• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাতীয় স্বাৰ্থত জাতীয় সংগঠন সমূহ কিয় একত্ৰিত হ’ব পৰা নাই? শিল্পী মহেন্দ্ৰ হাজৰিকাৰ ক্ষোভ

ভাগ ভাগ হোৱাৰ প্ৰবৃত্তিয়ে জাতিটোৰ অনিষ্ট সাধিব

Dulal Mishra দুলাল মিশ্ৰ
গুৱাহাটী , September 27, 2020 7:23 pm

2 min read

mahendra
273
VIEWS
Share on FacebookShare on Twitter

১৯৮০ চনৰে পৰা স্বদেশ আৰু স্বজাতিৰ গীত গাই মানুহক জগাই অহা শিল্পী মহেন্দ্ৰ হাজৰিকা আজি ব্যথিত, আশাহত।

ভাবিছিল কিবা এটা পৰিৱৰ্তন হব, পৰিৱৰ্তন নোহোৱাও নহয়।কিন্তু সকলো দিশতে এতিয়া কেৱল ঋণাত্মক পৰিৱৰ্তন।

নিবনুৱাই দিনতে তৰা লেখিছে, বজাৰত বস্তুৰ জুই-ছাই দাম, কতো নাই উন্নয়নৰ চিন-মোকাম।

এনে পৰিস্থিতিত জনতাৰ গান গোৱা শিল্পী গৰাকী  বাৰুকৈয়ে হৈ পৰিছে হতাশ।

মনৰ মাজত পুঞ্জীভূত ক্ষোভ উজাৰি শিল্পী গৰাকীয়ে কয়—‘সকলোতে এতিয়া মাথো নিৰাশাৰ ছাঁ। ৰাজনীতি এতিয়া নাম নাম ঘৰে সাত খন খেল বিয়নি গীতৰে মেল হ’লে নহব।৭০ টা সংগঠন আমি এক হৈ  আছো বুলি কৈ থকাৰ পিছতো তেওঁলোক এক হব নোৱাৰিলে, অন্তত জাতীয় স্বাৰ্থত এক হব পাৰিব লাগিছিল।

assam-protest-CAB

ৰাজনীতি এক  প্ৰচণ্ড সংগ্ৰাম।ৰাজনীতিত ৰাইজক প্ৰাধান্য দিব লাগিব। সংকটৰ সময়তে যদি জাতীয়তাবাদী শিবিৰ সমূহ এক নহ’ল তেন্তে আৰু কেতিয়া সময় আহিব?একতাৰ আহ্বান কোনেও নুশুনিলে। যাৰ বাবে জাতিৰ বিপৰ্যয় আহিব।অনৈক্য আৰু বৈষম্য,ভাগ ভাগ হোৱাৰ যি প্ৰবৃত্তি,ব্যক্তি কেন্দ্ৰিক অহংকাৰে জাতিটোৰ অনিষ্ট সাধিব।

জাতীয় নেতাই জাতিটোক ঠগিলে। সাত পুৰুষৰ বাবে গোটাই ল’লে ,কিন্তু ৰাইজক একো এটা নিদিলে’।

জনতাৰ প্ৰিয় শিল্পী গৰাকীয়ে পৰিৱৰ্তনৰ সপোন দেখুৱাই ৰাইজক আঁভুৱাভাঁৰা বিজেপি চৰকাৰখনলৈ সমালোচনাৰ শেল এৰি কয়—‘সৌসিদিনা এটা পৰিৱৰ্তন দেখিলো। এজন বিষয়াৰ ঘৰত ৮ কেজি নে কিমান সোণ ওলাল,সেয়াই পৰিৱৰ্তন। কেনেকৈ ইমান সুৰুঙা পালে। প্ৰশ্নকাকত ফাদিল হ’ল,এই বোৰেই পৰিৱৰ্তন।আগৰ পৰীক্ষা সমূহতো যে এনে হোৱা নাছিল কোনে ক’ব পাৰিব’?

‘বিজয় মালিয়াৰ দৰে লোক সকলক ৰেহাই দিছে অথচ এতিয়া দুখীয়া কৃষকৰ মাটি খিনিৰ ওপৰতো,তেওঁলোকৰ উৎপাদিত ফচলৰ ওপৰতো চকু। এয়াই পৰিৱৰ্তন। জনতাক মাথো লাগে ভোট দিবলৈ,জিকি যোৱাৰ পিছত চেলা চামুণ্ডাৰ প্ৰকোপত যাব নোৱাৰি।ৰাইজক কেৱল কৰা হৈছে পণ বন্দী।আগতে ৰজাই মন্ত্ৰীক সুধিছিল আছেনে প্ৰজাগণ মোৰ কুশলে। আজিৰ ৰজাই পত্নীক সোধে-বেংকৰ বেলেন্সৰ কাগজ পত্ৰ বোৰ ঠিকে ঠাকে আছেনে’।

জাতিৰ সংকটৰ সময়তো আঞ্চলিকতাবাদী শক্তি সমূহ একত্ৰিত হ’ব নোৱাৰা কথাটোত ক্ষেদ প্ৰকাশ কৰি শিল্পী মহেন্দ্ৰ হাজৰিকাই কয় যে এয়া সময়ৰ আহ্বান আছিল। কিন্তু সেই আহ্বান উপেক্ষা কৰা হ’ল।যি কথা জাতিটোৰ বাবেই হৈ পৰিব বিপজ্জনক।

Recent News

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

AJP

বিজেপি এতিয়া দুৰ্নীতি আৰু ছিণ্ডিকেটৰ পক্ষত সহনশীল দল: এজেপি

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd