Blast in Train ছত্তীশগড়ৰ ৰে’ল ষ্টেশ্যনত শনিবাৰে পুৱাই এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। ছত্তীশগড়ৰ ৰায়পুৰ ৰে’ল ষ্টেশ্যনত চিআৰপিএফৰ বিষেষ ৰে’লত বিস্ফোৰণৰ ঘটনাটো ঘটে।
বিস্ফোৰণৰ ঘটনাত কমেও ছয় জন চিআৰপিএফ জোৱানৰ আহত হৈছে। আহত জোৱানসকলৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে।
বাতৰি অনুসৰি, ৰে’লখন উৰিষ্যাৰ পৰা জম্মুলৈ যোৱাৰ কথা আছিল।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই বিস্ফোৰণটো আক্ৰমণজনিত নহয়। ৰায়পুৰ আৰক্ষীৰ মতে ৰায়পুৰ ষ্টেশ্যনত এখন চিআৰপিএফৰ বিশেষ ৰে’লৰ ডবাৰ মজিয়াত ইগনাইটাৰ ছেটৰ এটি বাকচ পৰি যোৱাৰ ফলত বিস্ফোৰণটো ঘটে।
পুৱা প্ৰায় ৬বাজি ৩০ মিনিটত বিস্ফোৰণৰ ঘটনাটো সংঘটিত হয়। বিস্ফোৰণত আহত জোৱানসকলক স্থানীয় হাস্পাতালত ভৰ্তি কৰোৱা হয়।
আনহাতে, বিস্ফোৰণৰ ফলত বহু সময় ধৰি ৰে’লখন আৱদ্ধ হৈ থাকে। ঘটনাৰ পাছত বিস্ফোৰক পৰিবহনৰ বিষয়টোলৈয়ো প্ৰশ্নৰ অৱতাৰণা হৈছে।
জানিব পৰা মতে, জোৱানসকলৰহাতত ডিট’নেটৰ ভৰ্তি বক্স আছিল আৰু সেয়া হাতৰ পৰা পৰি যোৱাৰ ফলতে বিস্ফোৰণটো ঘটিছিল। মুঠতে ২৯টা ডিট’নেটৰ বিস্ফোৰণ ঘটা বুলি কোৱা হৈছে।