শ্বোৱাইন ফ্লুত আক্ৰান্ত হোৱাৰ বাবে উচ্চতম ন্যায়ালয়ৰ ছয়গৰাকীকৈ ন্যায়াধীশে আদালতৰ পৰা ছুটীত যাবলৈ বাধ্য হৈছে।
মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ওৱাই চন্দ্ৰচূড়ে শীৰ্ষ আদালতখনত এই কথা সদৰী কৰে।
ন্যায়াধীশ ডি ওৱাই চন্দ্ৰচূড়ে আদালতৰ প্ৰক্ৰিয়া পৰিচালনা কৰি থকাৰ সময়তে ঘোষণা কৰে যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে ছয়গৰাকীকৈ সতীৰ্থ ন্যায়াধীশ এইচ আই এন আই ভাইৰাছত আক্ৰান্ত হোৱাৰ ঘটনা সম্পৰ্কে মুখ্য ন্যায়াধীশ এছ এ ব’বডেৰ সৈতে এখন বৈঠকত মিলিত হৈছে।
শীৰ্ষ আদালতখনৰ এগৰাকী ন্যায়াধীশ সঞ্জীৱ খান্নাই মঙলবাৰে মাস্ক পৰিধান কৰি আদালতলৈ আহে।
ন্যায়াধীশ চন্দ্ৰচূড়ে কয় যে আইনজীৱীসকলৰ বাবে শীৰ্ষ আদালতখনে টীকা সুলভ কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ন্যায়াধীশ চন্দ্ৰচূড়ে জানিবলৈ দিয়ে যে বৈঠকত মুখ্য ন্যায়াধীশে পৰামৰ্শ আগবঢ়ায় যে বাৰ এছোচিয়েশ্যনৰ মুৰব্বীয়েও এই বেমাৰৰ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণৰ বাবে আগভাগ লোৱা উচিত।
ইয়াৰ মাজতে এই জৰুৰীকালীন স্বাস্থ্য সমস্যাৰ মোকাবিলাৰ বাবে উচ্চতম ন্যায়ালয়ৰ বাৰ এছোচিয়েশ্যনৰ সভাপতি দুষ্যন্ত ডাভে এখন বৈঠক অনুষ্ঠিত কৰে।
ডাভে কয় যে উচ্চতম ন্যায়ালয়ৰ চৌহদত এখন ন্যায়িক সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ অহা একাংশ বৈদেশিক প্ৰতিনিধি দলৰ সদস্যও এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছিল।
শ্বোৱাইন ফ্লুৰ দ্বাৰা আক্ৰান্ত দুগৰাকী ন্যায়াধীশ শবৰীমালা গোচৰৰ ৰায়দানৰ শুনানিৰ বাবে গঠিত নজনীয়া সাংবিধানিক বিচাৰপীঠৰ সদস্য আছিল যাৰ বাবে ইয়াৰ শুনানিত বিলম্ব ঘটিছে।