DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লখিমপুৰ খেৰী হত্যাকাণ্ড: ৫০০০ পৃষ্ঠাৰ অভিযোগনামাত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰক প্ৰধান অভিযুক্ত হিচাবে চিহ্নিত

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 3, 2022 2:10 pm
195
VIEWS
Share on FacebookShare on Twitter

দেশজুৰি তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰা উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ হত্যাকাণ্ডৰ গোচৰৰ আজি অভিযোগনামা দাখিল কৰে বিশেষ তদন্তকাৰী গোটে।

তদন্তকাৰী গোটে দাখিল কৰা অভিযোগনামাত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰক প্ৰধান অভিযুক্ত হিচাবে চিহ্নিত কৰা হৈছে।

চাৰিজন কৃষককে ধৰি মুঠ আঠ জন লোকৰ মৃত্যু ঘটা উক্ত ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে দাখিল কৰা প্ৰায় ৫০০০ পৃষ্ঠাৰ অভিযোগনামাত আশীষ মিশ্ৰৰ লগত ১৪ জন লোকক অভিযুক্ত কৰা হৈছে। অভিযোগনামাত অভিযুক্ত হিচাবে নাম সন্নিবিষ্ট হোৱা আন এজন লোক হৈছে বীৰেন্দ্ৰ শুক্লা।

তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২০১ ধাৰা আৰোপ কৰা হৈছে।

উল্লেখ্য চলিত বৰ্ষৰ ৩ অক্টোৱৰত লখিমপুৰ খেৰীৰ টিকুনিয়া গাঁৱত প্ৰতিবাদকাৰী কৃষকৰ ওপৰেৰে গাড়ী চলাই নিয়াত ৪ জন কৃষকৰ মৃত্যু ঘটিছিল।

এই ঘটনাৰ পিছতে সংঘটিত হিংসাত্মক ঘটনাত আন চাৰিজন লোক নিহত হৈছিল।

প্ৰতিবাদী কৃষকৰ ওপৰেৰে চলাই নিয়া গাড়ীত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ  মিশ্ৰও আছিল।

ইয়াৰ পিছতে আশীষ মিশ্ৰৰ বিৰুদ্ধে টিকুনীয়া থানাত এজাহাৰ দাখিল হৈছিল আৰু দীৰ্ঘ দিনধৰি পলাতক অৱস্থাত থকা মন্ত্ৰী পুত্ৰক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰক লখিমপুৰ খেৰী হিংসাৰ গোচৰত আদালতে জামিন প্ৰত্যাখ্যান কৰিছিল।

মুখ্য ন্যায়িক দণ্ডাধীশ চিন্তা ৰামে আশীষ মিশ্ৰ আৰু তেওঁৰ সহযোগী আশীষ পাণ্ডেৰ জামিন আবেদন নাকচ কৰিছিল।

১২ ঘণ্টাৰ জেৰাৰ পিছত বিশেষ তদন্তকাৰী দলে ৯ অক্টোবৰত গ্ৰেপ্তাৰ কৰা আশীষ মিশ্ৰক তিনি দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছিল।
আৰক্ষীয়ে গোচৰটোৰ সন্দৰ্ভত তৎপৰতাৰে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছিল । তেওঁলোক হ’ল – আশীষ মিশ্ৰ, লৱকুশ, আশীষ পাণ্ডে আৰু ভাৰতী।

আশীষ মিশ্ৰৰ ঘনিষ্ঠ বন্ধু অংকিত দাসে লখিমপুৰৰ অপৰাধ শাখা কাৰ্যালয়ত বিশেষ তদন্ত কমিটিৰ সন্মুখত হাজিৰ হৈ আত্ম সমৰ্পন কৰিছিল।

উল্লেখ্য যে অংকিত দাস প্ৰাক্তন মন্ত্ৰী অখিলেশ দাসৰ ভতিজা আৰু খেৰীৰ প্ৰতিবাদী কৃষকক মহতিয়াই নিয়া গাড়ীখন তেওঁৰ মালিকানাধীন বুলি জানিব পৰা গৈছে।

 

Recent News

২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

হৰ ঘৰ ত্ৰিৰংগা: হাৰিয়ানাত ৬,৬০০ ফুট দীঘল ত্ৰিৰংগা লৈ বিশাল ৰেলী

হৰ ঘৰ ত্ৰিৰংগা: হাৰিয়ানাত ৬,৬০০ ফুট দীঘল ত্ৰিৰংগা লৈ বিশাল ৰেলী

হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজ-জাখিলীৰ ৫০-৬০ গৰাকী মহিলা

হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজ-জাখিলীৰ ৫০-৬০ গৰাকী মহিলা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd