শিৱসাগৰৰ বিশিষ্ট সাংবাদিক, শিক্ষাবিদ, একালৰ ছাত্ৰ নেতা গুণ বৰুৱা আৰু নাই

Sivasagar's veteran journalist, educationist, former student leader Guna Barua dies

প্ৰয়াত গুণ বৰুৱা।

শিৱসাগৰ সাংবাদিক জগতৰ পিতৃস্বৰূপ গুণ বৰুৱাৰ মঙলবাৰে পৰলোকপ্ৰাপ্তি হয়।

আজি দিনৰ প্ৰায় ১১.৪৩ বজাত শিৱসাগৰ মেলাচকৰৰ নিজা বাসগৃহত ৮০ বছৰ বয়সত মৃত্যু হয় প্ৰবীণ সাংবাদিকগৰাকীৰ।

১৯৪০ চনত শিৱসাগৰৰ ৰজাবাৰী চাহ বাগিচাত জন্ম লাভ কৰিছিল গুণ বৰুৱাই। তেওঁৰ পিতৃ স্বৰ্গীয় গোবিন্দৰাম বৰুৱা আৰু মাতৃৰ নাম স্বৰ্গীয়া গুণদা বৰুৱা। গুণ বৰুৱাই প্ৰাথমিক শিক্ষা বৈছাহাবি প্ৰাথমিক বিদ্যালয়, ৰজাবাৰী আৰু চেলেংহাটৰ পৰা গ্ৰহণ কৰাৰ লগতে শিৱসাগৰ চৰকাৰী উচ্চতম মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰা হাইস্কুলৰ শিক্ষালাভ কৰিছিল।

কলেজীয়া শিক্ষা তেওঁ চেন্ট এডমাণ্ডচ কলেজ শ্বিলং, কটন কলেজ, গুৱাহাটী আৰু শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা লাভ কৰিছিল। আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ বুৰঞ্জী বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

১৯৬৬ চনত গুণ বৰুৱাই জাঁজী হেমচন্দ্ৰ শৰ্মা মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰি ২০০০ চনৰ ২৯ ফেব্ৰুৱাৰিত অৱসৰ গ্ৰহণ কৰে।

ছাত্ৰ অৱস্থাত তেওঁ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, ১৯৬১-৬২ চনত শিৱসাগৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সদস্যৰ লগতে আইন মহাবিদ্যালয় ছাত্ৰ একতা সভা গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ সভাপতি হিচাপে দায়িত্ব লৈ ছাত্ৰ সমাজক নেতৃত্ব প্ৰদান কৰিছিল।

প্ৰখ্যাত সাংবাদিক প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ সহোদৰ আছিল গুণ বৰুৱা।

১৯৭২ চনৰ পৰা ২০১৭ চনলৈকে দৈনিক জনমভূমি কাকতত শিৱসাগৰৰ সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ইয়াৰোপৰি তেওঁ মহাজাতি কাকত, নতুন অসমীয়া কাকত, কলিকতাৰ পৰা প্ৰকাশিত ‘হিন্দুস্তান ষ্টেণ্ডাৰ্ড’ৰ শিৱসাগৰৰ সংবাদদাতা, সাপ্তাহিক জনমভূমি আৰু পি টি আইৰ শিৱসাগৰৰ সাংবাদিক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সুদীৰ্ঘ কালৰ সম্পাদক আছিল গুণ বৰুৱা।

১৯৯৩ চনক গুণ বৰুৱাই কনক চন্দ্ৰ শৰ্মা সাংবাদিক বঁটা লাভ কৰিছিল। সাংবাদিক হিচাপে অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰিছিল গুণ বৰুৱাই।

সাহিত্যৰ ক্ষেত্ৰখনটো জড়িত আছিল গুণ বৰুৱা। ১৯৭৮ চনত সাহিত্য সভাৰ উদ্যোগত জনজাতীয় লোকগীত নামৰ গ্ৰন্থখনিৰ সম্পাদনা কৰিছিল। এই গ্ৰন্থখন বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ Reference Book হিচাপে চলি আছে।

অসম আন্দোলন, ভাষা আন্দোলন, শোধনাগাৰ আন্দোলন, খাদ্য আন্দোলনত সক্ৰিয়ভাৱে জড়িত থকাৰ লগতে  ভাৰত-চীন যুদ্ধৰ সময়ত ভাৰতীয় সেনাৰ লগত গাঁৱে গাঁৱে গৈ জনতাক সহায় কৰিছিল।

জীৱনকালত গুণ বৰুৱাই ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণন, ভাৰতৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, চীন-ভাৰতৰ যুদ্ধৰ সময়ত জেনেৰেল কেৰিয়াপ্পা, জে. বি কৃপালিনী, বিনোৱা ভাবেৰ দৰে বহু বৰেণ্য তথা মহান ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিল।

এইগৰাকী বিশিষ্ট সাংবাদিক, শিক্ষাবিদ তথা সমাজ জীৱনলৈ বহু অৱদান আগবঢ়োৱা ব্যক্তিৰ মৃত্যুত আজি শোকস্তব্ধ হৈ পৰে শিৱসাগৰ।

ইপিনে সোমবাৰে সম্পাদনাৰ কাম সম্পূৰ্ণ হৈ উঠিছিল গুণ বৰুৱাৰ অভিনন্দন গ্ৰন্থ ‘গুণকাৰ’।

শুকুৰবাৰে উন্মোচন কৰাৰ কথা আছিল “গুণকাৰ” গ্ৰন্থখনি। কিন্তু উন্মোচনৰ পূৰ্বেই দেহাৱসান ঘটে প্ৰবীণ সাংবাদিকজনৰ।

তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে অজস্ৰ গুণমুগ্ধই ভিৰ কৰেহি গুণ বৰুৱাৰ বাসগৃহ।