• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত সোণোৱাল কছাৰী আৰু মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰস্তুতি সম্পূৰ্ণ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
January 20, 2019 5:58 pm
835
VIEWS
Share on FacebookShare on Twitter

২১ জানুৱাৰিত শিৱসাগৰ জিলাত অনুষ্ঠিত হ’বলগীয়া সোণোৱাল কছাৰী আৰু মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰয়োজনীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে শিৱসাগৰ জিলা প্ৰশাসনে।

কাইলৈ অৰ্থাৎ ২১ জানুৱাৰিত ১৭ নং ৰজাবাৰী সমষ্টিত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন মুঠ ১০ টা ভোট গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ’ব। এই ভোট গ্ৰহণ প্ৰক্ৰিয়াত মুঠ ৪৩৬৮ গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিব। ইয়াৰে ২২১৪ গৰাকী পুৰুষ আৰু ২০৫৪ গৰাকী মহিলা ভোটাৰ। আনহাতে ৩৪ নম দিচাং-দিখৌ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ২২ টা ভোট গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ’ব আৰু এই ভোটদান প্ৰক্ৰিয়াত মুঠ ১৬২৩৮ গৰাকী ভোটাৰে ভোটদান কৰিব। ইয়াৰে ৮১৯০ গৰাকী পুৰুষ আৰু ৮০৪৮ গৰাকী মহিলা ভোটাৰ।

এই দুই স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত নিয়োজিত অৰক্ষী আৰু অসামৰিক চেক্টৰ-মাণ্ডলিক বিষয়াৰ মাজত পাৰস্পৰিক পৰিচয় আৰু সুসমন্বয় ৰক্ষাৰ বাবে জিলা উন্নয়ন আয়ুক্তৰ দায়িত্বপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত নৱাব আল্ আজহাৰ আলিৰ সভাপতিত্বত শনিবাৰে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চুকাফা সভাকক্ষত এখনি সভা অনুষ্ঠিত হয়।

সভাত নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে সকলো সকলো বিষয়ৰ ওপৰত আলোচনা কৰা হয়।  চেক্টৰ আৰু মাণ্ডলিক বিষয়া সকলক তেওঁলোকৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহ আগতিয়াকৈ পৰিদৰ্শন কৰিবলৈ পৰামৰ্শ দিয়ে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে।

সভাত অতিৰিক্ত আৰক্ষী অধীক্ষক নবীন সিঙে নিৰাপত্তাৰ ক্ষেত্ৰত লব লগীয়া ব্যৱস্থা সম্পৰ্কে কয় যে, প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত এজন কনিষ্টবল, এজন গৃহৰক্ষী জোৱান আৰু তিনিজন গাওঁৰক্ষী বাহিনীৰ জোৱানৰ লগতে অৰ্ধ সামৰিক বাহিনীও মোতায়েন কৰা হব বুলি প্ৰকাশ কৰে।

সোণোৱাল কছাৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত ৩ গৰাকী মাণ্ডলিক বিষয়া, ১০ গৰাকী প্ৰিজাইডিং বিষয়া আৰু ৩৩ গৰাকী প’লিং বিষয়া নিয়োজিত কৰাৰ লগতে মিচিং স্বায়িত্ব শাসিত পৰিষদৰ নিৰ্বাচনত ৩ গৰাকী মাণ্ডলিক বিষয়া, ২২ গৰাকী প্ৰিজাইডিং বিষয়া আৰু ৭০ গৰাকী প’লিং বিষয়া নিয়োজিত কৰা হৈছে।

আনহাতে নিৰ্বাচনী সম্পৰ্কীয় যিকোনো বিষয় বা অভিযোগ থাকিলে আৰক্ষী বিভাগৰ নিয়ন্ত্ৰণ কক্ষৰ ০৩৭৭২ ২২২৮০১ আৰু ৯৪৩৫৫০০৫৯৭ নম্বৰত আৰু জিলা প্ৰশাসনৰ নিয়ন্ত্ৰণ কক্ষৰ ০৩৭৭২ ২২২১৭৭ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জনায়।

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd