• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ অখিল গগৈৰ পুনৰ পত্ৰ : ‘৩.৩০ কোটি লোকক বিনামূলীয়া ভেকচিন দিয়ক’

মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰৰ পৰা ৩.৩০ কোটি লোকৰ বাবে ৬.৬০ কোটি পালি ভেকচিন আনি দক্ষতা আৰু যোগ্যতাৰ পৰিচয় দিয়ক

প্রাঞ্জল দেউৰী by প্রাঞ্জল দেউৰী
May 16, 2021 3:12 pm
Akhil Gogoi
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভাৰ কাৰাৰুদ্ধ বিধায়ক অখিল গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তলৈ এক পত্ৰ প্ৰেৰণ কৰি অসমৰ ৩ কোটি ৩০ লক্ষ মানুহক বিনামূলীয়াকৈ কোভিড ভেকচিন প্ৰদান কৰাৰ আহ্বান জনাইছে।

তিনিমাহৰ ভিতৰত সাৰ্বজনীন, বিনামূলীয়া ভেকিচন প্ৰদান কৰিলেহে কোভিড১৯ মহামাৰীয়ে স্তব্ধ কৰি তোলা জনজীৱন পুনৰ স্বাভাৱিক হৈ উঠিব বুলিও মন্তব্য কৰিছে অখিল গগৈয়ে।

Apply Now

অসমৰ সংবাদ মাধ্যম আৰু বৃহৎ সংখ্যক বুদ্ধিজীৱীয়ে নৱ নিযুক্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দক্ষ আৰু যোগ্য মন্ত্ৰী বা ৰাজনীতিক আখ্যা দিয়া সময়তে অখিল গগৈয়ে মুখ্যমন্ত্ৰী শৰ্মাক কেন্দ্ৰৰ পৰা ৩.৩০ কোটি মানুহৰ বাবে ৬.৬০ কোটি পালি ভেকচিন আনি নিজৰ যোগ্যতা আৰু দক্ষতা পতিপন্ন কৰিবলৈও আহ্বান জনাইছে।

“ভাৰতৰ দৰে যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা থকা এখন দেশত এজন দায়িত্বশীল ৰাজনীতিকৰ দক্ষতা আৰু যোগ্যতা প্ৰকাশ পায় উধ্বৰ্তন বা উচিত কতৃৰ্পক্ষৰ ওচৰত হক কথাটো সবলভাৱে তুলি ধৰি ৰাজ্যখনৰ বাবে ন্যাৰ্য প্ৰাপ্য আদায় কৰি অনাটোতহে৷ বিজেপিৰ ৰাজ্য চৰকাৰখনে বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন বা “কা’ জাপি দিয়াৰ দৰে জনবিৰোধী সকলো ক্ষেত্ৰতে কেন্দ্ৰৰ ওচৰত আত্মসমপৰ্ন কৰিলে৷ জিএছটি জাপি দি ৰাজ্যবোৰৰ শেষৰকণ অৰ্থনৈতিক স্বাধীনতা কাঢ়ি নিওঁতেও অসমে ভাৰতৰ ভিতৰত সবৰ্প্ৰথমে জিএছটি বিধেয়ক আইনলৈ পৰিণত কৰিছিল।” কাৰাৰুদ্ধ বিধায়ক অখিল গগৈয়ে পত্ৰখনত এইদৰে উল্লেখ কৰিছে।

নৱনিযুক্ত মুখ্যমন্ত্ৰীজনে যোৱা ১১ মে’ৰ প্ৰথমখন কেবিনেট বৈঠকত এটি অতি সুন্দৰ কৰ্মসূচী যুগুত কৰিছে বুলি মন্তব্য কৰি এখন বা দুখন জিলাৰ কোভিড নিয়ন্ত্ৰণৰ দায়িত্ব একোজন মন্ত্ৰীৰ হাতত প্ৰদান কৰাতো আদৰণীয় বুলিও উল্লেখ কৰিছে অখিল গগৈয়ে।

কোভিডৰ সময়ৰ আৰু তাৰ পৰৱৰ্তী চিকিৎসা অতি জটিল আৰু ভয়ংকৰ হৈ উঠাৰ সমান্তৰালভাৱে কোভিডৰ টেনচন আৰু অৰ্থনৈতিক ভৱিষ্যতহীনতাই মানুহক মানসিকভাৱে কোঙা কৰিও পেলাইছে। এই ক্ষেত্ৰত প্ৰতিজন ৰোগীক প্ৰচুৰ মানসিক চিকিৎসাৰ প্ৰয়োজন বুলি স্বাস্থ্য মন্ত্ৰীক উদ্দেশ্য কৰি অখিল গগৈয়ে ইয়াৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনাইছে৷

ইফালে  কোভিড বিধি উলংঘা কৰাসকলৰ ওপৰত লাঠিচালনা কৰিম বুলি আৰক্ষী সঞ্চালক প্ৰধানে কৰা ঘোষণাকো সমালোচনা কৰিছে অখিল গগৈয়ে।

বিধায়ক অখিল গগৈয়ে সুভাষ চন্দ্ৰ দাস বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে বিত্ত মন্ত্ৰীক।

কাৰাৰুদ্ধ বিধায়ক গৰাকীয়ে চৰকাৰলৈ কেবাটাও পৰামৰ্শ আগবঢ়াইছেঃ—

১) ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক বিনামূলীয়া অতিৰিক্ত ৰেচন (চাউল, দাইল, আলু, মিঠাতেল আদি) দিয়ক৷

২) প্ৰতিটো দুৰ্যোগপীড়িত পৰিয়ালক ঠন ধৰি উঠিব পৰাকৈ ৩ বা ৪ মাহলৈ ৫০০০ টকাকৈ ক্ষতিপূৰণ দিয়ক৷ অটোৱালা, ৰিক্সাৱালা, টেক্সীৱালা, ঘুমটিৱালা, বিভিন্ন কাৰ্যালয় বা ব্যৱসায় প্ৰতিষ্ঠানত অস্থায়ীভাৱে কাম কৰা লোকসকলৰ পৰা কৃষকলৈকে অৰ্থাৎ নিয়মীয়া চাকৰি নথকাসকলৰ সকলোবোৰ পৰিয়ালক এই ক্ষতিপূৰণ দিয়া হওক৷

৩) সকলোবোৰ ক্ষতিগ্ৰস্ত ব্যৱসায়-উদ্যোগ প্ৰতিষ্ঠানক প্ৰয়োজন অনুসৰি ক্ষতিপূৰণ দিয়ক৷

“মই ভাবো, এইবোৰ সঠিকভাৱে কৰিলেই আমি এই দুৰ্যোগৰ পৰা উদ্ধাৰ পাম আৰু জাতি হিচাপে পুনৰ ঠন ধৰি উঠিম৷” অখিল গগৈয়ে পত্ৰখনত কয়।

ইফালে পত্ৰখনত কেন্দ্ৰ চৰকাৰৰ কোভিড প্ৰতিৰোধ নীতিক সমালোচনা কৰি অখিল গগৈয়ে কয় যে মাত্ৰ ৩৫ হাজাৰ কোটি টকা খৰচ কৰি ভাৰত চৰকাৰে সকলো যোগ্য ভাৰতীয়ক কোভিড ভেকচিন দি এই মহাবিপদৰ পৰা বচাবলৈ উদ্যোগ গ্ৰহণ কৰা উচিত আছিল।

“কোভিডৰ চিকিৎসাৰ দুৰৱস্থাৰ কথা নকওঁৱে৷ কেইবালাখো ভাৰতীয়ক চকুৰ সন্মুখত হেৰুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কেৱল এটাই কথা কওঁ – এতিয়াও সময় আছে, নিজৰ দায়িত্ব আৰু কৰ্তব্য বুজি ভাৰতবাসীক বচাবৰ কাৰণে আগবাঢ়ি আহক৷ ২০,০০০ কোটি টকীয়া চেণ্ট্ৰেল ভিষ্টা (কেন্দ্ৰীয় সচিবালয়)ৰ নিৰ্মাণ নহয়, এতিয়া আমাক জৰুৰীভাৱে সহজলভ্য, সাবৰ্জনীন, বিনামূলীয়া কোভিড ভেকচিন লাগে৷” অখিল গগৈয়ে পত্ৰখনত প্ৰধানমন্ত্ৰীকো এইদৰে আহ্বান জনাইছে।

Tags: COVID-19
প্রাঞ্জল দেউৰী

প্রাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd