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দ্বাৰা নিষিদ্ধ ঘোষিত আৰু ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ সৈতে জড়িত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ লগতে জইছ-ই-মহম্মদৰ দৰে সংগঠনে পাকিস্তানৰ পৰাই নিজৰ কাৰ্যকলাপ চলাই আহিছে। সন্ত্ৰাসবাদীক পুঁজি যোগান ধৰা কাৰ্য ৰোধ কৰাত ব্যৰ্থ হোৱাৰ বাবে ২০১৮ চনৰ পৰা ২০২২ চনলৈ ‘ফাইনেন্সিয়েল একচন টাস্ক ফৰ্চ’ চমুকৈ এফ এ টি এফে পাকিস্তানক ক’লা তালিকাত অন্তৰ্ভুক্ত কৰিছিল। পৰিস্থিতি অধিক জটিল হৈ পৰে যেতিয়া ২০২৫ চনৰ ২২ এপ্ৰিলত লস্কৰ-ই-তৈবাৰ সমৰ্থিত সন্ত্ৰাসবাদী গোট ‘দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট’ৰ সদস্যই পহলগামত পৰ্যটকৰ ওপৰত কৰা গুলীচালনাৰ ফলত ২৬ জন অসামৰিক লোক নিহত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰই এই গোটটোক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰাৰ সমান্তৰালভাৱে ভাৰতৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই এই ষড়যন্ত্ৰ সীমান্তৰ সিপাৰৰ পৰাই ৰচনা কৰা হৈছিল বুলি প্ৰমাণ লাভ কৰে।

এই জঘন্য আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতে ২০২৫ চনৰ মে’ মাহত ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ কৰি পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত থকা কেইবাটাও সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰে। ইয়াৰ পাছতে পাকিস্তানে সামাজিক মাধ্যমত ভুৱা বাতৰি বিয়পোৱাৰ এক ব্যাপক অপপ্ৰচাৰ চলায়, য’ত ভাৰতীয় যুদ্ধ বিমান ভূপতিত কৰা, শক্তি খণ্ডত চাইবাৰ আক্ৰমণ আৰু ধৰ্মীয় স্থানত আক্ৰমণৰ দৰে ভুৱা দাবী কৰা হৈছিল। ভাৰতে পাকিস্তানৰ পৰা পৰিচালিত এনে ১৪০০ ৰো অধিক ইউ আৰ এল চিনাক্ত কৰে, যি কাৰ্য শিমলা চুক্তিৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ চৰ্তৰ সম্পূৰ্ণ পৰিপন্থী। ইয়াৰ উপৰিও পাকিস্তানে কাশ্মীৰ বিষয়ক লৈ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ‘এৰিয়া-ফৰ্মুলা’ বৈঠক অনুষ্ঠিত কৰি চুক্তিৰ দ্বিপাক্ষিক নীতি মুকলিকৈ উলংঘন কৰিছে।

বৰ্তমানৰ এই জটিল পৰিস্থিতিয়ে প্ৰমাণ কৰে যে নিৰাপত্তা নিশ্চিত নোহোৱাকৈ কোনো চুক্তিয়েই ফলপ্ৰসূ হ’ব নোৱাৰে। শিমলা চুক্তি স্বাক্ষৰ হোৱাৰ অৰ্ধ শতিকাৰো অধিক সময় অতিক্ৰম কৰাৰ পাছত এতিয়া চুক্তিখনৰ ব্যৱস্থাসমূহৰ আইনী ব্যাখ্যাতকৈ পাকিস্তানৰ ধাৰাবাহিক উলংঘন আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপেহে অধিক গুৰুত্ব লাভ কৰিছে। যিহেতু পাকিস্তানে নিৰন্তৰভাৱে চুক্তিখনৰ মূল ভাৱনাক উলংঘা কৰি আহিছে, সেয়েহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শিমলা চুক্তিৰ প্ৰাসংগিকতাকলৈ বৰ্তমান প্ৰশ্ন উত্থাপিত হৈছে আৰু সিন্ধু জল চুক্তি স্থগিত ৰখাৰ ভাৰতৰ সিদ্ধান্তই ভৱিষ্যতৰ দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত অনিশ্চয়তা আহি পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd