পোৱালি হাতী বিচাৰি চোৰাং বেপাৰীয়ে পিয়াপি দিছে অসমৰ জংঘলত

গুজৰাটলৈ চাৰিটা হাতীৰ পৰিবহণক লৈ চলা হুলস্থূলৰ মাজতে পোৱালি হাতী ধৰিবলৈ এতিয়াও অসমৰ জংঘলত পিয়াপি দিছে বন্যপ্ৰাণীৰ কুখ্যাত চোৰাং বেপাৰীয়ে।

বনৰ হাতী ধৰাটো ফৌজদাৰী অপৰাধ আৰু এই অপৰাধৰ শাস্তি সাত বছৰ কাৰাদণ্ড আৰু ১০,০০০ টকাৰ জৰিমনা যদিও অবিচলিত হৈয়ে ৰৈছে চোৰাং বেপাৰীসকল।

সূত্ৰ অনুসৰি, অসমৰ বন বিভাগৰ একাংশ অসাধু বিষয়াৰ মৌন সমৰ্থনত যোৱাটো শীতৰ পৰা এতিয়ালৈকে চোৰাং বেপাৰীসকলে হাবিৰ পৰা প্ৰায় এক ডজন পোৱালি হাতী ধৰিছে।

বনত ধৰা এটা পোৱালি হাতীৰ প্ৰশিক্ষণৰ ভিডিঅ’ নৰ্থ ইষ্ট নাওৰ হিফাজতত আছে, আৰু তাত পোৱালি হাতীটোক বন্দী জীৱনৰ শিষ্টাচাৰ শিকোৱাত চোৰাং বেপাৰীসকলক ব্যস্ত থকা দেখা গৈছে।

সাধাৰণতে, হাতী চোৰাং বেপাৰীসকলে জংঘলৰ কাষৰ জনজাতীয় লোকসকলক হাতী ধৰিবলৈ ব্যৱহাৰ কৰে, আৰু তেওঁলোকে প্ৰধানকৈ পোৱালি হাতীক লক্ষ্য কৰি লয়।

লগতে পঢ়ক– অসমৰ হস্তী পৰিবহণ বিতৰ্কৰ উত্তৰ নিদিয়া প্ৰশ্নসমূহ

প্ৰত্যেকটো সফল বন্দীকৰণ আৰু প্ৰশিক্ষণৰ বিনিময়ত গঞাসকলে একৰ পৰা দুই লাখ টকালৈকে লাভ কৰে বুলি জনাই সূত্ৰটোৱে লগতে কয় যে পৰৱৰ্তী সময়ত চোৰাং বেপাৰীসকলে হাতীবোৰ ৰাজ্যৰ বাহিৰত চৰা দামত বিক্ৰী কৰে।

সূত্ৰসমূহে জনাই যে যোৱাটো শীতত ধৰা পোৱালি হাতীবোৰ বিক্ৰীৰ বাবে চোৰাং বেপাৰীসকলে ৰাজ্যৰ বাহিৰৰ সম্ভাব্য ক্ৰেতাৰ সৈতে ইতিমধ্যে দৰ-দাম কৰিছে।

পূৰ্বৰ বাতৰিত কোৱা হৈছিল যে গুজৰাটলৈ পঠাব লগা চাৰিটা হাতীৰ দুটা বনৰ পৰা ধৰা, আৰু অসমৰ বন বিভাগে সিহঁতৰ পৰিবহণত অনুমতি প্ৰদান কৰাৰ দিনাই সিহঁতক মাইক্ৰ’চিপ লগোৱা হৈছিল।

লগতে পঢ়ক– তৎকাল যা-যোগাৰে “অন্ধকাৰ” কৰিলে হস্তীৰ গুজৰাট গমন

উল্লেখিত হাতী দুটাক ৰূপসিং আৰু ৰাণী বুলি চিনাক্ত কৰা হৈছে। হাতী দুটাৰ বয়স প্ৰায় ছবছৰ যদিও ২০১৮ চনৰ ৩০ ডিচেম্বৰত দাখিল কৰা ৯০৫টা বন্দী হাতীৰ তালিকাত সিহঁতৰ নাম নাই।

ৰূপসিঙৰ বাওঁফালৰ আগঠেঙত উপশম নোহোৱা গুলীৰ আঘাত থকালৈ চাই তাক বনত বন্দী কৰা বুলি সন্দেহ কৰা হৈছে।

এই ৯০৫টা বন্দী হাতীৰ তালিকাখন অসমৰ প্ৰাক্তন মুখ্য বন্যপ্ৰাণী ৱাৰ্দেন ডি পি বাংখাৱালে বন আৰু পৰিৱেশ মন্ত্ৰ্যালয়ক দাখিল কৰিছিল।

হাতীৰ বিক্ৰী আৰু ক্ৰয় সম্পূৰ্ণ নিষিদ্ধ হৈ থকা অৱস্থাত চোৰাং বেপাৰীসকল কিন্তু জংঘলৰ পৰা ধৰা হাতীৰ সঠিক নথিকৰণ কৰি মূলভূমিত বেচিব পৰাকৈ স্মাৰ্ট।

২০১৬ চনৰ জুনত তিনিচুকীয়াৰ ডুমডুমাৰ সমীপৰ বৰহাপজানৰ কুখ্যাত বন্যপ্ৰাণী চোৰাং বেপাৰী মঃ মমতাজ ছিদ্দিকীৰ গ্ৰেপ্তাৰে অসমৰ পৰা অবৈধ হাতী বেহাৰ বহু তথ্য পোহৰলৈ আহিছিল।

দুটা পোৱালি হাতীৰ মালিকীস্বত্ব দাবী কৰাৰ বাবে ভুৱা নথি বনোৱাত জৰিত থকাৰ অভইযোগত মঃ মমতাজ ছিদ্দিকীক গ্ৰেপ্তাৰ কৰা হৈছিল।

চোৰাং বেপাৰীজনে হাতীবোৰৰ জন্মৰ প্ৰমাণ পত্ৰ দাঙি ধৰিছিল আৰু তাত কাকপথাৰৰ তদানীন্তন সহকাৰী পশু শল্য চিকিৎসক ডাঃ কল্প নাথ গগৈৰ ছীল আৰু স্বাক্ষৰ আছিল।

নৰ্থ ইষ্ট নাও-এ সংকলন কৰা প্ৰতিবেদন মতে, ২০০৮ৰ পৰা ২০১৫ চনৰ মাজত মুঠ ৬১টা হাতী অসমৰ বাহিৰত অবৈধভাৱে বিক্ৰী কৰা হৈছিল।

দুৰ্ভাগ্যজনকভাৱে, অসমৰ বন বিভাগৰ সৈতে সেই ৬১টা হাতী ঘূৰি অহাৰ কোনো নথি নাই।

আৰু হাতীসমূহৰ বৰ্তমান অৱস্থান আৰু স্বাস্থ্য সম্পৰ্কে বেছিভাগ ক্ষেত্ৰতেই বন বিষয়াসকল অজ্ঞ।

তথ্য মতে, ২০০৯ চনত ১৫টাকৈ হাতী অসমৰ বাহিৰলৈ পঠোৱা হৈছিল। একেদৰে, ২০১৪ চনত ৰাজ্যৰ বাহিৰলৈ ২০টা হাতী পৰিবহণ কৰা হৈছিল।