অসম আৰক্ষীত ঘোচখোৰ বিষয়াৰ সংখ্যা বৃদ্ধি পোৱা বুলি অভিযোগ উঠি থকাৰ সময়তে আজি তেনে অভিযোগৰ সত্যতা প্ৰমাণ হ’ল হাইলাকান্দিত।
হাইলাকান্দি আৰক্ষী থানাৰ উপ পৰিদৰ্শক(UB) সুধন্য ভট্টাচাৰ্যক গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ।
উৎকোচ লৈ থকা সময়তে হাতে লোটে ধৰা পৰে উপ- পৰিদৰ্শকগৰাকী।
SI(UB) Sudhanya Bhattacharjee, of Hailakandi PS was caught red handed by @DIR_VAC_ASSAM while accepting bribe of INR 5000 today (Nov 17th) from the complainant inside Hailakandi PS @assampolice @CMOfficeAssam @mygovassam
— GP Singh (@gpsinghips) November 17, 2021
টুইটাৰযোগে এই কথা জনাইছে ADGP জি পি সিঙে।
অভিযোগকাৰীৰ পৰা ৫০০০ টকা উৎকোচ লোৱাৰ সময়তে হাতে লোটে ধৰা পৰে বুলি তেওঁ জনায়।
আৰক্ষী বিষয়াগৰাকীয়ে মাটি-বাৰীৰ গোচৰ নিষ্পত্তি কৰি দিয়াৰ বাবদ উক্ত ধন উৎকোচ হিচাবে লৈছিল।