• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

নিহতসকলৰ একাংশ আত্মীয়ই এই মৰ্মান্তিক দুৰ্ঘটনাটো নিজ চকুৰে প্ৰত্যক্ষ কৰিছে। কৰ্তৃপক্ষই এতিয়াও প্ৰকাশ কৰা নাই নিহতসকলৰ নাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2026 12:41 pm
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ মিজৌৰী প্ৰদেশত সংঘটিত হোৱা এক মৰ্মান্তিক বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰ আৰু এজন পাইলট নিহত হৈছে। ব্ৰিটিছ সংবাদ মাধ্যম বিবিচিয়ে এক প্ৰতিবেদনত এই খবৰ প্ৰকাশ কৰিছে। প্ৰতিবেদনত কোৱা হৈছে যে দেশৰ চৰকাৰী বিষয়াসকলে এই তথ্য নিশ্চিত কৰিছে।

বেটছ কাউন্টি ইমাৰ্জেন্সি মেনেজমেণ্টৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, দেওবাৰে স্থানীয় সময় অনুসৰি দিনৰ প্ৰায় ১১:২০ বজাত বিমানখনে উৰা মাৰিছিল। স্কাইডাইভিং কোম্পানী এটাই বিমানখন ভাড়াত লৈছিল।

Apply Now

মুখপাত্ৰগৰাকীয়ে বিবিচিক জনোৱা মতে, বিমানখনে উৰণৰ পিছত প্ৰয়োজনীয় উচ্চতালৈ উঠিব নোৱাৰিলে। ইয়াৰ পিছত হঠাতে বাওঁফালে ঘূৰি বাটলাৰ মেম’ৰিয়েল বিমানবন্দৰৰ পৰা মাত্ৰ ২০০ গজ দূৰত দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনত থকা ১২ জন লোকৰ আটাইকেইজনৰে মৃত্যু হয়।

দেওবাৰে বিয়লি বেটছ কাউন্টিৰ শ্বেৰিফ চাড এণ্ডাৰছনে এক সংবাদমেলত কয় যে আমি এইটোক এক বৃহৎ প্ৰাণহানিৰ ঘটনা হিচাপে গণ্য কৰিছো।

শ্বেৰিফে কয় যে দুৰ্ঘটনাগ্ৰস্ত বিমানখন কোনো বাণিজ্যিক বিমান সংস্থাৰ নহয়। তেওঁ কয়, “এইখন স্থানীয় বিমান আছিল। আমাৰ স্থানীয় বিমানবন্দৰৰ পৰা উৰা মাৰিছিল।”

আমেৰিকাৰ ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনে প্ৰকাশ কৰা অনুসৰি এই বিমানখন পেচিফিক এৰ’স্পেচ পি৭৫০ মডেলৰ। বিমানবন্দৰৰ পৰা উৰা মৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয়।

এফ এ এয়ে কয় যে সেই সময়ত বিমানখনৰ বাবে কোনো এয়াৰ ট্ৰেফিক চাৰ্ভিছ আৰম্ভ হোৱা নাছিল। এজন মুখপাত্ৰই ব্যাখ্যা কৰে যে বিমানখনে যি ধৰণৰ আকাশমাৰ্গত উৰি আছিল, তাৰ বাবে নিয়ন্ত্ৰকৰ সৈতে নিয়মীয়া যোগাযোগৰ প্ৰয়োজন নাছিল।

স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাৰ পূৰ্বে বিমানখনৰ পৰা কোনো স্কাইডাইভাৰ জপিয়াই পৰিছিল নেকি তাৰ সন্ধানত উদ্ধাৰ কৰ্মীয়ে অঞ্চলটোত তালাচী চলাইছিল।

শ্বেৰিফে কয় যে নিহতসকলৰ একাংশ আত্মীয়ই এই মৰ্মান্তিক দুৰ্ঘটনাটো নিজ চকুৰে প্ৰত্যক্ষ কৰিছে। কৰ্তৃপক্ষই এতিয়াও প্ৰকাশ কৰা নাই নিহতসকলৰ নাম।

কানছাছ চহৰৰ পৰা প্ৰায় ৫০ মাইল দক্ষিণে অৱস্থিত মিজৌৰীৰ বাটলাৰ চহৰ। এফ এ এয়ে কয় যে ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ডে এই দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব লৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd