ধৰ্ষণৰ বলি হৈছে এগৰাকী ছমহীয়া অন্তঃসত্ত্বা মহিলা।
এই চাঞ্চল্যকৰ ঘটনাটো ঘটিছে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত।
ঘটনাৰ বিৱৰণীৰ মতে ৰাজ্যখনৰ ঢালাই জিলাৰ টুইচাকমা এডিচি গাঁৱত শুকুৰবাৰে নিশা ঘৰত অকলে থকা অৱস্থাত এগৰাকী ছমহীয়া অন্তঃসত্ত্বা মহিলাক এজন প্ৰতিৱেশী লোকে ধৰ্ষণ কৰে।
শনিবাৰে মহিলা গৰাকীৰ স্বামীয়ে আৰক্ষী থানাত দিয়া অভিযোগৰ ভিত্তিত অভিযুক্ত দেৱ ৰঞ্জন চাকমা নামৰ লোকজনক স্থানীয় ৰাইশ্যবাৰী থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
ইতিমধ্য আৰক্ষীয়ে অভিযুক্ত দেৱ ৰঞ্জন চাকমাক গ্ৰেপ্তাৰ কৰি আদালত হাজিৰ কৰোৱায়।
আৰক্ষীয়ে নিৰ্যাতিতা মহিলা গৰাকীৰ স্বাস্থ্য পৰীক্ষাও কৰোৱাইছে।
উল্লেখ্য যে ত্ৰিপুৰাত নাৰী নিৰ্যাতনৰ লগতে ধৰ্ষণজনিত ঘটনা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
স্মৰ্তব্য যে তিনি দিন পূৰ্বে কেইজনমান পুৰুষে এগৰাকী মহিলাক লাইট পোষ্ট বান্ধি চুলি কাটি দিয়াৰ লগতে শাৰীৰিকভাৱে প্ৰহাৰ কৰিছিল।
ইফালে দক্ষিণ ত্ৰিপুৰাটো এগৰাকী মহিলাক ৰাজহুৱাভাৱে নিৰ্যাতন কৰাৰ ঘটনা পোহৰলৈ আহিছিল।