• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰ আৰক্ষীৰ কব্জাত উজনিৰ কুখ্যাত নাৰী সৰবৰাহকাৰী ‘বেবি’, উদ্ধাৰ অপহৃতা নাবালিকাক

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , August 14, 2018 9:28 pm

2 min read

sivasagar police arrests human traffickers
65
VIEWS
Share on FacebookShare on Twitter

সোপাধৰা অন্ধবিশ্বাস বুলি প্ৰচাৰ চলি থকাৰ মাজতে শিৱসাগৰ নগৰৰ সমীপৰ পৰাই বিদ্যালয়ৰ পৰা উভটি আহোঁতে অপহৰণ কৰা এগৰাকী নাবালিকাক সোমবাৰে নিশা সোঁ-শৰীৰে উদ্ধাৰ কৰাৰ লগতে নাৰী সৰবৰাহকাৰী দলটোৰ সদস্যকো আটক কৰিবলৈ সক্ষম হৈছে জয়সাগৰ আৰক্ষী।

অষ্টম শ্ৰেণীত পঢ়ি থকা শিৱসাগৰৰ কোঁৱৰপুৰ মঠাদাং অঞ্চলৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত নাবালিকা গৰাকীক বিদ্যালয়ৰ পৰা ওভতাৰ পথৰ পৰাই অপহৰণ কৰি নিছিল বুলি ধৃত অপহৰণকাৰীয়ে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে।

আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে নিজাববীয়াকৈ অনুসন্ধান চলাই পোৱা তথ্যৰ ভিত্তিত জয়সাগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱ কুমাৰ দাসৰ নেতৃত্বত চলা অভিযানত বকতাৰ গোমোঠা গাঁৱৰপৰা সুস্থ অৱস্থাত নাবালিকাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

নাবালিকাগৰাকীৰ লগতে শিল্পী শইকীয়া ওৰফে বেবী নামৰ কুখ্যাত নাৰী সৰবৰাহকাৰীগৰাকী আৰু তেওঁৰ সতীৰ্থ দীপ বৰাকো আটক কৰি আৰক্ষীয়ে বৰ্তমান জেৰা চলাই আছে।

উজনি অসমৰ তিনি জিলা শিৱসাগৰ, যোৰহাট আৰু ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তৰ পৰা বছৰ বছৰ ধৰি নাৰী অপহৰণ কৰি পিছত এই চক্ৰটোৱে দিল্লী, হাৰিয়ানালৈ যোগান ধৰি আহিছিল।

নাৰী অপহৰণ আৰু হানি ত্ৰেপিঙৰ বহুকেইটা ঘটনাত অভিযুক্ত মৰিয়নিৰ নাগাজাংকাৰ নিবাসী বেবিৰ গ্ৰেপ্তাৰ আৰক্ষীৰ বাবে বৃহৎ সাফল্যৰূপে পৰিগণিত হৈছে।

নাবালিকাগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰ লোকে যোৱা ১০ আগষ্টত শিৱসাগৰ সদৰ আৰক্ষী থানাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত ৭৮৮/১৮ নম্বৰ এক গোচৰ ৰুজু কৰা হৈছিল।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd