অৱশেষত শিৱসাগৰ আৰক্ষীৰ বৃহৎ সাফল্য। দীৰ্ঘদিনে শিৱসাগৰ চহৰত সন্ত্ৰাস চলাই অহা চিলনী চোৰৰ গেংটোক আৰক্ষীয়ে আটক কৰিছে।
উল্লেখ্য যে ১৫ ছেপ্তেম্বৰ আৰু ২৪ ছেপ্তেম্বৰত শিৱসাগৰ চহৰৰ মাজ মজিয়াৰ দ’লমুখ চাৰিআলিস্থিত ইণ্ডিয়ান বেংকৰ পৰা টকা উলিয়াই আহোতে বাইকত অহা দুৰ্বৃত্তই টকাৰ বেগ কাঢ়ি লৈ যায়।
গেংটোৱে এগৰাকী ব্যক্তিৰ পৰা নগদ এক লাখ আৰু এগৰাকীৰ পৰা পঞ্চাশ হাজাৰ টকা থপিয়াই নিছিল।
উক্ত ঘটনাৰ তদন্ত কৰি শিৱসাগৰ সদৰ আৰক্ষী থানাৰ নগৰ পৰিদৰ্শক জ্যোতিষ্মান নেওগ আৰু তেওঁৰ দলে মঙলবাৰে এক পৰিকল্পনা কৰি ষ্টেষ্ট বেংক শিৱসাগৰ শাখা আৰু ক’লনি শাখাৰ পৰা দুজন দুৰ্বৃত্তক কৰায়ত্ত্ব কৰিবলৈ সক্ষম হয়।
দুয়োজন দুৰ্বৃত্তক জেৰা কৰাৰ পাছতেই যোৰহাটৰ বাইপাছৰ সমীপৰ পৰা যোৰহাট আৰক্ষীৰ সহায়ত আন চাৰিজন দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হয়।
উল্লেথ্য যে আটাইকেইজন দুৰ্বৃত্ত বহিঃৰাজ্যৰ। দীৰ্ঘদিন ধৰি ইয়াত বাহৰ পাতি শিৱসাগৰ-যোৰহাট আদিত বেংকৰ পৰা টকা উলিয়াই অনা ব্যক্তিৰ পৰা টকাৰ বেগ থপিয়াই নি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।
দুৰ্বৃত্ত কেইজনৰ পৰা আৰক্ষীয়ে ১০ টা মোবাইল ফোন, কেইবাখনো এটিএম কাৰ্ড, তিনিখন বাইখ, নগদ ২৩৬০ টকাৰ লগতে চোকা অস্ত্ৰও উদ্ধাৰ কৰে।
আটক কৰা দুৰ্বৃত্ত কেইজন ক্ৰমে উলা শিৱা (৩১) যযপুৰ উৰিষ্যা, আলুৱা (২২) অন্ধ্ৰপ্ৰদেশ, ডি ৰবি (২০) গনজাম উৰিষ্যা, কল্যাশ দাস (২৫) গনজাম উৰিষ্যা, উলা ৰকি (২৯) গনজাম উৰিষ্যা আৰু চাহিল দাস (২৪) গনজাম উৰিষ্যা।
শিৱসাগৰ সদৰ আৰক্ষী থানাত 1082/2020 U/S 392 IPC অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত কৰিছে।
উল্লেখ্য যে, নগৰ পৰিদৰ্শক জ্যোতিষ্মান নেওগ আৰু তেওঁৰ দলৰ এই অভিযানক সকলোৱে প্ৰশংসা কৰিছে।