• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত খেল’ শিৱসাগৰ খেল’ৰ শুভাৰম্ভণি; ব্ৰেণ্ড এম্বেচেডৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
January 8, 2020 4:19 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত ক্রীড়াৰ ক্ষেত্ৰত এক বৰ্ণীল ইতিহাস থকা শিৱসাগৰ জিলাক ক্ৰীড়াৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলাই তোলাৰ উদ্দেশ্যেৰে শিৱসাগৰ জিলা উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়াই গ্ৰহণ কৰা ‘ছ’লফুল শিৱসাগৰ’ অধীনত পৰিকল্পনা কৰা “খেল’ শিৱসাগৰ খেল'” অভিযান আজি শুভাৰম্ভ কৰা হয়।

অৰ্জুন বঁটা প্ৰাপক খ্যাতনামা এথলিট তথা খেল’ শিৱসাগৰ খেল’ৰ ব্ৰেণ্ড এম্বেচেডৰ ভোগেশ্বৰ বৰুৱাৰ উপস্থিতিত বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জিলা উপায়ুক্তই আনুষ্ঠানিকভাৱে অভিযানৰ শুভাৰম্ভণি কৰে।

Apply Now

জিলা উপায়ুক্তই পতাকা উত্তোলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰে আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰথম অসম পুলিচ বেটেলিয়নৰ বেণ্ড প্লাটুনৰ দ্বাৰা প্ৰদৰ্শিত মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহণ কৰে৷ শিৱসাগৰ জিলাক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্কুল গেমচত বঁটা আঁজুৰিবলৈ সক্ষম হোৱা শিৱসাগৰ জিলাৰ দুই এথলিট ক্ৰমে মাষ্টাৰ আদিত্য থাপা আৰু মাষ্টাৰ বাছিদ আহমেদে খেল’ শিৱসাগৰ খেল’ৰ ক্ৰীড়াশিখা বহন কৰে৷

জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায়ে উদ্ভোধনী অনুষ্ঠানৰ মুকলি বক্তৃতা ৰাখে আৰু প্ৰায় দুমাহৰ প্ৰচেষ্টাৰ অন্তত শিৱসাগৰ জিলাৰ উপায়ুক্তৰ নেতৃত্বত এই ক্ৰীড়াৰ আয়োজনে উঠি অহা খেলুৱৈসকলক এখন মঞ্চ প্ৰদান কৰিব বুলি মত পোষণ কৰে৷

নিজৰ বক্তব্যত উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে যে, বিদ্যালয়, শিক্ষাখণ্ড আৰু জিলা ভিত্তিত অনুষ্ঠিত হ’বলগীয়া তিনি তৰপীয়া এই প্ৰতিযোগিতা আয়োজনৰ মূল উদ্দেশ্য হ’ল জিলাখনৰ পৰা সুসংগঠিত প্ৰক্ৰিয়াৰে উৎকৃষ্ট খেলুৱৈৰ বাচনি কৰি ৰাষ্ট্ৰীয় ক্রীড়া প্ৰতিযোগিতা সমূহত যোগদান নিশ্চিত কৰা।

মুঠ ২৭টা ক্রীড়া শিতানত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ বাবে অহা ১৫ জানুৱাৰীৰ ভিতৰত বিদ্যালয় পৰ্য্যায়ত শ্ৰেষ্ঠ খেলুৱৈসকলৰ তালিকা চূড়ান্ত কৰা হ’ব। পৰৱৰ্তী পৰ্যায়ত শিক্ষাখণ্ড আৰু শেষত জিলা পৰ্য্যায়ৰ প্ৰতিযোগিতা সমূহ অনুষ্ঠিত কৰা হ’ব। ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ পৰা আমন্ত্ৰিত বিষয়-ববীয়া সকলে জিলা খনত উপস্থিত হৈ জিলা পৰ্য্যায়ৰ প্ৰতিযোগিতা সমূহৰ পৰা খেলুৱৈ তথা দল নিৰ্বাচন কৰিব।

শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আব্দুল জেলিলে নিজৰ বক্তৃতাত বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰে বহু দশক ধৰি ভালেসংখ্যক ক্ৰীড়া প্ৰতিভাক জন্ম দি বিশ্বৰ আগত জিলাখনক গৌৰৱেৰে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি ভৱিষ্যতেও ই খেলুৱেসকলক এক মঞ্চ দি যাবলৈ সক্ষম হ’ব বুলি কয়।

প্ৰতিযোগিতাসমূহ ১৪ বছৰ বয়সৰ অনুৰ্দ্ধৰ লৰা আৰু ছোৱালী; ১৭ বছৰ বয়সৰ অনুৰ্দ্ধৰ লৰা আৰু ছোৱালী; আৰু ১৯ বছৰ বয়সৰ অনুৰ্দ্ধৰ লৰা আৰু ছোৱালী শাখাত অনুষ্ঠিত হ’ব।

নিজ বক্তব্যত অৰ্জুন ভোগেশ্বৰ বৰুৱাই জিলা প্ৰশাসনৰ উদ্যোগৰ শলাগ লৈ কয় যে, অসমৰ ভিতৰত প্ৰথমবাৰৰ বাবে জিলাখনত আৰম্ভ হোৱা খেল’ শিৱসাগৰ খেল’ প্ৰতিযোগিতাই নিশ্চিতভাৱে খেলুৱৈসকলৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে। ইয়াৰ দ্বাৰা তৃণমূল পৰ্যায়ৰ পৰা উদীয়মান ক্রীড়া প্রতিভা সমূহেও বিকশিত হোৱাৰ সুযোগ লাভ কৰিব বুলি তেওঁ মত প্ৰকাশ কৰে।

উপায়ুক্ত ডাঃ লক্ষ্মীপ্ৰিয়া আৰু অৰ্জুন ভোগেশ্বৰ বৰুৱাই আনুষ্ঠানিক ভাৱে খেল’ শিৱসাগৰ খেল’ৰ প্ৰতিক চিহ্ন (logo), শুভংকৰ (mascot) ‘কুকু’ আৰু মুল সংগীত (theme song) উন্মোচন কৰে।

উদ্বোধনী অনুষ্ঠানত জিলা শিশু আৰু কিশোৰ-কিশোৰী কোষৰ অধীনত ‘নৱ উদিত’ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ শিল্পী সকলে দিহানাম পৰিবেশন কৰে। অনুষ্ঠানত অতিৰিক্ত উপায়ুক্তসকল, প্ৰশাসনিক বিষয়াসকল, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াসকল তথা চৌলফুল শিৱসাগৰৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
বিশ্বগুৰু: নেহৰু নে মোডী

বিশ্বগুৰু: নেহৰু নে মোডী

August 18, 2026 7:33 pm
বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

August 18, 2026 5:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd